LOC ৰ কাষত পুনৰ ছহিদ হ'ল দুই ভাৰতীয় সেনাঃ হাস্পতালত জীৱন-মৃত্যুৰে যুঁজিছে এজনে...

জম্মু-কাশ্মীৰত পুনৰ দুই ভাৰতীয় জোৱানে হেৰুৱালে প্ৰাণ। জানিব পৰা মতে সন্ত্ৰাসবাদীয়ে মঙ্গলবাৰে এল অ’ চিৰ কাষত কৰা আই ই ডি বিস্ফোৰণৰ ফলত প্ৰথমে তিনিজন অতি গুৰুতৰভাৱে আহত হৈছিল।

author-image
Asomiya Pratidin
New Update
LOC ৰ কাষত পুনৰ ছহিদ হ'ল দুই ভাৰতীয় সেনাঃ হাস্পতালত জীৱন-মৃত্যুৰে যুঁজিছে এজনে...

ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰত পুনৰ দুই ভাৰতীয় জোৱানে হেৰুৱালে প্ৰাণ। জানিব পৰা মতে সন্ত্ৰাসবাদীয়ে মঙ্গলবাৰে এল অ চিৰ কাষত কৰা আই ই ডি বিস্ফোৰণৰ ফলত প্ৰথমে তিনিজন অতি গুৰুতৰভাৱে আহত হৈছিল।

Advertisment

ইয়াৰ পিছতে তেওঁলোকক হাস্পতালত ভৰ্তি কৰোৱা হয়। হাস্পতালত তেওঁলোকৰ মাজৰ ২ জনক ছহিদ ঘোষণা কৰা হয়। ইয়াৰে এগৰাকী বিষয়া আৰু আনগৰাকী জোৱান।  

ভাৰতীয় সেনাৰ ফালৰ পৰা জনোৱা অনুসৰি এই বিস্ফোৰণ এল অ চিৰ কাষৰ আখনুৰ চেক্টৰৰ লালেলীত সংঘটিত হয়। বিস্ফোৰণৰ পাছতে সমগ্ৰ অঞ্চলটো সেনাই আগুৰি ধৰিছে আৰু তালাচী অভিযান চলাইছে।

উল্লেখ্য যে, এদিন পূৰ্বেও পাকিস্তানৰ ফালৰ পৰা আক্ৰমণ সংঘটিত হৈছিল। সোমবাৰে কেৰী চেক্টৰত ভাৰতীয় সেনাৰ ওপৰত গুলী চালনা কৰাৰ পাছত আকৌ নৌছেৰা চেক্টৰত স্নাইপাৰৰ দ্বাৰা আক্ৰমণ সংঘটিত হৈছিল। এই আক্ৰমণত এজন জোৱান আহত হৈছিল। বৰ্তমান তেওঁৰ অৱস্থা সুস্থিৰ বুলি জানিব পৰা গৈছে।

ইয়াৰ পূৰ্বে আকৌ কেৰী চেক্টৰত নিয়ন্ত্ৰণ ৰেখাৰ কাষত বাৰতগালত ৮ ফেব্ৰুৱাৰীত পাকিস্তানী সেনাই ভাৰতীয় সেনাৰ ওপৰত গুলী চালনা কৰিছিল। ভাৰতীয় সেনায়ো প্ৰত্যুত্তৰ দিয়াত অৱশ্যে পাকিস্তানী সেনাই গুলী চলোৱা কাৰ্য বন্ধ কৰিছিল।

এই কেৰী চেক্টৰত যোৱা বছৰৰ ২ ছেপ্টেম্বৰতো অনুৰূপ ধৰণে গুলী চালনাৰ ঘটনা সংঘটিত হৈছিল। এই ঘটনাত সেনাৰ এগৰাকী জে চি অ ছহিদ হৈছিল।

 

ভাৰতীয় সেনা জম্মু কাশ্মীৰ বিস্ফোৰণ