/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/7a0791fa-b76d-4b9d-b070-434e598dcabb/aerrr.jpg)
ডিজিটেল ডেস্কঃ সেনাৰ আক্ৰমণত নিহত দুই সন্ত্ৰাসবাদী। জম্মু আৰু কাশ্মীৰৰ মাচিল চেক্টৰত সন্ত্ৰাসবাদীয়ে প্ৰৱেশ কৰিব লওঁতেই সেনাই হত্যা কৰে দুজনক। চোৰাংচোৱাৰ পৰা লাভ কৰা এক তথ্যৰ ভিত্তিত সেনাই এই সন্ত্ৰাসবাদীৰ এই গতিবিধিৰ কথা গম পাইছিল।
১ মে'ত সেনাই লাভ কৰা তথ্যৰ ভিত্তিত উক্ত স্থানত পহৰা দি আছিল। নিৰন্তৰ বৰষুণ আৰু কুঁৱলী থকা স্বত্বেও সেনা জোৱানসকলে সেই ঠাইৰ পৰা আঁতৰি যোৱা নাছিল। তাৰ পাছতে ৩ মে'ত সন্ত্ৰাসবাদীসকলে ভাৰতীয় সীমান্তত প্ৰৱেশ কৰাৰ লগে লগে সেনা আৰু সন্ত্ৰাসবাদীৰ মাজত প্ৰচণ্ড গুলীয়াগুলী হয়। সেনাৰ গুলীত নিহত হয় দুই সন্ত্ৰাসবাদী লগতে জব্দ কৰে মাৰনাস্ত্ৰ।
/asomiyapratidin/media/agency_attachments/2025/10/28/2025-10-28t075720917z-untitled-2-1-2025-10-28-13-27-21.png)
Follow Us