/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/575110ca-359d-4ecf-8a8a-f8fc531a6817/HORSE_20.jpg)
ডাইন'চৰৰ যুগৰো ২০ কোটি বছৰ পূৰ্বৰে এক জীৱই মানৱ স্বাস্থ্যক কৰি আহিছে সুৰক্ষিতঃ এতিয়া নিজেই বিপদাপন্ন...
ডিজিটেল ডেস্কঃ সাগৰ, মহাসাগৰক লৈ ৰহস্যৰ শেষ নাই। সাগৰত বাস কৰা বিভিন্ন জীৱক লৈ মানুহৰ উৎসুকতাৰো অন্ত নাই। সাগৰীয় জীৱৰ প্ৰতি মানুহৰ মাজত এতিয়াও নানান কৌতুহল। সাগৰত বিচৰণ কৰা এই জীৱ বোৰক লৈ অধ্যয়ন, গৱেষণা বছৰ বছৰ ধৰি অব্যাহত আছে।
সগৰৰ তেনে এক কৌতুহলী জীৱৰ নাম অশ্বনাল বা ঘোঁৰাৰ নালৰ দৰে কেঁকোৰা। যাক ইংৰাজীত কোৱা হয় Horseshoe Crab। এই জীৱ বিধক অৱশ্যে জীৱিত জীৱাশ্ম বুলিহে কোৱা হয়। যদিও ইয়াক কেঁকোৰা আখ্যা দিয়া হয় ইয়াৰ সাদৃশ্য অৱশ্যে কেঁকোৰাৰ পৰিৱৰ্তে মকৰাৰ সৈতেহে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/837e87a9-45fc-462f-87b2-cf67a9b6891b/363921374_807154101136643_7075127445700320543_n-1024x1024.jpg)
পৃথিৱীত ডাইন'চৰৰ যুগত কৈয়ো ২০ কোটি বছৰৰ আগতেই পৃথিৱীত এই জীৱৰ অস্তিত্ব আছিল। সেয়ে ইয়াক লৈ বৈজ্ঞানিকসকলৰো বিস্মিত হয়। সাগৰ তলিত বিচৰণ কৰা এই জীৱিত জীৱাশ্মৰ বিষয়ে আমি বৰ বিশেষ একো নাজানিলেও অৱশ্যে ই মানৱ স্বাস্থ্য সুৰক্ষিত কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।
আধুনিক ঔষধ প্ৰস্তুত কৰাৰ ক্ষেত্ৰত এই জীৱিত জীৱাশ্মৰ গুৰুত্ব অপৰিসীম। ই সাগৰৰ গভীৰতাৰ বিপৰীতে অগভীৰ আৰু পাতল বালি বা বোকা সদৃশ সমুদ্ৰতলিত বাস কৰে। কেৱল প্ৰজননৰ সময়ত ইহঁত সাগৰতীৰলৈ উঠি আহে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/38ee7c4b-a047-4050-9a16-2d097f228429/366127871_1384984965390562_1728656767924889764_n-1024x1024.jpg)
এক গৱেষণাত প্ৰকাশ পোৱা অনুসৰি জীৱিত জীৱাশ্ম হিচাপে পৰিচিত এই অশ্ব নাল কেঁকোৰা ৪৪৫ নিযুত বছৰ ধৰি সাগৰ, মহাসাগৰত বিচৰণ কৰি আহিছে। ইঁহতৰ দেহত সঞ্চাৰিত হৈ থকা ৰক্ত মানৱ জীৱনৰ বাবে অতি মূল্যৱান হিচাপে বিবেচিত হৈছে।
মানৱ শৰীৰ ৰঙা তেজৰ বীপৰীতে ইহঁতৰ তেজ তাম-আধাৰিত আৰু সামান্য হালধীয়া ৰঙৰ। ইহঁতৰ দেহত আছে এমোবাচাইট নামৰ এক বিশেষ কোষ। এই কোষৰ বাবেই বেক্টেৰিয়া বা বিষাক্ত পদাৰ্থৰ কাষলৈ আহিলে সেইবোৰ গোট মাৰি ধৰে।
