১২ টা ভাষাত লিখা হ'ব স্নাতকৰ কিতাপঃ UGC য়ে সন্ধান কৰি আছে ইচ্ছুক, যোগ্য লেখকৰ

১২ টা ভাষাত লিখা হ'ব স্নাতকৰ কিতাপঃ UGC য়ে সন্ধান কৰি আছে ইচ্ছুক, যোগ্য লেখকৰ

ডিজিটেল ডেস্কঃ ১২ টা ভাষাত উপলব্ধ হব স্নাতক বৰ্ষৰ পাঠ্যক্ৰম। ইয়াৰ বাবে বিশেষ ব্যৱস্থা হাতত লৈছে ইউজিচিয়ে। বিচাৰি আছে পাঠ্যপুঠি লিখাৰ বাবে উপযুক্ত লিখক।

ভাৰতত ব্যৱহাৰ হোৱা বিভিন্ন ভাষাৰ ওপৰত গুৰুত্ব প্ৰদান কৰি বিশ্ববিদ্যালয় অনুদান আয়োগ(ইউজিচি)য়ে এক জাননী জাৰি কৰিছে। জাননী অনুসৰি স্নাতকৰ পাঠ্যক্ৰমত ব্যৱহাৰ হোৱা কিতাপবোৰ ভাৰতত ব্যৱহাৰ হোৱা ১২ টা ভিন্ন ভাষাত লিখা হ'ব। যাৰ বাবে ইউজিচিয়ে উচ্চ শিক্ষা সংস্থাৰ লেখকসকলক আমন্ত্ৰণ জনাইছে। আগ্ৰহী লেখকসকলে তেওঁলোকৰ তথ্য আয়োগলৈ প্ৰেৰণ কৰিব পাৰিব। ইয়াৰ বাবে প্ৰ পত্ৰ উপলব্ধ আছে। ইয়াৰ বাবে ৩০ জানুৱাৰী ২০২৪ লৈ সময় নিৰ্ধাৰণ কৰা হৈছে।

ইউজিচিৰ অধ্য়ক্ষ মমীডালা জগদেশ কুমাৰে কয় যে, ইউজিচিয়ে কলা, বাণিজ্য, বিজ্ঞান আৰু সামাজিক বিজ্ঞানৰ পাঠ্যক্ৰমৰ কিতাপসমূহ ১২ টা ভাষাত উপলদ্ধ কৰাৰ ওপৰত কাম কৰি আছে। আমি বিভিন্ন ৰাজ্যৰ নোডেল বিশ্ববিদ্যালয় চিনাক্ত কৰি আছো যিয়ে লেখকৰ দল গঠন কৰিব । সেই সকলেই ভাৰতীয় ভাষাত উচ্চ মানদণ্ডৰ পাঠ্যপুথি লিখিব।

লগতে তেওঁ কয় যে, এই প্ৰচেষ্টাবোৰে বিশ্ববিদ্যালয়সমূহৰ শিক্ষাৰ্থীসকলক ভাৰতীয় ভাষাৰ বিষয়ে শিকাৰ সুযোগ প্ৰদান কৰিব। এনইপি ২০২০ ৰ লক্ষ্যৰ প্ৰতি লক্ষ্য ৰাখি এই পদক্ষেপ লোৱা হৈছে। উল্লেখ্য যে,নতুন শিক্ষা নীতি অনুসৰি, চিবিএছই বোৰ্ডৰ শিক্ষা ২২ টা ভাষাত পৰিচালনা কৰা হ'ব।

১২ টা ভাষাত লিখা হ'ব স্নাতকৰ কিতাপঃ UGC য়ে সন্ধান কৰি আছে ইচ্ছুক, যোগ্য লেখকৰ
প্ৰেমৰ বাবে হৈছিল যৌন সম্পৰ্কঃ কিশোৰী ধৰ্ষণৰ অভিযুক্তক জামিন ন্যায়ালয়ৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in