/asomiyapratidin/media/media_files/2025/05/17/JZgx5hiJK4j9ZbjQYQF0.jpg)
ডিজিটেল ডেস্কঃ পাকিস্তানৰ হৈ স্বদেশত চোৰাংচোৱা কৰাৰ অপৰাধত এগৰাকী ট্ৰেভেল ব্ল’গৰাকে ধৰি ছয় ভাৰতীয় গ্ৰেপ্তাৰ হোৱাৰ খবৰে দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। হাৰিয়ানা, পঞ্জাৱত বিস্তৃত হৈ থকা পাকিস্তানৰ এই চোৰাংচোৱা নেটৱৰ্ক উৎখাত কৰাৰ পিছতে বহু স্পৰ্শকাতৰ বিষয় পোহৰলৈ আহিছে।
পাকিস্তানৰ হৈ নিজৰ দেশতে চোৰাংচোৱাগিৰি কৰা এই দেশদ্ৰোহীৰ তালিকাত আছে হাৰিয়ানৰ ট্ৰেভেল ব্ল’গাৰ তথা ‘ট্ৰেভেল উইথ জো’ নামৰ ইউটিউব চেনেলৰ গৰাকী জ্যোতি মালহোত্ৰা। জানিব পৰা মতে জ্যোতিয়ে ২০২৩ চনত কমিছন এজেণ্টৰ জৰিয়তে ভিছা লাভ কৰাৰ পিছত পাকিস্তান ভ্ৰমণ কৰিছিল।
ভ্ৰমণৰ সময়ত নতুন দিল্লীত পাকিস্তান উচ্চায়ুক্তৰ কৰ্মচাৰী এহছান-উৰ-ৰহিম ওৰফে ডেনিছৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক গঢ়ি তুলিছিল জ্যোতিয়ে। উল্লেখ্য যে, ভাৰত চৰকাৰে পাৰ্ছ’না নন গ্ৰেটা ঘোষণা কৰি ২০২৫ চনৰ ১৩ মে’ত বহিষ্কাৰ কৰিছিল ডেনিছ নামৰ কৰ্মচাৰীগৰাকীক। এই ডেনিছেই জ্যোতিক একাধিক পাকিস্তানী চোৰাংচোৱা অপাৰেটিভ (পি আই অ’)ৰ সৈতে চিনাকি কৰাই দিয়াৰ অভিযোগ উঠিছে।
হোৱাটছএপ, টেলিগ্ৰাম, স্নেপচ্যাটৰ দৰে প্লেটফৰ্মত জ্যোতিয়ে সেই চোৰাংচোৱা অপাৰেটিভৰ সৈতে যোগাযোগ ৰাখিছিল। য’ত আছিল ছাকিৰ ওৰফে ৰানা শ্বাহবাজো। যাৰ নম্বৰ তেওঁ “জাট ৰান্ধৱা” হিচাপে ছেভ কৰি ৰাখিছিল।
অভিযোগ অনুসৰি তেওঁ ভাৰতীয় বিভিন্ন স্থান সম্পৰ্কীয় স্পৰ্শকাতৰ তথ্য তেওঁলোকৰ সৈতে শ্বেয়াৰ কৰিছিল আৰু ছ’চিয়েল মিডিয়াত পাকিস্তানৰ ইতিবাচক ভাবমূৰ্তি গঢ়ি তুলিবলৈ সক্ৰিয়তাৰে কাম কৰি আহিছিল।তদন্তকাৰীয়ে সংবাদ মাধ্যমৰ আগত জনোৱা মতে, জ্যোতিয়ে এজন পাকিস্তানী চোৰাংচোৱা অপাৰেটিভৰ সৈতে অন্তৰংগ সম্পৰ্ক স্থাপন কৰিছিল। আনকি তেওঁৰ সৈতে ইণ্ডোনেছিয়াৰ বালিলৈও গৈছিল।
জ্যোতিৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতাৰ ১৫২ নং ধাৰা আৰু চৰকাৰী গোপনীয়তা আইন, ১৯২৩ৰ ৩, ৪, আৰু ৫ নং ধাৰাত গোচৰ ৰুজু কৰা হৈছে। জ্যোতিৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ এই গোচৰ হিছাৰৰ অৰ্থনৈতিক অপৰাধ শাখালৈ হস্তান্তৰ কৰা হৈছে।
