/asomiyapratidin/media/media_files/2025/02/01/0eZ1wzjTv3H1Qo9hucXO.jpg)
ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ বাজেটে কৰ্মচাৰীসকলৰ বাবে আশাৰ খবৰ কঢ়িয়াই আনিছে। তেওঁ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ আৰু কৃষকসকলৰ বাবেও বাজটেত ঋণৰ কথা উল্লেখ কৰিছে। তাৰোপৰি সীতাৰমণে কেইবাটাও সামগ্ৰীৰ ওপৰত কৰ ৰেহাইৰ কথা ঘোষণা কৰিছে।
এনে কৰ ৰেহাইৰ বাবে বহু সামগ্ৰীৰ মূল্য হ্ৰাস পোৱাটো নিশ্চিত হৈছে। ফলস্বৰূপে, মধ্যবিত্ত শ্ৰেণী উপকৃত হ’ব বুলি ধাৰণা কৰা হৈছে। উল্লেখ্য যে, নৰেন্দ্ৰ মোডী চৰকাৰৰ তৃতীয় কাৰ্যকালৰ প্ৰথম পূৰ্ণাংগ বাজেট শনিবাৰে দাখিল কৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰীয়ে।
বাজেট ঘোষণাৰ পাছতে কৰ্কট ৰোগকে ধৰি আন বহু ৰোগৰ ঔষধৰ মূল্য হ্ৰাস পাব। বিত্ত মন্ত্ৰীগৰাকীয়ে মুঠ ৩৬টা জীৱন দায়িনীঔষধৰ ওপৰত থকা কৰ সম্পূৰ্ণ ৰেহাইৰ ঘোষণা কৰিছে। ইয়াৰ উপৰিও, ছটা জীৱনদায়িনী ঔষধৰ শুল্কও ৫শতাংশ হ্ৰাস কৰা হৈছে।
তাৰোপৰি দৈনিক ব্যৱহাৰৰ কৰি থকা আন কেতবোৰ সামগ্ৰীৰো মূল্য হ্ৰাস পাব। বাজেটত ইলেক্ট্ৰনিক সামগ্ৰীৰ ওপৰত কৰ হ্ৰাস কৰা হৈছে। ফলস্বৰূপে, এল.ই.ডি. আৰু এল.চি.ডি. টিভি সস্তা হ'ব। মোবাইলৰ ওপৰত থকা শুল্কও হ্ৰাস হোৱাৰ বাবে মোবাইল ফোনৰ মূল্যও হ্ৰাস পাব।
বৈদ্যুতিক বেটাৰিৰ ওপৰত থকা শুল্ক হ্ৰাস কৰাৰ ফলত বৈদ্যুতিক গাড়ী সস্তা হ'ব। সীহ আৰু জিংকৰ ওপৰত থকা প্ৰাৰম্ভিক শুল্কও হ্ৰাস কৰা হৈছে।
বাজেট ঘোষণাত চিকিৎসা আৰু অস্ত্ৰোপচাৰৰ সঁজুলিও সস্তা হোৱাটো নিশ্চিত হৈছে। চামৰাৰ সামগ্ৰীৰ ওপৰত থকা কৰ হ্ৰাস কৰাৰ বাবে জোতা, বেল্ট, বেগৰ দৰে অত্যাৱশ্যকীয় সামগ্ৰীসমূহৰ মূল্য সস্তা হ'ব। জাহাজৰ অংশৰো মূল্য হ্ৰাস হ'ব।
তাৰোপৰি দেশত তৈয়াৰ কৰা কাপোৰৰো মূল্য হ্ৰাস পাব। সামুদ্ৰিক মাছকে ধৰি সাগৰীয় খাদ্যৰ মূল্যও হ্ৰাস পাব।বিশ্লেষকসকলে ভৱিষ্যতবাণী কৰিছে যে কৰ্মচাৰীসকলৰ হাতত নগদ ধনৰ পৰিমাণ বৃদ্ধি হোৱাৰ বাবে অহা দিনসমূহত তেওঁলোকৰ ক্ৰয় ক্ষমতা বৃদ্ধি হ'ব। সেই চাহিদা পূৰণ কৰিবলৈ। সেয়ে সেই চাহিদা পূৰণ কৰিবলৈ বজাৰত মূল্য বৃদ্ধি হ'ব হোৱাৰো সম্ভাৱনা নথকা নহয়।