ৰডিজিটেল ডেস্কঃ 'সাদিন প্ৰতিদিন গোষ্ঠী'ৰ কনক্লেভ-২০২৩ ৰ দ্বিতীয় দিনটোৰ ষষ্ঠ কাৰ্যসূচী তথা চতুৰ্থখন আলোচনাৰ বিষয় আছিল 'Safeguarding Future : Tackling, Trafficking, Surrogacy and Child Adoption' শীৰ্ষক আলোচনা চক্ৰ। এই আলোচনা চক্ৰত অংশগ্ৰহণ কৰে NCPCR ৰ সদস্য ড০ দিব্যা গুপ্তা, মাইণ্ড ইণ্ডিয়াৰ অধ্যক্ষ ড০ সংগীতা গোস্বামী আৰু মিগুৱেল দাস কিউৱে।
'নন্দিনী'ৰ সম্পাদক মাইনী মহন্তই আঁত ধৰা এই আলোচনা চক্ৰ ভাৰতত শিশুৰ দুৰৱস্থা সন্দৰ্ভত প্ৰচলিত এটা কৌতুকেৰে আৰম্ভণি কৰে। তেওঁ কয়, আমি কলেজত থাকোতে এটা কৌতুক শুনিছিলো। দুজন ল'ৰাই তেওঁলোকৰ মাজত হোৱা কথোপকথনৰ মাজত এজনে আনজনক সুধিছিল যে, তেওঁ স্বৰ্গ আৰু নৰকৰ মাজৰ পাৰ্থক্য জানে নেকি?
আনজন ল'ৰাই ইয়াতেই স্বৰ্গ আৰু ইয়াতেই নৰক বুলি উত্তৰ দিছিল। তেওঁ কৈছিল যদি আপুনি আপোনাৰ শৈশৱ জাৰ্মানীত, কৈশোৰ আমেৰিকা যুক্তৰাষ্ট্ৰত আৰু বৃদ্ধ বয়স ভাৰতত অতিবাহিত কৰে, সেয়া হৈছে স্বৰ্গ। আৰু যদি আপুনি শৈশৱ ভাৰতত, আৰু বৃদ্ধ বয়স আমেৰিকা যুক্তৰাষ্ট্ৰত কটাব লগা হয়, তেন্তে এয়া নৰক।
ইয়াৰ পিছতে দিব্যা গুপ্তাই মাইনী মহন্তই প্ৰসংগক্ৰমে উত্থাপন কৰা কৌতুকটোৰ বিষয়বস্তুক সমৰ্থন নকৰে বুলি উল্লেখ কৰি কয়- মই অলপতে আমেৰিকা যুক্তৰাষ্ট্ৰ ভ্ৰমণ কৰিছিলো আৰু লছ ভেগাছ বিমানবন্দৰত 'ছোৱালী শিশু ক্ৰয় বন্ধ কৰক' বুলি লিখা বিশাল হৰ্ডিং দেখিছিলো। মই আচৰিত হৈছিলো।
আমি পশ্চিমীয়া দেশৰ বিষয়ে কথা কওঁ, আমি তেওঁলোকৰ উচ্চ চিন্তাৰ বিষয়ে কথা কওঁ। কিন্তু যদি আপুনি ভেগাছত এনে ধৰণৰ হৰ্ডিং দেখোঁ তেন্তে তেওঁলোক কোন স্তৰলৈ গতি কৰিছে সেয়া কল্পনাৰো অগোচৰ।
যেতিয়া আমি 'বেটি বচাও, বেটি পঢ়াও'ৰ দৰে বিষয়ৰ সাক্ষী হও আৰু ইয়াৰ ফলাফল প্ৰত্যক্ষ কৰোঁ তেতেয়ি অনুভৱ হয় আমি বহু আগবাঢ়ি আছো। যদি আপোনাৰ এই বিষয়ত দৃষ্টিভংগী, প্ৰতিশ্ৰুতি আৰু চিন্তা আছে তেন্তে ইয়াক আগুৱাই নিব পাৰে। তেনে কৰিলে সমাজত পৰিৱৰ্তন নিশ্চয় আহিব।
