নৱৰ্বষৰ পহিলা দিনটোত লোকে লোকাৰণ্য টেঙাপানী বনভোজস্থলী...

নৱৰ্বষৰ পহিলা দিনটোত লোকে লোকাৰণ্য  টেঙাপানী বনভোজস্থলী...
নৱৰ্বষৰ পহিলা দিনটোত লোকে লোকাৰণ্য টেঙাপানী বনভোজস্থলী...

ডিজিটেল সংবাদ কঠীয়াতলীঃ এতিয়া বনভোজৰ বতৰ। চৌদিশে কেৱল এতিয়া বনভোজৰ আয়োজন। আজি বছৰটোৰ পহিলা দিন। নবৰ্বষক আদৰৰ বাবে যেন সকলোৱে আনন্দ উল্লাসৰ মাজেৰে একলগে এসাজ খাবৰ বাবে ওলাই আহিছে বনভোজ স্থলীলৈ।

ৰাজ্যৰ ভিন্ন প্ৰান্তত চলিছে বনভোজৰ ব্যাপক প্ৰস্তুতি।তাৰ সমান্তৰালভাবে নগাওঁ কঠীয়াতলীৰ সুন্দৰ মনোৰম প্ৰাকৃতিক সৌন্দৰ্যৰে আবৰা টেঙা পানী বনভোজস্থলীত দেখা গ'ল বহু লোকৰ সমাগম।

পুৱাৰ ভাগৰ পৰাই এই স্থানত অঞ্চলটোৰ লগতে জিলাখনৰ ভিন্ন প্ৰান্তৰ পৰা আগমন হয় বহু লোকৰ। মনোৰম সৌন্দৰ্যৰে আৱৰা এই স্থানত উপস্থিতসকলৰ কোনোৱে যদি নাচিছে কোনেৱে গাইছে গান।কোনোৱে যদি ৰান্ধিছে কোনোৱে আকৌ সৌন্দৰ্য চোৱাত ব্যস্ত।

সকলো আনন্দত আত্মহাৰা হৈ পৰিয়াল, বন্ধু, আপোনজনৰ সৈতে এসাজ খাই আনন্দ উপভোগ কৰিছে বনভোজস্থলীত।

নৱৰ্বষৰ পহিলা দিনটোত লোকে লোকাৰণ্য  টেঙাপানী বনভোজস্থলী...
শাহুৰ অত্যাচাৰত অতিষ্ঠ বোৱাৰীয়ে কৰিলে আত্মহত্যা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in