আজি ভাৰতৰ ৭৭ সংখ্যক স্বাধীনতা দিৱস

আজি ভাৰতৰ ৭৭ সংখ্যক স্বাধীনতা দিৱস

author-image
Asomiya Pratidin
New Update
আজি ভাৰতৰ ৭৭ সংখ্যক স্বাধীনতা দিৱস

ডিজিটেল ডেস্ক : আজি ভাৰতৰ ৭৭ সংখ্যক স্বাধীনতা দিৱস। দেশৰ সৰ্বত্ৰ উৰিব ৰাষ্ট্ৰীয় পতাকা। লালকিল্লাত দশমবাৰৰ বাবে ত্ৰিৰংগা উৰুৱাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।

পতাকা উত্তোলন আৰু ছেলুটৰ লগে লগে আৰম্ভ হ'ব ৰাষ্ট্ৰীয় সংগীত 'জন গণ মন...'। ২০২১ চনত প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰা 'আজাদী কি অমৃত মহোৎসৱ'ৰ অংশ হিচাপে এইবাৰৰ স্বাধীনতা দিৱস বহুকেইটা দিশৰ পৰা ব্যতিক্ৰম হ'ব।

স্বাধীনতা দিৱস উপলক্ষে দেশৰ বিভিন্ন প্ৰান্তৰ লোকৰ অংশগ্ৰহণেৰে 'জন ভাগিদাৰী' কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিছে। সেয়ে লালকিল্লাৰ অনুষ্ঠানলৈ দেশৰ বিভিন্ন স্তৰৰ ১,৮০০ বিশেষ অতিথিক আমন্ত্ৰণ কৰা হৈছে।

ইফালে স্বাধীনতা দিৱস উপলক্ষে অসমতো ব্যাপক আয়োজন কৰা হৈছে। খানাপাৰাত ত্ৰিৰংগা উৰুৱাব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। ইতিমধ্যে সম্পূৰ্ণ সাজু হৈ উঠিছে খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰ। অভেদ্য দুৰ্গলৈ পৰিণত হৈছে খানাপাৰা খেলপথাৰ। একেদৰে অসমৰ বিভিন্ন জিলাত মন্ত্ৰীসভাৰ সদস্যসকলে পতাকা উত্তোলন কৰিব।

Also Read: ঢকুৱাখনাত "মোৰ মাটি, মোৰ দেশ" উদযাপন...

independence day