আনহাতে ড০ সংগীতা গোস্বামীয়ে কয়, এগৰাকী মনোবিজ্ঞানী হিচাপে, আমি এটি শিশুৰ মানসিক স্বাস্থ্যৰ বিষয়ে কথা পাতিব লাগিব আৰু এই বিষয়ত কথা পাতি থাকোঁতে, তেওঁলোকৰ সামগ্ৰিক স্বাস্থ্য বুজি পোৱাটো আমাৰ বাবে অতি গুৰুত্বপূৰ্ণ। আমি শিশুৰ ০ ৰ পৰা ৫ বছৰৰ সময়ছোৱাক আমাৰ ভাষাত সোণালী যুগ বুলি কওঁ। কিয়নো এই সময়ছোৱাত তেওঁলোকক ইনপুট হিচাপে যিবোৰ বস্তু দিব সেইবোৰ গোটেই জীৱন জুৰি থাকিব।
শিশুৰ মানসিক বিকাৰৰ সন্দৰ্ভত তেওঁ কয়, মানসিক বিকাৰৰ লক্ষণবোৰ সাধাৰণতে কিশোৰ পৰ্যায়ত দেখা পোৱা যায় যি অতি দুখজনক। ৰোগৰ বিশ্বব্যাপী বোজাৰ ১৩ শতাংশ প্ৰকৃততে এই মানসিক বিকাৰৰ অংশ আৰু সেয়েহে এই ই জনস্বাস্থ্যৰ সমস্যা আৰু চিন্তাৰ বিষয় হৈ পৰিছে।
শিশুসকলৰ বাবে বহুতো উন্নয়ন হৈছে। জুভেনাইল জাষ্টিছ আইন, যৌন অপৰাধৰ পৰা শিশুৰ সুৰক্ষা (পকচো) আইনকে ধৰি শিশুৰ অধিকাৰ সুৰক্ষিত কৰাৰ বাবে নতুন আইন ৰূপায়ণ কৰা হৈছে। ইয়াৰ উপৰিও, নতুন মানসিক স্বাস্থ্যসেৱা আইন, ২০১৭ আৰু বিদ্যালয়ৰ বাবে নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিত শিশুসকলৰ সামাজিক আৰু আৱেগিক শিক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। যদি আমি শিশুক এই শিক্ষাৰে শিক্ষিত কৰি এই সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ সক্ষম হওঁ তেন্তে আমি মনো-সামাজিক দিশবোৰৰ কেইবাটাও উন্নয়ন চাবলৈ সক্ষম হ'ম।
ইফালে এই আলোচনাত অংশগ্ৰহণ কৰি শিশু সুৰক্ষা কৰ্মী মিগুৱেল দাস কিউৱে শেহতীয়াকৈ গুৱাহাটীৰ এহাল চিকিৎসক দম্পত্তিয়ে শিশুৰ ওপৰত চলোৱা নিৰ্যাতনৰ কথা উল্লেখ কৰে। তেওঁ প্ৰশ্ন কৰি কয় গুৱাহাটীৰ চিকিৎসক দম্পত্তীয়ে চলোৱা শিশু উৎপীড়নৰ দৰে ঘটনাত মানসিক আঘাত আৰু আৱেগিক সংকটৰ সন্মুখীন হোৱা ভুক্তভোগী শিশুসকলক কেনেদৰে চম্ভালিব?
