টিপু চুলতান নহয় উল্লাল ৰাণী আব্বাক্কাহে আছিল প্ৰকৃত শাসক : অমিত শ্বাহ

টিপু চুলতান নহয় উল্লাল ৰাণী আব্বাক্কাহে আছিল প্ৰকৃত শাসক : অমিত শ্বাহ

ডিজিটেল ডেস্ক : দেশত অব্যাহত আছে বুৰঞ্জী সলোৱাৰ আখ্যান । ভাৰতীয় বুৰঞ্জীত মোগল তথা মুছলমান শাসক সকলৰ ইতিহাস সলনি কৰা প্ৰক্ৰিয়া ইতিমধ্যেই আৰম্ভ হৈছে সমগ্ৰ দেশত । ধীৰে ধীৰে সলনি কৰা হৈছে মোগল শাসক সকলৰ নামত থকা যিকোনো ইতিহাসপ্ৰসিদ্ধ স্থানৰ নাম । ইতিমধ্যে কোনো কোনো ৰাজ্যৰ পাঠ্যক্ৰমত ইতমধ্যেই কৌশলগত ভাৱে নিচিহ্ন কৰা হৈছে মোগলৰ নাম ।

কোনো এক জাতি অথবা শাসকগোষ্ঠীৰ প্ৰতি বিদ্বেষ থকাটো নতুন অথবা অস্বাভাৱিক কথা নহয় । ইয়াৰ জ্বলন্ত উদাহৰণ হিটলাৰ । হিটলাৰৰ শাসন ব্যৱস্থাৰ সমৰ্থক আজিৰ বিশ্বত শূণ্য কিন্তু তাৰ অৰ্থ ইতিহাস সলনি কৰা নহয় । ইতিহাস সলনি হোৱা বস্তু নহয় । ঠিক একেদৰেই মোগলৰ অথবা মুছলমান শাসক সকলৰ ইতিহাস কোনোবাই উপহাস কৰিব পাৰে কিন্তু অৱজ্ঞা কৰিব নোৱাৰে ।

শাসনাধিষ্ঠ বিজেপি দলৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ শনিবাৰে উপস্থিত হৈছিল ত্ৰিপুৰাত অনুষ্ঠিত এক জনসভাত । ২০২৩ বৰ্ষতেই আছে ত্ৰিপুৰাৰ লোকসভা নিৰ্বাচন । যাৰ বাবে এতিয়া প্ৰস্তুতি তুংগত প্ৰত্যেকটো মুখ্য দলৰেই । উত্তৰ-পূৰ্বাঞ্চলত অশ্বমেধৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ প্ৰত্যেকটো দলৰেই ।

এই জনসভাতেই ৰাইজক উদ্দেশ্যি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কৰিলে এক ঘোষণা । কৰ্ণাটকত বিগত শাসনকালত কংগ্ৰেছ আৰু জনতা দল (সংযুক্ত)ই টিপু চুলতানৰ নীতিৰে চলাইছিল শাসন । কিন্তু কৰ্ণাটকৰ প্ৰকৃত শাসক হেনো আছিল উল্লাল ৰাণী আব্বাক্কাহে । কৰ্ণাটকৰ টুলু সম্প্ৰদায়ৰ এই গৰাকী মহীয়সী ৰানীয়ে শাসন চলাইছিল ১৬ শতিকাতেই ।

আনহাতে, একেখন সভাতেই কংগ্ৰেছৰ প্ৰতি গুৰুতৰ অভিযোগ উত্থাপন কৰে অমিত শ্বাহে । কৰ্ণাটকক এটিএমৰ দৰে ব্যৱহাৰ কৰে কংগ্ৰেছে । এই অভিযোগ অমিত শ্বাহৰ ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in