চি বি আইৰ গোচৰৰ পৰা মুক্তি দিয়াৰ নামত ধন দাবী কৰি গ্ৰেপ্তাৰ দুই বিষয়া...

চি বি আই আৰু ইডিত গোচৰ পঞ্জীয়নভুক্ত হৈ থকা এজন ব্যক্তিক এই গোচৰৰ পৰা মুক্তি দিয়াৰ নামত ধনবাদী কৰি চি বি আইৰ জালত পৰিছে দুই বিষয়া অনিল তানৱাৰ, ৰমেশ কুমাৰ। 

author-image
Tushar Pratim
New Update
চি বি আইৰ গোচৰৰ পৰা মুক্তি দিয়াৰ নামত ধন দাবী কৰি গ্ৰেপ্তাৰ দুই বিষয়া...

ডিজিটেল ডেস্কঃ চি বি আই আৰু ইডিত গোচৰ পঞ্জীয়নভুক্ত হৈ থকা এজন ব্যক্তিক এই গোচৰৰ পৰা মুক্তি দিয়াৰ নামত ধনবাদী কৰি দুজনকৈ বিষয়া চি বি আইৰ জালত পৰিছে। চি বি আইয়ে আটক কৰা এই দুই বিষয়া হৈছে ক্ৰমে চি বি আইৰ জ্যেষ্ঠ আইন বিষয়া অনিল তানৱাৰ, চি বি আই, বি এছ এণ্ড এফ বিৰ ইন্সপেক্টৰ ৰমেশ কুমাৰ। 

Advertisment

উল্লেখ্য যে, কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চি বি আইয়ে দুৰ্নীতি সম্পৰ্কীয় অভিযোগৰ ভিত্তিত কেইবাজন বিষয়া আৰু কৰ্মচাৰীৰ বিৰুদ্ধে নিয়মীয়া গোচৰ ৰুজু কৰিছে। ৮ এপ্ৰিল, ২০২৫ তাৰিখে ৰাজস্থানৰ বসৱৰাৰ ৰতী তলাই অঞ্চলৰ নিবাসী হিমাংশু নানাবাটীয়ে CBI, AC-III, নতুন দিল্লীত এক অভিযোগ দাখিল কৰে।

নানাবাটীৰ অভিযোগ অনুসৰি অৱনীশ কুমাৰ নামৰ লোকজনে নিজকে চি বি আইৰ বিষয়া হিচাপে চিনাকি দি CBI EO-III শাখাৰ অধীনত তেওঁৰ বিৰুদ্ধে ৰুজু হৈ থকা এটা গোচৰৰ পৰা ৰেহাই দিয়াৰ প্ৰলোভন দিয়ে। তাৰোপৰি অৱনীশ কুমাৰে অভিযোগকাৰী নানাবাটীক CBI-ৰ এগৰাকী জ্যেষ্ঠ আইন বিষয়া অনিল তানৱাৰৰ লগতো পৰিচয় কৰাই দিয়ে।

পৰৱৰ্তী সময়তে অনিল তানৱাৰে তেওঁৰ পৰা প্ৰথমে ৫০ লাখ টকা আৰু পাছত ৩৫ লাখ টকা দাবী কৰে। তাৰোপৰি অভিযোগকাৰী নানাবাটীক পৰৱৰ্তী সময়ত পুনৰ ৰমেশ কুমাৰ নামৰ আন এজন CBIৰ বিষয়া সৈতেও পৰিচয় কৰাই দিয়া হয়। এইগৰাকী বিষয়াও তেওঁৰ পৰা ১০ লাখ টকাৰ দাবী কৰে।

অভিযোগত অনুসৰি  বিত্ত মন্ত্ৰণালয়ৰ অন্তৰ্গত ৰাজস্ব বিভাগৰ বিষয়া জ্যোতিমন দেথানে তেওঁক পৃথক এটা গোচৰত ED  বিষয়াসকলক মেনেজ কৰাৰ বাবে ৫০,০০০ টকা দাবী কৰে। এনে গুৰুতৰ অভিযোগৰ ভিত্তিত চি বি আইয়ে AC-III শাখাৰ ইন্সপেক্টৰ জস্কৰণক গোপন অনুসন্ধানৰ দায়িত্ব দিয়ে।

৯ এপ্ৰিল, ২০২৫ তাৰিখে দাখিল কৰা অনুসন্ধান প্ৰতিবেদনত এই আটাইবোৰ অভিযোগ প্রাথমিকভাৱে সঁচা বুলি প্ৰতিপন্ন হয়। উল্লেখযোগ্য যে, অভিযোগ আৰু অনুসন্ধানৰ ভিত্তিত CBI-এ ভাৰতীয় ন্যায় সংহিতাৰ শাস্তিযোগ্য দণ্ডবিধিৰ ধাৰা ৬১(২) আৰু অসত আচৰণ প্ৰতিষেধ আইন, ১৯৮৮ (২০১৮ৰ সংশোধন)ৰ ধাৰা ৭, ৭ (এ) আৰু ১২ অনুসৰি নিম্নলিখিত অৱনীশ কুমাৰ, চি বি আইৰ জ্যেষ্ঠ আইন বিষয়া অনিল তানৱাৰ, চি বি আই, বি এছ এণ্ড এফ বিৰ ইন্সপেক্টৰ ৰমেশ কুমাৰ, বিত্তমন্ত্ৰণালয়ৰ কৰ্মচাৰী জ্যোতিমন দেথান আদিৰ বিৰুদ্ধে গোচৰ পঞ্জীয়ন কৰা হয়। 

 

দিল্লী ইডি চি বি আই