/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/cfcc0bbc-8894-4319-993b-bbb180c058b4/mallikarjun_kharge.jpg)
ডিজিটেল ডেস্ক : কংগ্ৰেছৰ দলীয় সভাপতি পদৰ বাবে চলি থকা তুমুল প্ৰতিদ্বন্দিতাৰ মাজতেই ৰাজ্যসভাত বিৰোধী দলৰ নেতা মল্লিকাৰ্জুন খাৰ্গেই আজি অনুষ্ঠিত কৰে এখন সংবাদ মেলৰ । এই সংবাদ মেলখনত মল্লিকাৰ্জুন খাৰ্গেৰ সৈতে সংগী ৰূপে দেখা যায় কংগ্ৰেছৰ তিনি মুখপাত্ৰ ক্ৰমে দীপেন্দ্ৰ হুদা, গৌৰভ বল্লভ আৰু নাছিৰ হুছেইনক । আজিৰ এই সংবাদ মেলৰ জৰিয়তে কংগ্ৰেছ দলৰ সভাপতি পদৰ বাবে প্ৰতিদ্বন্দিতা আগবঢ়োৱাৰ কথা ঘোষণা কৰে মল্লিকাৰ্জুন খাৰ্গেই ।
কিন্তু মল্লিকাৰ্জুন খাৰ্গেৰ ঘোষণাৰ পাছতেই আন এক ঘোষণা কৰে মেলত উপস্থিত থকা গৌৰৱ বল্লভে । দলীয় মুখপাত্ৰ গৌৰৱ বল্লভৰ ঘোষণা অনুসৰি, দলীয় নিৰ্দেশনা অনুসৰি কংগ্ৰেছৰ পৰা পদত্যাগ কৰে এই তিনি গৰাকী মুখপাত্ৰই । দলীয় কাৰ্যৰ ঠাইত এইবাৰ মল্লিকাৰ্জুন খাৰ্গেৰ হৈ নিৰ্বাচনী প্ৰচাৰত প্ৰত্যক্ষভাৱে সহযোগ কৰিব এওঁলোকে । এই ঘোষণাৰ পাছতেই কংগ্ৰেছ দলৰ মল্লিকাৰ্জুন খাৰ্গেৰ প্ৰতি থকা সমৰ্থন স্পষ্ট হৈ পৰে ।
উল্লেখ্য যে, সংবাদ মেলৰ সন্মুখত খাৰ্গেই ভূয়সী প্ৰশংসা কৰে গান্ধী পৰিয়ালক । ছোনিয়া গান্ধী প্ৰায় এটা দশক জুৰি কংগ্ৰেছ দলৰ সভাপতি হৈ থকাৰ পাছতো দেশৰ প্ৰধান মন্ত্ৰী পদৰ বাবে প্ৰতিদ্বন্দিতা নকৰাই নেত্ৰী গৰাকীৰ ক্ষমতাৰ প্ৰতি যে লালসা নাই তাকেই সূচায় । আৰু এতিয়াও ৰাহুল গান্ধীৰ দৰে জ্যেষ্ঠ নেতা এগৰাকীয়ে প্ৰখৰ ৰ'দত 'ভাৰত জোড়ো যাত্ৰা' চলাই যোৱাৰো প্ৰশংসা কৰে মল্লিকাৰ্জুন খাৰ্গেই ।