আদিবাসী সশক্তিকৰণৰ বাবে ৰিলায়েন্স ৰিটেইল, HCL ফাউণ্ডেচন, টোৰাজামেলোৰ সৈতে চুক্তি...

TRIFED-এ আদিবাসী উন্নয়নৰ বাবে গ্ৰহণ কৰি অহা দূৰদৰ্শী পদক্ষেপৰ অংশ হিচাপে ৰিলায়েন্স ৰিটেইল, HCL ফাউণ্ডেচন আৰু ইণ্ডোনেছিয়াৰ টোৰাজামেলোৰ সৈতে অংশীদাৰিত্ব স্থাপন কৰিছে।

author-image
Asomiya Pratidin
New Update
আদিবাসী সশক্তিকৰণৰ বাবে  ৰিলায়েন্স ৰিটেইল, HCL ফাউণ্ডেচন, টোৰাজামেলোৰ সৈতে চুক্তি...

ডিজিটেল ডেস্কঃ TRIFED-এ আদিবাসী উন্নয়নৰ বাবে গ্ৰহণ কৰি অহা বিভিন্ন দূৰদৰ্শী পদক্ষেপৰ অংশ হিচাপে ৰিলায়েন্স ৰিটেইল, HCL ফাউণ্ডেচন আৰু ইণ্ডোনেছিয়াৰ টোৰাজামেলোৰ সৈতে অংশীদাৰিত্ব স্থাপন কৰিছে। এই উদ্যোগে ভাৰতৰ গ্ৰাম্য অঞ্চলৰ লাখ লাখ আদিবাসীক মূলসুঁতিৰ সৈতে একত্ৰিত কৰাত সহায় কৰিব বুলি আশা কৰা হৈছে।

১৯ ফেব্ৰুৱাৰীত নতুন দিল্লীৰ মেজৰ ধ্যানচন্দ নেচনেল ষ্টেডিয়ামত অনুষ্ঠিত ‘আদি মহোৎসৱ’-ত এই বিশেষ অংশীদাৰিত্বৰ বাবে চুক্তিত (MoU) স্বাক্ষৰ কৰা হয়। TRIFED ৰ প্ৰবন্ধকে ৰিলায়েন্স ৰিটেইলৰ ছিনিয়ৰ ভাইছ প্রেসিডেন্ট প্ৰদীপ ৰামচন্দ্ৰন, HCL ফাউণ্ডেচনৰ গ্লোবেল CSR মুৰব্বী ড০ নিধি পুণ্ডীৰ আৰু টোৰাজামেলোৰ CEO অপৰ্ণা ছাক্সেনা ভাটনাগৰৰ সৈতে MoU ত চুক্তি কৰে। এই অনুষ্ঠানত TRIFEDৰ মেনেজিং ডাইৰেক্টৰ আশীষ চট্টোপাধ্যায়ো উপস্থিত থাকে।

ৰিলায়েন্স ৰিটেইলৰ সৈতে স্বাক্ষৰিত MoU-ৰ উদ্দেশ্য হৈছে আদিবাসীসকলৰ দ্বাৰা উৎপাদিত সামগ্ৰী বৃহৎ পৰিমাণত যোগান ধৰাৰ লগতে সৰবৰাহ ব্যৱস্থাপনাৰ আধুনিকীকৰণ, ব্ৰেণ্ডিং আৰু প্ৰচাৰৰ ব্যৱস্থা কৰা। চুক্তি অনুসৰি HCL ফাউণ্ডেচনে আদিবাসী শিল্পীসকললৈ দীঘলীয়া সময়ৰ বাবে সহযোগিতা আগবঢ়াই উন্নত প্ৰশিক্ষণ, সামগ্ৰী পৰিবৃদ্ধি আৰু বজাৰ প্ৰসাৰৰ ব্যৱস্থা কৰিব।

টোৰাজামেলোৰ সহযোগিতাৰ জৰিয়তে ভাৰতীয় আদিবাসী সামগ্ৰীৰ ইণ্ডোনেছিয়াত বজাৰ উন্নয়নৰ সম্ভাৱনা বৃদ্ধিৰ আশা কৰা হৈছে। এই অংশীদাৰিত্বৰ জৰিয়তে দুয়োখন দেশৰ শিল্পীসকলৰ মাজত সাংস্কৃতিক বিনিময়ৰো এক অনন্য সুযোগ সৃষ্টি হ'ব।

যোৱা১৬ ফেব্ৰুৱাৰীত ভাৰতৰ ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুৱে আদি মহোৎসৱৰ উদ্বোধন কৰিছিল। এই অনুষ্ঠানত কেন্দ্ৰীয় আদিবাসী বিষয়ক মন্ত্ৰী জুৱেল ওৰাম, ৰাজ্যিক মন্ত্ৰী দুর্গাদাস ঊইকেই, নতুন দিল্লীৰ সাংসদ বংসুৰী স্বৰাজ আৰু অন্যান্য ব্যক্তিসকল উপস্থিত থাকে।

ট্ৰাইফেড হৈছে কেন্দ্ৰীয় আদিবাসী বিষয়ক মন্ত্ৰণালয়ৰ অধীনস্থ সংস্থা। যি আদিবাসী উৎপাদনৰ বজাৰ বিকাশৰ জৰিয়তে আদিবাসী সমাজৰ সামগ্রিক উন্নয়ন সাধন কৰিবলৈ যত্ন কৰে। এই নতুন উদ্যোগসমূহৰ জৰিয়তে ট্ৰাইফেডে আদিবাসী সমাজৰ আৰ্থ-সামাজিক উন্নয়নৰ দিশত নতুন অধ্যায় ৰচনা কৰিছে।

কেন্দ্ৰীয় চৰকাৰ নতুন দিল্লী