/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/23d3aab1-3dce-41ca-9a42-2c11253a7fcd/AP_FOR_WEB_500_note.jpg)
ডিজিটেল ডেস্কঃ নিশাৰ সুযোগ লৈ এঘৰৰ ঘৰত সোমাইছিল চোৰ। কিন্তু ঘৰত একো নাপাই গৃহস্থলৈ বুলি ৫০০ টকীয়া নোট এখন এৰি থৈ যায় চোৰে। দিল্লীৰ ৰোহিনীৰ চেক্টৰ৪ ত সংঘটিত হৈছে এই ঘটনা।
২০-২১ জুলাইৰ মাজনিশা সংঘটিত এই ঘটনাটো মালিকে এজাহাৰ দাখিল কৰাৰ পাছত পোহৰলৈ আহিছে। এজাহাৰত ৮০ বছৰীয়া অৱসৰপ্ৰাপ্ত অভিযন্তা এম ৰামকৃষ্ণই উল্লেখ কৰিছে যে ১৯ জুলাইৰ সন্ধিয়া তেওঁ তেওঁৰ পত্নীৰ সৈতে গুৰুগ্ৰামত বাস কৰা পুত্ৰক লগ কৰিবলৈ গৈছিল।
২১ জুলাইৰ পুৱা চুবুৰীয়াৰ পৰা গম পাইছিল যে তেওঁলোকৰ ঘৰত চুৰি হৈছে। লগে লগে তেওঁ ঘৰলৈ আহিছিল। ঘৰত উপস্থিত হৈ দেখিছিল যে দুৱাৰৰ তলা ভঙা আছিল কিন্তু ভিতৰলৈ গৈ দেখে যে চোৰে একো চুৰি কৰি নিব নোৱাৰিলে।
তেওঁ কয় যে, একো চুৰি হোৱা নাছিল কিন্তু ৫০০ টকীয়া নোট এখনহে তেওঁ পাইছিল। লগতে কয় যে, তেওঁ ঘৰৰ ভিতৰত কোনো মূল্যৱান সামগ্ৰী ৰখা নাছিল। এই এজাহাৰৰ ভিত্তিতেই আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত।
Also Read: অসম আৰক্ষীত ২৬২ কোটিটকীয়া কেলেংকাৰী...