দুই যমজ ভগ্নী বিয়াত বহিল এজন যুৱকৰ সৈতেঃ একেলগে পিন্ধালে বৰমালা...

দুই যমজ ভগ্নী বিয়াত বহিল এজন যুৱকৰ সৈতেঃ একেলগে পিন্ধালে বৰমালা...

author-image
Asomiya Pratidin
New Update
দুই যমজ ভগ্নী বিয়াত বহিল এজন যুৱকৰ সৈতেঃ একেলগে পিন্ধালে বৰমালা...

দুই যমজ ভগ্নী বিয়াত বহিল এজন যুৱকৰ সৈতেঃ একেলগে পিন্ধালে বৰমালা...

ডিজিটেল ডেস্কঃ যমজ সন্তানক লৈ বিভিন্ন সময়ত বিভিন্ন চৰ্চা হয়। যমজ সন্তানক লৈ প্ৰচলিত আছে বিভিন্ন কাহিনী। সঁচা, মিছা এনে বহু কাহিনীয়ে প্ৰায়েই শুনিবলৈ পাই সাধাৰণ লোকে।

যমজ সন্তানলৈ মানুহৰ মাজত আছে বিভিন্ন ধাৰণা। বিশেষকৈ তেওঁলোকৰ কিছুমান কৰ্মকাণ্ডই কেতিয়াবা এনে ধাৰণা গঢ় লৈ উঠাত অৰহিণা আগবঢ়াইছে।

তেনে এক ঘটনাই সংঘটিত হ'ল মহাৰাষ্ট্ৰৰ পুনেত। দুই যমজ কন্যাই এজন যুৱকৰ লগতেই একেসময়তে বিবাহপাশত আৱদ্ধ হোৱা ঘটনাই এতিয়া দেশজুৰি চৰ্চা লাভ কৰিছে।

প্ৰকাশিত খবৰ অনুসৰি মুম্বাইৰ তথ্য প্ৰযুক্তি অভিযন্তা যমজ ভগ্নীয়ে শুকুৰবাৰে মহাৰাষ্ট্ৰৰ চোলাপুৰ জিলাৰ এজন যুৱকৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছে। আশ্চৰ্যজনক ভাৱে এই বিবাহত সন্মতি প্ৰদান কৰিছে যমজ কইনা দুগৰাকীৰ পিতৃ-মাতৃ আৰু দুই কইনাৰ পাণি গ্ৰহণ কৰা দৰাৰ পৰিয়ালেও।

চৰ্চালৈ অহা এই দুই যমজ কইনাৰ নাম পিংকী আৰু ৰিংকী। দুয়োৱে মুম্বাইৰ এটা আইটি প্ৰতিষ্ঠানত অভিযন্তা হিচাপে কৰ্মৰত হৈ আছে। তেওঁলোক দুয়োৱে বিবাহপাশত আৱদ্ধ হোৱা যুৱকজনৰ নাম অতুল।

খবৰ অনুসৰি শৈশৱৰ পৰাই একেলগে, একেধৰণে ডাঙৰ হোৱা পিংকী আৰু ৰিংকী দেখিবলৈ একেই। দুয়োৱে সেয়ে একেজন যুৱকৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱাৰ সিদ্ধান্ত লৈছিল।

কিছুদিন পূৰ্বে পিংকী আৰু ৰিংকীৰ পিতৃৰ বিয়োগ হৈছে। ইয়াৰ পিছত তেওঁলোকে দুয়োৱে নিজ মাতৃৰ সৈতে বাস কৰি আহিছিল। দৰা অতুলৰ সৈতে তেওঁলোকৰ পূৰ্বৰে পৰা আছিল চিনাকী। বিভিন্ন সময়ত অতুলে পিংকী আৰু ৰিংকীক বিভিন্ন ধৰণে সহায় কৰি অহাৰ লগতে পিতৃহীন ঘৰখনক চোৱাচিতাও কৰিছিল।

ক্লিক কৰি পঢ়কঃ ড্ৰাগছ, সুৰাৰ পৰা কিদৰে দূৰত ৰাখিব সন্তানক ক'লে মুখ্যমন্ত্ৰীয়ে...

Twin sisters marriage যমজ ভগ্নীৰ বিয়া