তেওঁ গুৱাহাটীত শেহতীয়াকৈ সংঘটিত হোৱা শিশু নিৰ্যাতনৰ ঘটনাৰ উদাহৰণ দি কয়, কেইটামান পৰিয়াল আছে যিয়ে তেওঁলোকৰ সন্তানক মাৰপিট কৰা, এটা কোঠাৰ ভিতৰত বন্দী কৰাৰ দৰে কাৰ্যৰে উৎপীড়ন চলাই আহিছে। যেতিয়া আমি এই উৎপীড়নকাৰী পিতৃ-মাতৃসকলক প্ৰশ্ন কৰোঁ যে, তেওঁলোকে তেওঁলোকৰ সন্তানক এনেদৰে কিয় ব্যৱহাৰ কৰে, তেওঁলোকে কয়- মোৰ সন্তান, মোৰ সম্পত্তি। আমি তেওঁলোকৰ সৈতে কেনে ব্যৱহাৰ কৰোঁ সেয়া আমাৰ ইচ্ছা'।
তেওঁলোকে সদায়ে তেওঁলোকৰ সন্তানক সম্পত্তি হিচাপে গণ্য কৰি আহিছে। কিন্তু আন্তৰ্জাতিক আইন কাৰ্যকৰী হোৱাৰ পাছত এতিয়া শিশুসকল পিতৃ-মাতৃৰ সম্পত্তি নহয়। শিশুবোৰ হৈছে নিজা অধিকাৰ থকা মানুহ আৰু আমি প্ৰত্যেকেই এটা শিশুৰ অধিকাৰ পূৰণ কৰিবলৈ বাধ্য।
তেওঁ কয়, আমি গুৱাহাটীত অতি জঘণ্য শিশু উৎপীড়নৰ সাক্ষী হৈছো। য'ত এহাল চিকিৎসক দম্পতীয়ে অবৈধভাৱে দৰিদ্ৰ পৰিয়ালৰ পৰা দুটা শিশু ক্ৰয় কৰিছিল আৰু সেই দুয়ো শিশুকে পুতলাৰ দৰে ব্যৱহাৰ কৰিছিল। মই তেওঁলোকৰ আঘাতপ্ৰাপ্ত দেহা দেখিছো। আৰক্ষীয়ে দেখুওৱা ভিডিঅ'বোৰ দেখিছোঁ।
এটা অসমীয়া পৰিয়ালত এনে ধৰণৰ উৎপীড়ন চলি আছে বুলি ৰাইজে কল্পনাও কৰিব নোৱাৰে। এনে ঘটনা শিশু অধিকাৰৰ পৰা বঞ্চিত হৈ থকাৰ লগতে প্ৰাপ্ত বয়স্ক হিচাপে আমি শিশুৰ বাবে কি কৰিব লাগে সেই সিদ্ধান্ত গ্ৰহণ কৰা ধাৰণাৰ বাবে সংঘটিত হৈ আছে।যদি আমি সেই ধাৰণাক সলনি কৰিব পাৰো আৰু শিশুৰ প্ৰয়োজনীয়তাৰ বিষয়ে সজাগ হ’বলৈ চেষ্টা কৰো তেন্তে আমি শিশু অধিকাৰৰ প্ৰকৃত অৰ্থ জানিব পাৰিম।
ইফালে, ড০ গুপ্তাই গুৱাহাটীৰ শিশু উৎপীড়নৰ ঘটনাৰ প্ৰসংগত কয়, মই নিৰ্যাতনৰ বলি হোৱাসকলক লগ কৰাৰ সুযোগ পাইছিলো। এয়া অতি ভয়ংকৰ আছিল। কোনেও কল্পনাও কৰিব নোৱাৰিব যে ১০ বছৰো নোহোৱা শিশুৰ সৈতে কোনোবাই এনে ভয়াৱহ কাৰ্য সংঘটিত কৰিব পাৰে।
সেই ভুক্তভোগী শিশু দুটাক প্ৰত্যক্ষ কৰাৰ পাছত ৰাতি শুব পৰা নাছিলো। এই ঘটনাই মোক চিন্তিত কৰি তুলিছিল। মই চিন্তা কৰিছিলো আমি কঠোৰ শাস্তিৰে এনে এক আইন প্ৰস্তুত কৰিব পাৰোঁ নেকি যাৰ জৰিয়তে অভিযুক্ত কেতিয়াও মুকলি হৈ আহিব নোৱাৰে।কোনো অধিবক্তাই যাতে তেওঁলোকক মুকলি কৰি আনিব নোৱাৰে।
