অসমীয়া প্ৰতিদিন আৰু প্ৰতিদিন টাইমৰ উদ্যোগত ৰাজধানী দিল্লীত ‘দ্যা কনক্লেভ-২০২২’...

অহা ১৫ আৰু ১৬ অক্টোবৰত দিল্লীৰ মানেকশ্ব কেন্দ্ৰত অনুষ্ঠিত হ'ব দ্যা কনক্লেভ ২০২২

author-image
Asomiya Pratidin
New Update
অসমীয়া প্ৰতিদিন আৰু প্ৰতিদিন টাইমৰ উদ্যোগত ৰাজধানী দিল্লীত ‘দ্যা কনক্লেভ-২০২২’...

The Conclave 2022

ডিজিটেল ডেস্ক : উত্তৰ পূৰ্বাঞ্চলৰ সামগ্ৰিক উন্নয়ন আৰু এই অঞ্চলটোৰ বিভিন্ন সমস্যাৰ ওপৰত বস্তুনিষ্ঠ ভাৱে আলোচনাৰ উদ্দেশ্যৰে বিশেজ্ঞ আৰু নীতি নিৰ্ধাৰকসকলক একেখন মঞ্চলৈ আনি অসমীয়া প্ৰতিদিন আৰু প্ৰতিদিন টাইমে ডালমিয়া চিমেণ্টৰ সহযোগত অহা ১৫ আৰু ১৬ অক্টোবৰত দিল্লীৰ মানেকশ্ব কেন্দ্ৰত অনুষ্ঠিত কৰিছে দ্যা কনক্লেভ ২০২২।

Advertisment

অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন দিশৰ ওপৰত বস্তুনিষ্ঠ আলোচনাৰ লক্ষ্যৰে অনুষ্ঠিত কৰা এই কলক্লেভে অঞ্চলটোৰ উন্নয়নৰ দিশত এক ৰোডমেপ তৈয়াৰ কৰিব বুলি আশা কৰা হৈছে। দুদিনীয়াকৈ অনুষ্ঠিত হ’বলগীয়া এই কনক্লেভত ৰাজনৈতিক নেতা, বিশেষজ্ঞ, শিক্ষাবিদ, আমোলা, সাংবাদিক আৰু আইনজীৱি, উদ্যোগী, ক্ৰীড়াবিদকে ধৰি বিভিন্ন ক্ষেত্ৰৰ বহু বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিব।

কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এই কনক্লেভৰ প্ৰথম দিনটোত সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰিব। ইয়াৰ পিছতে জাতীয়তাবাদ, চাহ উদ্যোগ আৰু ইয়াৰ ভৱিষ্যত, উত্তৰ-পূৰ্বাঞ্চলৰ বহনক্ষম পৰ্যটন আৰু ইয়াৰ সম্প্ৰসাৰণ কৰাৰ উপায়, বনধ্বংস আৰু ঔদ্যোগিকৰণ সন্দৰ্ভত শক্তি সুৰক্ষা, এক্ট ইষ্ট পলিচিৰ আধাৰত ব্ৰহ্মপুত্ৰক সঠিক ব্যৱহাৰ আদি বিষয়ৰ ওপৰত আলোচনা কৰা হ’ব।

সন্মিলনৰ দ্বিতীয়টো দিনত অৰ্থা ৎ ১৬ অক্টোবৰত উত্তৰ পূৰ্বাঞ্চলৰ লোকসকলে ভাৰতৰ বিভিন্ন চহৰত সন্মুখীন হৈ অহা বৰ্ণবাদ আৰু অন্যান্য সমস্যাৰ সৈতে কিদৰে মোকাবিলা কৰিব পাৰি, ড্ৰাগছৰ ভয়াৱহতা,  সন্ত্ৰাসবাদ আৰু বিদ্ৰোহ, আন্তঃৰাজ্যিক সীমা বিবাদ আদি বিষয়ৰ ওপৰত আলোচনা অনুষ্ঠিত হোৱাৰ লগতে অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ মহিলাসকলৰ স্বাস্থ্য, পুষ্টিহীনতা তথা স্বাস্থ্যসেৱাৰ সুবিধা আৰু উত্তৰ পূৰ্বাঞ্চলৰ ক্ৰীড়া ক্ষেত্ৰৰ বিষয়সমূহকো সামৰি ল’ব।

আনহাতে অসমৰ ৪ লাখ কোটিৰ অৰ্থনীতি, ৰাজ্যখনত বিনিয়োগ আৰু নিযুক্তিৰ বিষয়সমূহৰ ওপৰত আলোচনাৰ জৰিয়তে ৰাজ্যৰ অৰ্থনীতিৰ দিশটোৰ ওপৰত গুৰুত্ব আৰোপ কৰি এই দিশসমূহকো আলোচনাত সামৰি ল’ব।

এই বিষয়সমূহৰ ওপৰত বক্তব্য প্ৰদানৰ বাবে কেন্দ্ৰীয় জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰ, অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে আংশগ্ৰহণ কৰাৰ উপৰিও সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া, অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰা, এ ই আৰ চিৰ অধ্যক্ষ কুমাৰ সঞ্জয় কৃষ্ণ, ভাৰতীয় চাহ বৰ্ড আৰু টি আৰ এৰ প্ৰাক্তন অধ্যক্ষ প্ৰভাত বেজবৰুৱা, পৰ্যটনৰ ৰাজ্যিক মন্ত্ৰী শ্ৰীপদ নায়কে।

আনহাতে, দিল্লীৰ বিশেষ আৰক্ষী আয়ুক্ত ৰবীন হিবু, গৃহ সচিব অজয় কুমাৰ ভাল্লা, ভাৰতীয় সেনাৰ ইষ্টাৰ্ণ কমাণ্ডৰ মুৰব্বী লেঃ জেনেৰেল ৰাণা প্ৰতাপ কলিতা, অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান জি পি সিং, কমনৱেলথ গেমছত সোণৰ পদক প্ৰাপ্ত লন বল খেলুৱৈ নয়নমণি শইকীয়া, ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ উত্তৰ পূৰ্বাঞ্চল ক্ষেত্ৰৰ গুৱাহাটীস্থিত কেন্দ্ৰৰ কাৰ্যবাহী সঞ্চালক সতীশ কে চাৰহাদী, মণিপুৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ সহকাৰী সঞ্চালক লাইচাংগবাম অনিতা চানু আৰু সমীৰ সিনহায়ো বক্তব্য আগবঢ়াব।  

pratidin time ASOMIYA PRATIDIN delhi assam conclave