/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/c894556c-7226-4386-a77a-57f6974ed7e2/tmc.jpg)
ডিজিটেল ডেস্ক: পশ্চিম বংগৰ শিক্ষক নিযুক্তি কেলেংকাৰী সন্দৰ্ভত গ্ৰেপ্তাৰ তৃণমূল কংগ্ৰেছৰ বিধায়ক মাণিক ভট্টাচাৰ্য। মঙলবাৰে পুৱা ইডিয়ে গ্ৰেপ্তাৰ কৰে বিধায়ক গৰাকীক। মাণিক ভট্টাচাৰ্যক নিশা বহু পৰলৈ সোধা পোচা কৰা হৈছিল আৰু তাৰ পাছতেই তেওঁক গ্ৰেপ্তাৰ কৰা হয়।
শিক্ষক নিযুক্তি কেলেংকাৰীত ইয়াৰ পূৰ্বে তৃণমূল কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী পাৰ্থ চেতাৰ্জী গ্ৰেপ্তাৰ হৈছিল। ইডিৰ মতে পাৰ্থ চেতাৰ্জীৰ হোৱাটচ আপত এনে বহু ধৰণৰ মেছেজ পাইছিল য'ত টকাৰ লেন দেনৰ কথা উল্লেখ আছিল।
আজি গ্ৰেপ্তাৰ হোৱা তৃণমূল কংগ্ৰেছৰ এই গৰাকী বিধায়কক আদালতত হাজিৰ কৰা হ'ব। ঘটনা সন্দৰ্ভত বিধায়ক গৰাকী গ্ৰেপ্তাৰ হোৱাৰ পাছত তেওঁক পশ্চিম বংগৰ প্ৰাথমিক শিক্ষা বোৰ্ডৰ অধ্যক্ষৰ পদৰ পৰা বৰ্খাস্ত কৰা হৈছে।
উল্লেখ্য যে, ইয়াৰ পূৰ্বে প্ৰাক্তন মন্ত্ৰী পাৰ্থ চেতাৰ্জী আৰু তেওঁৰ সহযোগী অৰ্পিতা মুখাৰ্জীৰ পৰা প্ৰায় ৪৬ কোটি টকা উদ্ধাৰ কৰা হৈছিল।