তিহাৰ কাৰাগাৰত দেখা মাত্ৰকে গুলীওৱাৰ নিৰ্দেশ...

তিহাৰ কাৰাগাৰত দেখা মাত্ৰকে গুলীওৱাৰ নিৰ্দেশ...

author-image
Asomiya Pratidin
New Update
তিহাৰ কাৰাগাৰত দেখা মাত্ৰকে গুলীওৱাৰ নিৰ্দেশ...

তিহাৰ কাৰাগাৰত দেখা মাত্ৰকে গুলীওৱাৰ নিৰ্দেশ...

ডিজিটেল ডেস্কঃ তিহাৰ কাৰাগাৰত শেহতীয়াকৈ সংঘটিত হোৱা ৰক্তক্ষয়ী সংঘাতৰ পাছতে তিহাৰত নিয়োগ কৰা হৈছে অতিৰিক্ত নিৰাপত্তাৰক্ষী। কেৱল সেয়াই নহয় কোনো নঘটিবলগীয়া ঘটনা সংঘটিত হ'লেই দেখা মাত্ৰকে গুলীওৱাৰো নিৰ্দেশ প্ৰদান কৰা হৈছে। 

Advertisment

ইয়াৰ বাবে বিশেষ আৰক্ষীৰ উপৰিও চি আৰ পি এফৰ জোৱান নিয়োগ কৰা হৈছে। তেওঁলোকৰ হাতত প্ৰদান কৰা হৈছে একে ৪৭ ৰ দৰে মাৰণাস্ত্ৰ। উল্লেখ্য যে, কিছুদিন পূৰ্বে তিহাৰ কাৰাগাৰত গেংষ্টাৰ টিলু তাজপুৰীয়াক হত্যা কৰা হৈছিল।

দুটা গোটৰ মাজত সৃষ্টি হোৱা এই সংঘাটৰ পাছতে তিহাৰ কৰ্তৃপক্ষই এই কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিবলৈ বাধ্য হৈছে। আনহাতে তিহাৰ কাৰাগাৰৰ ভিতৰৰ বহু কেইজন বিষয়াৰ বিৰুদ্ধেও কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে কৰ্তৃপক্ষই।

কাৰাগাৰৰ ভিতৰত নিৰাপত্তা ব্যৱস্থা অধিক শক্তিশালী কৰিবলৈ কেইবাটাও দলত বিভক্ত কৰি সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰা হৈছে। ইয়াৰ বাবে প্ৰতিটো দলত ৬ ৰ পৰা ৮ জনকৈ বিশেষ আৰক্ষী আৰু চি আৰ পি এফক নিয়োগ কৰিছে।

আনহাতে তিহাৰত বন্দী হৈ আছে বহু কেইটা গেংষ্টাৰ। ইয়াৰোপৰি আছে তেওঁলোকৰ বহু আনুগত্য।সেয়ে এতিয়াৰে পৰা এনে কাৰাগাৰৰ বিভিন্ন চেলত কয়দী ৰখাৰ ক্ষেত্ৰতো সচেতন হ'ব কৰ্তৃপক্ষ। বিৰোধী গোটৰ কোনো সদস্য যাতে আনটো গোটৰ সদস্য থকা চেলত বন্দী হ'বলগীয়া নহয় তাৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিছে। প্ৰতিদ্বন্দী দলৰ গেংষ্টাৰ আৰু সদস্যক একেটা কাৰাগাৰত ৰখা নহ'ব।

Also Read: স্পাইডাৰমেন হ'ব শুভমণ গিল ! ক্ৰিকেটৰ পাছত চিনেমাত দেখুৱাব দক্ষতা...

তিহাৰ কাৰাগাৰ