আলোচনাত নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি-২০২০ ৰ প্ৰসংগও উল্লেখিত হয়। এই শিক্ষানীতিত শিশুক ৩ বছৰ বয়সত বিদ্যালয়লৈ পঠিওৱাৰ কথা কোৱা হৈছে। সেয়েহে এই সন্দৰ্ভত পেনেলিষ্টসকলৰ মন্তব্য বিচৰাত ড০ সংগীতা গোস্বামীয়ে কয়, এই কোমল বয়সত শিশুৰ স্থান ঘৰত হ’ব লাগে।
তেওঁ কয়, কোনো সন্দেহ নাই যে শিশুৰ প্ৰথম স্থান ঘৰ কিন্তু আমি এইটোও বিবেচনা কৰিব লাগিব যে কিমান অভিভাৱকে তেওঁলোকৰ সন্তানৰ সৈতে ঘৰত সময় কটাব পাৰে। কিয়নো শিশুক বিদ্যালয়লৈ পঠোৱাৰ অৰ্থ এইটো নহয় যে, তেওঁলোকে শিশুক ঘৰৰ পৰা আঁতৰাই পঠিয়াইছে। কিণ্ডাৰ গাৰ্ডেনৰ ধাৰণাটো বেলেগ। ই এখন প্লে’ স্কুলৰ দৰে। এইটো ঘৰৰ পৰা বিদ্যালয়লৈ যাত্ৰা কৰাৰ এক শৈক্ষিক প্ৰক্ৰিয়া।
তেওঁ পুনৰ কয়, বিদ্যালয় আৰু অভিভাৱকৰ মাজত এক সম্পৰ্ক থাকিব লাগিব। কিয়নো শিশুৱে বিদ্যালয়ত শিকা বহু বিষয়ক লৈ বহু সময়ত বিভ্ৰান্ত হয়। ইয়াৰোপৰি শিশুক কিদৰে চাপ নিদিয়াকৈ শিক্ষা দিব লাগে তাৰ বাবে শিক্ষকৰ প্ৰশিক্ষণো গুৰুত্বপূৰ্ণ।
আনহাতে, অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ অন্যান্য ৰাজ্যসমূহত সৰবৰাহৰ অত্যাধিক হাৰৰ সন্দৰ্ভত বক্তব্য ৰাখি মিগুৱেল দাস কিউৱে কয়, "এন চি আৰ বিত উপলব্ধ তথ্যই প্ৰকাশ কৰিছে যে উত্তৰ পূৰ্বাঞ্চলৰ শিশু সৰবৰাহৰ ঘটনাবোৰৰ বেছিভাগেই অপহৰণ আৰু পলায়নৰ ঘটনা।
তেওঁ কয়, প্ৰেমিক যুগল পলাই যোৱাৰ পাছত তেওঁলোকৰ পিতৃ-মাতৃয়ে অপহৰণৰ গোচৰ ৰুজু কৰে। এই তথ্য বোৰ এন চি আৰ বিত উপলব্ধ হয়। ইয়াৰ বাবেই অসমত সৰবৰাহৰ হাৰ সৰ্বাধিক বুলি তথ্য প্ৰকাশ হয়। এই তথ্য বিসংগতিপূৰ্ণ। কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে, অসমত মানৱ সৰবৰাহৰ কোনো ঘটনা সংঘটিত হোৱা নাই।
তেওঁ কয়, এই ঘটনাবোৰৰ সৈতে সামাজিক, অৰ্থনৈতিক ভূ-ৰাজনৈতিক কাৰণ জড়িত হৈ আছে। অঞ্চলটোত চলি থকা সামাজিক-ৰাজনৈতিক সমস্যাবোৰো শিশু সৰবৰাহৰ কাৰণ হৈ পৰিছে। এই সমস্যাবোৰ সমাধানৰ বাবে আমাৰ হাতত কোনো যাদুদণ্ড নাই। কেৱল আইন প্ৰৱৰ্তন কৰাৰ ওপৰত নিৰ্ভৰ নকৰি সমাজ কল্যাণৰ জৰিয়তেও এই সমস্যা সমাধানৰ চেষ্টা কৰিব পাৰো।