দেশৰ সৰ্বাধিক ধনী আৰু দৰিদ্ৰ ৰাজ্য কোনখন জানেনে? চাওঁক সবিশেষ...

অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ আন ৰাজ্যৰ স্থান কিমান?
দেশৰ সৰ্বাধিক ধনী আৰু দৰিদ্ৰ ৰাজ্য কোনখন জানেনে? চাওঁক সবিশেষ...
দেশৰ সৰ্বাধিক ধনী আৰু দৰিদ্ৰ ৰাজ্য কোনখন জানেনে? চাওঁক সবিশেষ...

ডিজিটেল ডেস্কঃ বৈচিত্ৰপূৰ্ণ দেশ ভাৰত। যিদৰে ভাৰতৰ জণগাঁথনি, ভাষা, সংস্কৃতি, শিল্প সকলোতে বৈচিত্ৰতা বিৰাজমান সেইদৰেই ভাৰতৰ অৰ্থনৈতিক ক্ষেত্ৰখনতো ৰাজ্যভেদে ইয়াৰ বৈচিত্ৰতা দেখিবলৈ পোৱা যায়। এই বৈচিত্ৰতাৰ মাজেৰেই ৰাজ্যসমূহে আগবঢ়োৱা অৱদানেৰে দেশৰ সামগ্ৰীক অৰ্থনৈতিক বুনিয়াদ শক্তিশালী হয়।

দেশৰ আটাইকেইখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভিতৰত আটাইতকৈ ধনী তথা অৰ্থনৈতিকভাৱে শক্তিশালী ৰাজ্যখনেই হৈছে মহাৰাষ্ট্ৰ। ৩৩ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভিতৰত মহাৰাষ্ট্ৰই অকলেই দেশৰ জিডিপিলৈ মুঠ ১৩.১৭ শতাংশ অৰিহণা আগবঢ়াইছে। দেশৰ বিত্তীয় ৰাজধানী হিচাপে পৰিচিত মহাৰাষ্ট্ৰৰ জি এছ ডি পি ৩১ ট্ৰিলিয়নতকৈয়ো অধিক।

দেশৰ উদ্যোগ খণ্ডৰ লগতে মহাৰাষ্ট্ৰৰ সামুদ্ৰিক বন্দৰে ভাৰতৰ সামুদ্ৰিক বাণিজ্যৰ এক গুৰুত্বপূৰ্ণ অংশ পৰিচালনা কৰি আহিছে। যাৰ বাবে এই ৰাজ্যখনৰ অৰ্থনৈতিক ভেঁটি শক্তিশালী হৈছে। ৰাজ্যখনৰ উদ্যোগখণ্ডৰো আছে বৈচিত্ৰতা।

দেশৰ সংস্কৃতিলৈয়ো এই ৰাজ্যখনৰ আছে যথেষ্ট অৰিহণা। মায়ানগৰী মুম্বাইৰ ছবি উদ্যোগ বলিউড বিশ্বব্যাপী প্ৰসাৰিত হৈছে। সেই অনুসৰি সাংস্কৃতিক ক্ষেত্ৰখনৰ জৰিয়তেও অৰ্থনীতিলৈ বহু অৰহিণা আহিছে।

মহাৰাষ্ট্ৰৰ পাছতেই দেশৰ অৰ্থনীতিলৈ সৰ্বাধিক অৰহিণা আগবঢ়াইছে তামিলনাডুৱে। তামিলনাডুৱে দেশৰ জিডিপিলৈ ৮.৭৮ শতাংশ অৰিহণা আগবঢ়াইছে। কৰ্ণাটকে ৮.৩৮ শতাংশ, উত্তৰ প্ৰদেশে ৮.৩৭ শতাংশ আৰু গুজৰাটে ৮.১৭ শতাংশ অৱদান আগবঢ়াইছে।

দেশৰ সৰ্ববৃহৎ ৰাজ্য ৰাজস্থান দেশৰ জিডিপিলৈ আগবঢ়োৱা অৱদানৰ তালিকাত আছে সপ্তম স্থানত। মন কৰিবলগীয়া যে, দেশৰ শীৰ্ষ ৫ খন ৰাজ্যই কেৱল দেশৰ জিডিপিলৈ ৪৬.৮৮ শতাংশ অৰিহণা আগবঢ়াইছে। দক্ষিণ ভাৰতৰ ৫ খন ৰাজ্যই আগবঢ়াইছে ৩১ শতাংশ অৰিহণা। আনহাতে উত্তৰ পূবৰ ৮ খন ৰাজ্যই মিলি কেৱল মাত্ৰ ২.৮৮ শতাংশহে অৰহিণা আগবঢ়াইছে।

কেৱল পৰ্যটনৰ ওপৰত নিৰ্ভৰশীল আন্দামান আৰু নিকোবৰ এই তালিকাত আছে একেবাৰে তলত। ইয়াৰ ওপৰত ক্ৰম অনুসৰি আছে মিজোৰাম, নাগালেণ্ড, অৰুণাচল প্ৰদেশ, মণিপুৰ। উত্তৰ পূৰ্বাঞ্চলৰ ৮ খন ৰাজ্যৰ ভিতৰত অসমক বাদ দি বাকী আটাইকেইখন ৰাজ্যৰে জি এছ ডি পি ৫০ হাজাৰ কোটিৰ তলত।

অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ এই ৰাজ্য কেইখনৰ এই অৱস্থাৰ বাবে ৰাজ্য কেইখনে উদ্যোগ, কৃষি, বাণিজ্য আদি খণ্ডত অগ্ৰগতি লাভ কৰিব নোৱাৰাৰ দিশটোৱেই প্ৰধান। যোৱা সময়তছোৱাত এই অঞ্চলটোৱে সন্ত্ৰাসবাদমূলক সমস্যাৰে যুঁজী আগবাঢ়িবলগীয়া হৈছে। দেশৰ মূল ভূখণ্ডৰ পৰা বহু দূৰত হোৱাৰ বাবেই এই অঞ্চলটোৱে উন্নয়নৰ ক্ষেত্ৰতো বহু পিছপৰি থাকিল।

অৱশ্যে শেহতীয়াকৈ এই ৰাজ্য কেইখনে পৰ্যটন ক্ষেত্ৰত যথেষ্ট অগ্ৰগতি লাভ কৰিছে।এইদৰেই যদি কৃষি, বাণিজ্য আৰু উদ্যোগখণ্ডতো কিছু অগ্ৰগতি লাভ কৰিব পাৰে তেন্তে নিশ্চয়কৈ এই ৰাজ্য কেইখনো অৰ্থনৈতিকভাৱে শক্তিশালী হ'ব পাৰিব।

দেশৰ ৰাজ্যসমূহৰ জি এছ ডি পিৰ তালিকা, চাওক কোন ৰাজ্য কিমান ধনীঃ

User
User
দেশৰ সৰ্বাধিক ধনী আৰু দৰিদ্ৰ ৰাজ্য কোনখন জানেনে? চাওঁক সবিশেষ...
পথ দুৰ্ঘটনাত ১৮ জনৰ কৰুণ মৃত্যুঃ কেইবাজনো আহত...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in