এই জীৱিত জীৱাশ্মৰ ৰক্ত চিকিৎসাৰ গৱেষণাৰ এক গুৰুত্বপূৰ্ণ অংশ। ১৯৭০ৰ দশকৰ পৰা ইঁহতৰ ৰক্ত কোষৰ পৰা আহৰণ কৰা ‘এণ্ডোটক্সিন’ হানিকাৰক বেক্টেৰিয়া পদাৰ্থ চিনাক্তকৰণৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়। মানৱ শৰীৰত ব্যৱহাৰ কৰা বিভিন্ন ভেকছিন, শিৰাৰ ঔষধ আৰু চিকিৎসা সঁজুলি দূষিত কৰিব পৰা বেক্টেৰিয়া বা হানিকাৰক পদাৰ্থবোৰ চিনাক্তকৰণৰ ক্ষেত্ৰত ‘এণ্ডোটক্সিন’ৰ ভূমিকা অপৰিসীম। ইয়াৰ অবিহনে ভেকছিন, মানৱ শিৰাৰ ঔষধ, চিকিৎসা সঁজুলিৰ পৰীক্ষণ অসম্ভৱ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/fce08069-5f7c-41c9-af61-66e856583e67/365986735_598096432474832_8522548882442804946_n-2-750x420.jpg)
কিন্তু দুৰ্ভাগ্যজনকভাৱে এই অশ্বনাল কেঁকোৰা এতিয়া বিপদাপন্ন হৈ পৰিছে। সাগৰীয় মাছৰ উদ্যোগটোৰ বাবে ইহঁতৰ জীৱন বিপদাপন্ন হৈ পৰিছে। কিয়নো মাছমৰীয়াসকলে ইহঁতক ধৰি সাগৰীয় মাছ ধৰাত বৰশীৰ টোপ হিচাপে ব্যৱহাৰ কৰে।
ইয়াৰোপৰি শস্যৰ পথাৰত ইহঁতক সাৰ হিচাপেও ব্যৱহাৰ কৰা দেখা যায়। উপকূলীয় অঞ্চলসমূহত হোৱা উন্নয়নমূলক কামৰ বাবেও এই জীৱিত জীৱাশ্মসমূহ বিপদাপন্ন। এনেদৰেই এই জীৱিত জীৱাশ্মৰ প্ৰতি ভাবুকি আহি থাকিলে অতি সোনকালেই বিলুপ্তি যে নঘটিব তাৰ কোনো নিশ্চয়তা নাই।
ইহঁত বিল্পুপ্তি হ’লে কেৱল পৰিৱেশ তন্ত্ৰতে যে প্ৰভাৱ পৰিব তেনে নহয়। মানৱ শৰীৰ চিকিৎসাৰ উন্নয়নৰ বাবেও বহু সমস্যাই দেখা দিব। সেয়ে এতিয়া এই জীৱিত জীৱাশ্মসমূহৰ সুৰক্ষাৰ বিষয়ে চিন্তা কৰি এইবোৰক জীয়াই ৰাখিবলৈ এক সজাগতাৰ প্ৰয়োজন হৈ পৰিছে।
শেহতীয়াকৈ অৱশ্যে ইহঁতৰ সুৰক্ষাৰ বাবে সজাগতাৰ সৃষ্টিৰ কাম আৰম্ভ হৈছে। ইহঁতক সংৰক্ষণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে।গৱেষকসকলেও জীৱিত জীৱাশ্মৰ পৰা আহৰণ কৰা ‘এণ্ডোটক্সিন’ৰ পৰিৱৰ্তে বিকল্প হিচাপে কি ব্যৱহাৰ কৰিব পাৰি তাৰ সন্ধান অব্যাহত ৰাখিছে।
কিন্তু এতিয়াও তাৰ কোনো সন্ধান লাভ কৰা নাই। সেয়ে এই জীৱিত জীৱাশ্মৰ সুৰক্ষা আৰু সংৰক্ষৰ বিষয়টো গুৰুত্বপূৰ্ণ হৈ পৰিছে।
Also Read: দেশৰ সৰ্বাধিক ধনী আৰু দৰিদ্ৰ ৰাজ্য কোনখন জানেনে? চাওঁক সবিশেষ...