Advertisment

নিৰ্বাচনৰ ভোটগ্ৰহণৰ মাজতে নগদ ধনসহ দিল্লীৰ মুখ্যমন্ত্ৰীৰ দুই কৰ্মচাৰীক গ্ৰেপ্তাৰ

দিল্লী বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হোৱাৰ কেইটামান মুহূৰ্তৰ পাছতে নগদ ধনসহ আটক হ'ল মুখ্যমন্ত্ৰী আতিশীৰ কাৰ্যালয়ৰ দুই বিষয়া। দুয়োৰে পৰা জব্দ কৰা হৈছে নগদ ৫ লাখ টকা।

author-image
Asomiya Pratidin
New Update
দিল্লী বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হোৱাৰ কেইটামান মুহূৰ্তৰ পাছতে নগদ ধনসহ আটক হ'ল মুখ্যমন্ত্ৰী আতিশীৰ কাৰ্যালয়ৰ দুই বিষয়া। দুয়োৰে পৰা জব্দ কৰা হৈছে নগদ ৫ লাখ টকা।

ডিজিটেল ডেস্কঃ  দিল্লী বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হোৱাৰ কেইটামান মুহূৰ্তৰ পাছতে নগদ ধনসহ আটক হ'ল মুখ্যমন্ত্ৰী আতিশীৰ কাৰ্যালয়ৰ দুই বিষয়া। জানিব পৰা মতে আটক হোৱা এজন আতিশীৰ ব্যক্তিগত সহায়ক আৰু দ্বিতীয়জন তেওঁৰ গাড়ী চালক। 

Advertisment

নিৰ্বাচন আয়োগৰ পৰা প্ৰকাশ কৰা মতে গ্ৰেপ্তাৰ হোৱা দুই ব্যক্তিৰ পৰা নগদ ৫ লাখ টকা বাজেয়াপ্ত কৰা হৈছে। দিল্লী আৰক্ষীৰ অতিৰিক্ত আয়ুক্ত ৰবি কুমাৰ সিঙে জনাই যে, গৌৰৱ আৰু অজিত নামৰ দুজন কৰ্মচাৰীয়ে বিপুল পৰিমাণৰ নগদ ধনসহ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত থকাৰ খবৰ পোৱা গৈছিল। এই খবৰ পোৱাৰ পাছতে আৰক্ষীয়ে তালাচী চলাই আৰক্ষীয়ে টকাসহ গ্ৰেপ্তাৰ কৰে দুয়োজনকে।

দুই অভিযুক্তই এই টকা ভোটাৰক প্ৰভাৱিক কৰিবলৈ আনিছিল নেকি সেই সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে। ইফালে দিল্লীৰ মুখ্যমন্ত্ৰীয়ে আতিশীয়ে এই বিষয়ত দিল্লী আৰক্ষীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে।

তেওঁ কয়, দিল্লীত আম আদমি পাৰ্টিৰ কঁকাল ভাঙিবলৈ উঠিপৰি লাগিছে বিজেপি। দিল্লী আৰক্ষী, নিৰ্বাচন আয়োগসহ সকলো এজেঞ্চিকে আপৰ বিৰুদ্ধে মেলি দিয়া হৈছে। বিজেপি নেতা, কৰ্মী টকা লৈ দিল্লীত ঘূৰি আছে। তেওঁলোকৰ বিৰুদ্ধে আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। তেওঁলোকে আমাৰ বিৰুদ্ধে যিমানেই ষড়যন্ত্ৰ নকৰক কিয় দিল্লীত জনতা আপৰ সৈতে আছে। জনতাৰ শক্তিক তেওঁলোকে পৰাস্ত কৰিব নোৱাৰিব।

উল্লেখ্য যে, নিৰ্বাচনক লৈ দেশৰ ৰাজধানী গৰম হৈ পৰিছে। আৰম্ভণিৰে পৰা আপ, বিজেপি আৰু কংগ্ৰেছৰ বিৰুদ্ধে ভোটাৰক প্ৰভাৱিত কৰিবলৈ ধনৰ লেনদেনৰ অভিযোগ উত্থাপন হৈ আহিছে। নিৰ্বাচনী আচৰণ বিধি উলংঘনৰ অভিযোগত কেইবাজনো ৰাজনৈতিক নেতাৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছে।

নিৰ্বাচন আয়োগ নিৰ্বাচন আতিশী দিল্লী বিধানসভা