মূলসূঁতিলৈ ঘূৰি অহা NLFB ৰ উপ-সভাপতিক বহিষ্কাৰ

এন এল এফ বি নামৰ সংগঠনটোৰ উপ-সভাপতি বি. বকো ওৰফে ভৱেন বসুমতাৰীক বহিষ্কাৰ কৰিছে সংগঠনটোৱে ।

author-image
Asomiya Pratidin
New Update
মূলসূঁতিলৈ ঘূৰি অহা NLFB ৰ উপ-সভাপতিক বহিষ্কাৰ

ডিজিটেল সংবাদ,কোকৰাঝাৰঃ ২০২১ চনৰ জুলাই মাহত যুদ্ধবিৰতিৰে মূলসূঁতিলৈ ঘূৰি অহা এন এল এফ বি নামৰ সংগঠনটোৰ উপ-সভাপতি বি. বকো ওৰফে ভৱেন বসুমতাৰীক বহিষ্কাৰ কৰিছে সংগঠনটোৱে । বুধবাৰে সংগঠনটোৱে প্ৰকাশ কৰা এক বিবৃতিত এনএলএফবি নামৰ সংগঠনটোৰ সভাপতি আই .বি বুংথিগৌৰাই কয় যে সাধাৰণ পৰিষদৰ সিদ্ধান্তমৰ্মে সংগঠনবিৰোধী কাৰ্যকলাপত লিপ্ত থকা বি. বকো ওৰফে ভৱেন বসুমতাৰীক কাৰণ দৰ্শোৱাৰ জাননি প্ৰেৰণ কৰা হৈছিল যদিও সেয়া উত্তৰ নিদিয়াত নিয়মানুসৰে সংগঠনটোৰ পৰা বহিষ্কাৰ কৰা হয় ।

Advertisment

এতিয়াৰে পৰা বি. বকো ওৰফে ভৱেন বসুমতাৰী সংগঠনটোৰ সতে কোনোপ্ৰকাৰে জড়িত নহয় আৰু তেওঁৰ কাৰ্যকলাপৰ বাবেও সংগঠনটো দায়ী নহব বুলি বিবৃতিত উল্লেখ কৰিছে এনএলএফবি নামৰ সংগঠনটোৰ সভাপতি আই .বি বুংথিগৌৰাই ।

Also Read: ই-টেক্সবুক মুকলিঃ এতিয়াৰে পৰা পি ডি এফৰ জৰিয়তে ডাউনল'ড কৰিব পাৰিব পাঠ্যপুথি