জ্যোতিৰ উপৰিও দেশ বিৰোধী আন এগৰাকী অভিযুক্ত হৈছে পঞ্জাৱৰ মালেৰকোটলাৰ ৩২ বছৰীয়া বিধৱা মহিলা গুজালা। ২০২৫ চনৰ ২৭ ফেব্ৰুৱাৰীত গুজালাই নতুন দিল্লীত থকা পাকিস্তান উচ্চায়ুক্তত ভিছাৰ বাবে আৱেদন কৰিছিল।
তাতে তেওঁ ডেনিছক লগ পাই নিয়মীয়াকৈ কথা পাতি আহিছিল। তাৰ পিছতেই ডেনিছে তেওঁক হোৱাটছএপৰ পৰিবৰ্তে টেলিগ্ৰামৰ মাধ্যমেৰে কথা পাতিবলৈ পৰামৰ্শ দিয়ে। এই কথাও বুজাই দিয়ে যে, হোৱাটছএপতকৈ টেলিগ্ৰামলৈ অধিক নিৰাপদ।
বিবাহৰ প্ৰতিশ্ৰুতিৰে ডেনিছে গুজালাৰ সৈতে সম্পৰ্ক ৰক্ষা কৰিছিল আৰু ভিডিঅ’ কলৰ জৰিয়তে অন্তৰংগ সময় অতিবাহিত কৰিছিল। তাৰোপৰি ডেনিছে গুজালালৈ নিয়মীয়াকৈ ধন যোগান ধৰিছিল।
জানিব পৰা মতে পেমেণ্ট এপ ফোনপেৰ জৰিয়তে ডেনিছে গুজালালৈ ৭ মাৰ্চত ১০ হাজাৰ টকা আৰু ২৩ মাৰ্চত আন এটা পেমেণ্ট এপ গুগল পে’ৰ জৰিয়তে ২০ হাজাৰ টকা পঠিয়াইছিল। পিছত ডেনিছে তেওঁক ১০ হাজাৰ টকা আন এগৰাকী ব্যক্তিলৈ প্ৰেৰণ কৰিবলৈ কয়।
২৩ এপ্ৰিলত গুজালাই পুনৰ পাকিস্তান উচ্চায়ুক্ত কাৰ্যালয়লৈ আহিছিল আৰু লগত লৈ আহিছিল বান্ধৱী বানু নাছৰীনা নামৰ মালেৰকোটলাৰ আন এগৰাকী বিধৱা মহিলাক। ডেনিছে তেওঁকো পাকিস্তানৰ ভিছাৰ ব্যৱস্থা কৰি দিছিল।
এই গোচৰত গ্ৰেপ্তাৰ হোৱা আনসকলৰ ভিতৰত আছে মালেৰকোটলাৰ ইয়ামিন মহম্মদ, যিয়ে ডেনিছৰ সৈতে বিত্তীয় লেনদেন আৰু ভিছা সম্পৰ্কীয় কাম-কাজত সহযোগিতা কৰিছিল। হাৰিয়ানাৰ কাইথালৰ পৰা পাকিস্তানলৈ তীৰ্থযাত্ৰা কৰা শিখ ছাত্ৰ দেৱীন্দৰ সিং ধিলন, আৰ্মান নামৰ দুগৰাকীও আছে পাকিস্তানৰ হৈ চোৰাংচোৱা কৰাৰ তালিকাত।
গোচৰটোৰ সন্দৰ্ভত তদন্তকাৰী বিষয়াই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে এই গোচৰটো বৃহত্তৰ চোৰাংচোৱা অভিযানৰ অংশ। এই অভিযানৰ জৰিয়তে ধৰ্মীয় আৰু সামাজিক পটভূমিৰ দুৰ্বল ব্যক্তিসকলক আৱেগিক সংযোগ, আৰ্থিক উপহাৰ, বিবাহৰ ভুৱা প্ৰতিশ্ৰুতিৰ জৰিয়তে জালত পেলোৱা হৈছিল। ইতিমধ্যে অভিযুক্তসকলে নিজৰ ভূমিকা স্বীকাৰ কৰিছে।