ট্ৰেকিঙৰ সময়তে অঘটন! পাহাৰৰ পৰা বাগৰি মৃত্যু দুই যুৱক-যুৱতীৰ

পাহাৰ বগাই থাকোতে মৃত্যুক সাৱতি ল'লে দুই যুৱক-যুৱতীয়ে। হিমাচল প্ৰদেশত সংঘটিত হৈছে এই কৰুণ ঘটনা। ঘটনা সংঘটিত হোৱাৰ দুই দিন পিছত মঙলবাৰে উদ্ধাৰ হয় তেওঁলোকৰ মৃতদেহ।

author-image
Asomiya Pratidin
New Update
ট্ৰেকিঙৰ সময়তে অঘটন! পাহাৰৰ পৰা বাগৰি মৃত্যু দুই যুৱক-যুৱতীৰ

ডিজিটেল ডেস্কঃ পাহাৰ বগাই থাকোতে মৃত্যুক সাৱতি ল'লে দুই যুৱক-যুৱতীয়ে। হিমাচল প্ৰদেশত সংঘটিত হৈছে এই কৰুণ ঘটনা। ঘটনা সংঘটিত হোৱাৰ দুই দিন পিছত মঙলবাৰে উদ্ধাৰ হয় তেওঁলোকৰ মৃতদেহ। পাহাৰ বগাওতে তেওঁলোকৰ লগত যোৱা পোহনীয়া জাৰ্মান ছেফৰ্ড কুকুৰটোৱে ৪৮ ঘন্টা ধৰি মৃতদেহৰ ওচৰত ৰখি থাকে আৰু মানুহৰ সহায় বিচাৰি ভুকি থাকে।

Advertisment

মৃত দুজন পঞ্জাৱৰ পাঠানকোটৰ ৩০ বছৰীয়া অভিনন্দন গুপ্তা আৰু পুনেৰ ২৬ বছৰীয়া প্ৰণিতা ৱালা বুলি চিনাক্ত হৈছে। সন্দেহ কৰা হৈছে যে পাহৰৰ পৰা বাগৰি পৰাৰ ফলত তেওঁলোকৰ এই কৰুণ মৃত্যু হয়। অৱশ্যে মৰণোত্তৰ পৰীক্ষাৰ পাছতহে পোহৰলৈ আহিব মৃত্যুৰ প্ৰকৃত কাৰণ।

উল্লেখ্য যে, হিমাচল প্ৰদেশত ৫০০০ ফুট উচ্চতাস্থিত বীৰ বিলিং ট্ৰেকিঙৰ বাবে জনাজাত। এই স্থানত পেৰাগ্লাইডিঙো কৰা হয়। কাংৰা জিলাৰ আৰক্ষী অধীক্ষক বীৰ বাহাদুৰে জনোৱা অনুসৰি অভিনন্দন গুপ্তাই যোৱা চাৰি বছৰ ধৰি পেৰাগ্লাইডিং আৰু ট্ৰেকিং কাৰ্যকলাপৰ বাবে অঞ্চলটোত বাস কৰি আছে। প্ৰনিতাই কিছুদিন আগতে পুনেৰ পৰা আহিছিল ।

প্ৰাথমিক প্ৰতিবেদনত পোহৰলৈ আহিছে যে চাৰিজনলোকে চাৰিচকীয়া গাড়ীৰে গৈছিল ট্ৰেকিঙস্থলীলৈ। এই গ্ৰুপটোত দুগৰাকী মহিলাও আছিল। যি স্থানৰ পৰা গাড়ী নিব নোৱাৰি তাৰ পৰা চাৰিওজন খোজকাঢ়ি যাত্ৰা আৰম্ভ কৰিছিল। যেতিয়া বতৰ বেয়া হৈ আহিছিল তেতিয়া দুজনে তাৰ পৰা উভতি আহিছিল আৰু অন্যলোকৰ সহায়ত সুৰক্ষিতভাৱে ওলাই আহিছিল। কিন্তু অভিনন্দন আৰু যুৱতীগৰাকী ওপৰলৈ গৈছিল।

আৰক্ষীয়ে সন্দেহ কৰা অনুসৰি তেতিয়াই এই ঘটনা সংঘটিত হয়। যেতিয়া বহু দেৰিলৈ তেওঁলোক উভতি অহা নাছিল তেতিয়া অন্য বন্ধু দুজনে এজাহাৰ দাখিল কৰে আৰু পৰৱৰ্তী সময়ত তেওঁলোকৰ মৃতদেহ উদ্ধাৰ হয়। আৰক্ষীয়ে জনাই যে মৃতদেহ উদ্ধাৰৰ সময়ত মৃতদেহ দুটাৰ ওচৰত তেওঁলোকৰ পোহনীয়া কুকুৰটোৱে ভুকি আছিল।

Also Read: বিশ্বনাথৰ দুই বিধানসভা সমষ্টিৰ ফটোযুক্ত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ

himachal pradesh trekking