স্বাধীন ভাৰতৰ প্ৰথম গৰাকী ভোটাৰৰ দেহাৱসান...

author-image
Asomiya Pratidin
New Update
স্বাধীন ভাৰতৰ প্ৰথম গৰাকী ভোটাৰৰ দেহাৱসান...

ডিজিটেল ডেস্ক : মৃত্যু ঘটিল স্বাধীন ভাৰতৰ প্ৰথম গৰাকী ভোটাৰ শ্যাম চৰণ নেগীৰ । শনিবাৰে হিমাচল প্ৰদেশৰ নিবাসী নেগীৰ দেহাৱসান ঘটে ১০৬ বছৰ বয়সত । মৃত্যুৰ পূৰ্বে হিমাচল প্ৰদেশৰ ১৪তম বিধান সভা নিৰ্বাচনত শেষবাৰলৈ ভোটদান কৰিছিল নেগীয়ে ।

Advertisment

উল্লেখ্য যে, ১৯৫১ চনৰ ২৩ অক্টোবৰত হোৱা প্ৰথমটো নিৰ্বাচনত ভোটদান কৰি স্বাধীন ভাৰতৰ প্ৰথম গৰাকী ভোটাৰৰূপে পৰিগণিত হৈছিল নেগী । আৰু চলিত বৰ্ষৰ নৱেম্বৰৰ ২ তাৰিখে ৩৪তম বাৰৰ বাবে ভোটদান কৰি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ টুইটত স্থান লাভ কৰিছিল বৰ্ষীয়ান ব্যক্তি গৰাকীয়ে ।

প্ৰধান মন্ত্ৰী গৰাকীয়ে টুইটত নেগীৰ কথা উল্লেখ কৰি মন্তব্য কৰে যে, নেগী নৱ প্ৰজন্মৰ বাবে আদৰ্শ হোৱা উচিত । যি ভৱিষ্যতে দেশৰ গণতান্ত্ৰিক ব্যৱস্থাটোক নিৰ্বাচনত ভোটদানৰ জৰিয়তে আৰু অধিক শক্তিশালী কৰি তুলিব ।

ইয়াৰ ওপৰিও, হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী জয়ৰাম ঠাকুৰৰ ভাষ্য অনুসৰি, দেশৰ প্ৰথম গৰাকী ভোটাৰৰ জীৱনৰ অন্তিম ভোটটো স্মৰণীয় হৈ ৰ'ব সমগ্ৰ দেশবাসীৰ বাবে । আনহাতে, শ্যাম চৰণ নেগীৰ শেষকৃত্য সম্পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰা হ'ব বুলিও জানিবলৈ দিয়ে জিলাখনৰ উপায়ুক্তই ।

স্মৰ্তব্য যে, ১৯৫১ চনৰ পৰা প্ৰত্যেকটো সৰু-বৰ নিৰ্বাচনতেই ভোটদান কৰি আহিছিল নেগীয়ে আৰু কেৱল নিজেই নহয় বৰং নৱ প্ৰজন্মকো ভোটদানৰ বাবে সময়ে সময়ে অনুপ্ৰেৰণা যোগাই আহিছিল স্বাধীন ভাৰতৰ প্ৰথম গৰাকী ভোটাৰে ।

india himachal pradesh