আপ এৰি বিজেপিলৈ যোৱা দিল্লীৰ কাউন্সিলৰ পুনৰ ঘূৰিল দললৈ...

মনিষ চিছোদিয়াৰ হাতত ধৰি দললৈ প্ৰত্যাবৰ্তন ৰাম চান্দেৰ
আপ এৰি বিজেপিলৈ যোৱা দিল্লীৰ কাউন্সিলৰ পুনৰ ঘূৰিল দললৈ...
আপ এৰি বিজেপিলৈ যোৱা দিল্লীৰ কাউন্সিলৰ পুনৰ ঘূৰিল দললৈ...
Published on
Updated on

ডিজিটেল ডেস্কঃ নানান সমস্যাৰে ভাৰাক্ৰান্ত দেশৰ জনতাই প্ৰাণখুলি হাঁহিবলৈ সুযোগৰ সন্ধানত থকাৰ সময়তে একাংশ ৰাজনৈতিক নেতাই মাজে মধ্য সেই সুযোগ দি আহিছে। জনপ্ৰতিনিধি হিচাপে সংসদলৈ, বিধানসভালৈ নিৰ্বাচিত হৈ যোৱা এই ৰাজনৈতিক নেতাসকলে জনতাৰ হকৰ বাবে কাম কৰাৰ পৰিবৰ্তে দলীয় আৰু ব্যক্তিগত লাভালাভৰ দিশটোক হে প্ৰাধান্য দি কাম কৰি আহিছে।

এনে সুযোগ সন্ধানী ৰাজনৈতিক নেতাই সময়ে সময়ে নিশাৰ ভিতৰতে দলীয় আদৰ্শ, দৃষ্টি ভংগী অথবা জনতাৰ আস্থাক জলাঞ্জলি দি ৰাজনৈতিক চোং সলোৱাৰ উদাহৰণ বহু আছে। এইসকল নেতাই পৰৱৰ্তী সময়ত সপোনত আহি প্ৰয়াত মাতৃ, পিতৃয়ে দিয়া পৰামৰ্শ অনুসৰিয়েই দল, ৰাজনৈতিক স্থিতি সলনি কৰাৰ কথা দোহাৰাৰ উদাহৰণো কম নহয়।

অসমত প্ৰায় স্বাভাৱিক হৈ পৰা এনে ঘটনা এইবাৰ দিল্লীত প্ৰথমবাৰৰ বাবে পৰিলক্ষিত হ'ল। অৱশ্যে দল সলনি কৰা এই নেতাক তেওঁৰ পিতৃ, মাতৃয়ে সপোনত আহি পৰামৰ্শ দিয়া নাই, তেওঁক সপোনত আহি পৰামৰ্শ দিলে তিহাৰ কাৰাগাৰত বন্দী হৈ থকা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালেহে।

মাত্ৰ ৪ টা দিনৰ পূৰ্বে বিজেপিত যোগদান কৰিছিল দিল্লী পৌৰনিগমৰ আম আদমি পাৰ্টিৰ কাউন্সিলৰ ৰাম চান্দেৰে। কিন্তু বৃহস্পতিবাৰে তেওঁ ভুল শুধৰণি কৰি পুনৰ আপলৈ ঘূৰি আহিল।

দিল্লী পৌৰ নিগমৰ ২৮ নম্বৰ ৱাৰ্ডৰ কাউন্সিলৰগৰাকীয়ে দল সলনি কৰাৰ তেওঁৰ সিদ্ধান্ত ভুল আছিল বুলি কৈ কিয় পুনৰ আপলৈ ঘূৰি আহিল সেই বিষয়ে কৰা মন্তব্যই এতিয়া দেশজুৰি চৰ্চা লাভ কৰিছে। তেওঁ দাবী কৰিছে আপৰ ৰাষ্ট্ৰীয় আহ্বায়ক তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে সপোনত আহি তেওঁক গালি পাৰিলে আৰু আপৰ নেতৃত্বক সাক্ষাৎ কৰিবলৈ নিৰ্দেশ দিছে। সপোনত কেজৰিৱালৰ গালি খাই তেওঁ পুনৰ দলত যোগদান কৰা বুলিও উল্লেখ কৰিছে।

বৃহস্পতিবাৰে আপৰ নেতা তথা দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনিষ চিছোদিয়াৰ হাতত ধৰি এই কাউন্সিলৰগৰাকীয়ে পুনৰ আপত যোগদান কৰিছে। তাৰ পাছতেই তেওঁ কয়, বিজেপিত যোগাদানৰ তেওঁৰ সিদ্ধান্ত ভুল আছিল। তেওঁ কয়, আৰু কেতিয়াও কাৰো কথাতে বিভ্ৰান্তি নহয়।

বিজেপি এৰি পুনৰবাৰ আপত যোগদান কৰি তেওঁ কয়, মই নিজৰ পৰিয়াললৈ উভতি আহিছো। যোৱা ৰাতি মুখ্যমন্ত্ৰী মোৰ সপোনলৈ আহিছিল। তেওঁ মোক গালি পাৰি ক'লে ৰাম চান্দেৰ উঠ। আপুনি মনিষ, গোপাল ৰাই, সন্দীপ আৰু আন নেতাৰ সৈতে সাক্ষাৎ কৰক। নিজৰ অঞ্চলৰ কৰ্মীসকলৰ সৈতে কথা পাতি কাম আৰম্ভ কৰক।

উল্লেখ্য যে, এইগৰাকী কাউন্সিলৰ দিল্লীৰ প্ৰাক্তন বিধায়কো। বৃহস্পতিবাৰে দললৈ ঘূৰি অহাৰ পূৰ্বে বুধবাৰেই তেওঁ আপৰ নেতাৰ সৈতে যাগোযোগ কৰিছিল বুলি জানিব পৰা গৈছে। তাৰ পাছতো তেওঁ যোগদান কৰা আগৰ নিশা কেজৰিৱালে সপোনত আহি গালি পৰাৰ বাবেই বিজেপি এৰি পুনৰ আপলৈ ঘূৰি অহা বুলি উল্লেখ কৰা বিষয়টোৱে বহুতকে আচৰিতো কৰিছে।

আপ এৰি বিজেপিলৈ যোৱা দিল্লীৰ কাউন্সিলৰ পুনৰ ঘূৰিল দললৈ...
লোকসভা নিৰ্বাচনত পৰাজিত এক নেতাৰ লগতহে কংগ্ৰেছে ব্যয় কৰিছিল সৰ্বাধিক টকা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in