পথ এৰি নিদিয়াৰ বাবেই তিনিজনক গুলীয়াই হত্যা...

ট্ৰেক্টৰ চালকৰ গুলীত নিহত হ’ল এগৰাকী কৃষক নেতাসহ মুঠ তিনিজন। এই খবৰ বিয়পি পৰাৰ লগে লগে সমগ্ৰ দেশতে সৃষ্টি হৈছে চাঞ্চল্য। জানিব পৰা মতে ঘটনাৰ আঁৰৰ কাৰণ তেনেই সাধাৰণ।

author-image
Tushar Pratim
New Update
পথ এৰি নিদিয়াৰ বাবেই তিনিজনক গুলীয়াই হত্যা...

ডিজিটেল ডেস্কঃ মঙলবাৰে পুৱাই ট্ৰেক্টৰ চালকৰ গুলীত নিহত হ’ল এগৰাকী কৃষক নেতাসহ মুঠ তিনিজন। এই খবৰ বিয়পি পৰাৰ লগে লগে সমগ্ৰ দেশতে সৃষ্টি হৈছে চাঞ্চল্য। জানিব পৰা মতে ঘটনাৰ আঁৰৰ কাৰণ তেনেই সাধাৰণ।

Advertisment

পুৱা এখন বাইকত তিনিগৰাকীয়ে ব্যক্তিয়ে এটা পথেৰে গৈ থকাৰ সময়তে আহে এখন ট্ৰেক্টৰ। সেই ট্ৰেক্টৰক পথ এৰি নিদিয়াৰ বাবেই খৰ্গহস্তহৈ ট্ৰেক্টৰ চালকগৰাকীয়ে গুলীয়াই হত্যা কৰে বাইক চালকগৰাকীৰ লগতে দুই আৰোহীক।

নিহত বাইক চালকগৰাকী কৃষক নেতা পাপ্পু সিং। তাৰোপৰি ট্ৰেক্টৰ চালকগৰাকীৰ গুলীত নিহত হৈছে পাপ্পু সিঙৰ পুত্ৰ অভয় সিং আৰু পাপ্পুৰ ভাতৃ ৰিংকু সিং। এই ঘটনাৰ পাছতে আকৌ সমগ্ৰ ঘটনাই ৰাজনৈতিক গতিও লাভ কৰিছে। কিয়নো এই ত্ৰিপল মাৰ্ডাৰ কেচৰ সৈতে স্থানীয় পঞ্চায়তৰ প্ৰাক্তন মুৰব্বীগৰাকী জড়িত হৈ আছে।

ঘটনাৰ প্ৰাৰম্ভিক খবৰ অনুসৰি এই চাঞ্চল্যকৰ ঘটনা মঙলবাৰে পুৱা ফাতেহপুৰৰ হাটগাম থানা এলেকাৰ তাহিৰাপুৰ ছেক্সনৰ সমীপত সংঘটিত হয়। ঘটনাৰ বিৱৰণ অনুসৰি পাপ্পু সিঙে তেওঁৰ ভাতৃ আৰু পুত্ৰৰ সৈতে বাইকেৰে ক’ৰবালৈ গৈ আছিল। সেই সময়তে স্থানীয় পঞ্চায়তৰ প্ৰাক্তন মুৰব্বী মন্নু সিং আৰু তেওঁৰ সহযোগীসকলে একেটা পথৰে এখন ট্ৰেক্টৰত যাত্ৰা কৰিছিল।

অভিযোগ অনুসৰি, ট্ৰেক্টৰখনক পাপ্পুৰ বাইকখনে পথ এৰি দিয়া নাছিল। ফলত দুয়ো পক্ষৰ মাজত কাজিয়াৰ সূত্ৰপাত হয়। তাৰ মাজতে মন্নু সিঙে হঠাতে বন্দুক উলিয়াই বাইক চালক পাপ্পু সিং আৰু তেওঁৰ সৈতে থকা ভাতৃ, পুত্ৰৰ ওপৰত নিৰ্বিচাৰে গুলীচালনা কৰে। ফলত থিতাতে মৃত্যু হয় তিনিওজন লোকৰ।

ঘটনা পোহৰলৈ অহাৰ লগে লগে ক্ষোভিত হৈ পৰে স্থানীয় ৰাইজ। আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰিবলৈ অহাত অভিযুক্ত মন্নু আৰু তেওঁৰ সহযোগীসকলক গ্ৰেপ্তাৰ কৰাৰ দাবীত গাঁওবাসীয়ে প্ৰতিবাদ সাব্যস্ত কৰে। ঘটনাস্থলীত ব্যাপক ক্ষোভৰ সন্মুখীন হয় আৰক্ষী।

ইফালে স্থানীয় সংবাদ মাধ্যমে প্ৰকাশ কৰা খবৰ অনুসৰি বৰ্তমান সেই অঞ্চলৰ পঞ্চায়ত মুৰব্বী পাপ্পু সিঙৰ মাতৃ ৰামদুৰালি সিং। এই পৰিয়ালটোৰ সৈতে মন্নু সিঙৰ পৰিয়ালৰ মাজত বিবাদ দীৰ্ঘদিন ধৰি চলি আহিছে। মঙলবাৰে পুৱা ৰাজপথত হোৱা কাজিয়াৰ সময়তে পুৰণি বিবাদৰ প্ৰসংগ টানি আনি মন্নুৱে এই আক্ৰমণ সংঘটিত কৰে।

এই হত্যাকাণ্ডৰ সৈতে জড়িত মন্নু সিংসহ মুঠ তিনিজনক পৰৱৰ্তী সময়ত গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। গাঁওখনত যাতে অধিক অশান্তিৰ সৃষ্টি নহয়, পৰিস্থিতি নিয়ন্ত্ৰণত ৰাখিব পাৰি তাৰ বাবে ফতেহপুৰৰ আৰক্ষী অধীক্ষক আৰু কাষৰীয়া কেইবাখনো থানাৰ আৰক্ষী বাহিনী অঞ্চলটোত উপস্থিত আছে। তাৰোপৰি অঞ্চলটোত আৰক্ষীৰ অস্থায়ী শিবিৰ স্থাপন কৰি সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে। 

উত্তৰ প্ৰদেশ