মহিলা যাত্ৰীৰ শৰীৰত প্ৰস্ৰাৱ ৰেল কৰ্মচাৰীৰ

দেশবাসীৰ ওচৰত ৰেল বিভাগৰ কৰ্মচাৰীয়ে লজ্জানত কৰিলে ভাৰতীয় ৰেল সেৱাক

author-image
Asomiya Pratidin
New Update
মহিলা যাত্ৰীৰ শৰীৰত প্ৰস্ৰাৱ ৰেল কৰ্মচাৰীৰ

ডিজিটেল ডেস্কঃ যি দেশত নাৰীক মাতৃ জ্ঞান কৰা হয় সেই দেশতে নাৰীৰ মূৰত কৰিলে প্ৰস্ৰাৱ। দেশবাসীৰ ওচৰত ৰেল বিভাগৰ কৰ্মচাৰীয়ে লজ্জানত কৰিলে ভাৰতীয় ৰেল সেৱাক।

Advertisment

এই ঘটনা সংঘটিত হৈছে অমৃতসৰ-কলকতা অভিমুখী এখন ৰে’লত। মহিলা যাত্ৰীৰ ওপৰত প্ৰস্ৰাৱ কৰি বহিষ্কৃত হৈছে ৰে’ল কৰ্মচাৰী ৷ এনে লজ্জাজনক ঘটনাৰ বাতৰি পোহৰলৈ অহাৰ লগে লগেই ৰে'লমন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ নিৰ্দেশত বহিষ্কৃত হৈছে অভিযুক্ত টি টি মুন্না কুমাৰ ৷

উল্লেখ্য যে, অভিযোগ অনুসৰি মুন্নাই সুৰাসক্ত অৱস্থাত প্ৰস্ৰাৱ কৰিছিল এগৰাকী মহিলা যাত্ৰীৰ শৰীৰত ৷ এই ঘটনা সংঘটিত হৈছিল অমৃতসৰৰ পৰা কলকাতালৈ যোৱা এখন এক্সপ্ৰেছত য'ত ভুক্তভোগী যাত্ৰীগৰাকী আৰু তেওঁৰ স্বামীয়ে যাত্ৰা কৰিছিল ।

এই ঘটনা সংঘটিত হয় ১২ মাৰ্চ, দেওবাৰে নিশা প্ৰায় ১২ বজাত । সমগ্ৰ ঘটনা পোহৰলৈ অহাৰ পিছতেই লক্ষ্ণৌ জি আৰ পিয়ে অভিযুক্ত টিটিই মুন্না কুমাৰক গ্ৰেপ্তাৰ কৰে ৷

Also Read: মাত্ৰ ৯০ ছেকেণ্ডঃ গৰ্ভতে শিশুৰ হৃদযন্ত্ৰৰ অস্ত্ৰোপচাৰ কৰি সফলতা লাভ চিকিৎসকৰ

indian railways crime