মোডীৰ নেতৃত্বত ভাৰতবৰ্ষক আগবাঢ়ি যোৱাত কোনোৱে বাধা দিব নোৱাৰেঃ অমিত শ্বাহ

শুকুৰবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে উদ্বোধন কৰে ৫৭ সংখ্যক ডিজিএছপি/আইজিএছপি সন্মিলনখন।
মোডীৰ নেতৃত্বত ভাৰতবৰ্ষক আগবাঢ়ি যোৱাত কোনোৱে বাধা দিব নোৱাৰেঃ অমিত শ্বাহ

ডিজিটেল ডেস্ক: শুকুৰবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে উদ্বোধন কৰে ৫৭ সংখ্যক ডিজিএছপি/আইজিএছপি সন্মিলনখন। নতুন দিল্লীৰ পুছা চৌহদৰ ৰাষ্ট্ৰীয় কৃষি বিজ্ঞান কমপ্লেক্সত অনুষ্ঠিত হয় এই সন্মিলন।

এই সন্মিলনত ভাষণ প্ৰদান কৰি শ্বাহে কয় যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত ভাৰত উন্নতিৰ শিখৰলৈ গতি কৰিছে। এয়া প্ৰমাণ হৈ গৈছে যে সমগ্ৰ বিশ্বই এতিয়া এই সত্যটো স্বীকাৰ কৰিছে ভাৰতক আৰু পিছুৱাই নিব নোৱাৰি। শেহতীয়া এক প্ৰতিবেদন অনুসৰি ২০২৭ চনৰ ভিতৰত ভাৰত বিশ্বৰ তৃতীয় সৰ্ববৃহৎ অৰ্থনীতি হৈ পৰিব।

তেওঁ লগতে কয় যে, মই কেৱল জৰীপৰ আধাৰত এই কথা কোৱা নাই । ২০১৪ চনত আমাৰ অৰ্থনীতি বিশ্বৰ ১১ তম সৰ্ববৃহৎ আছিল। কিন্তু ২০১৪ চনৰ পৰা ২০২৩ চনৰ জানুৱাৰীলৈকে আৰম্ভ হোৱা সময়ছোৱাত আমি ১১ তম স্থানৰ পৰা ৫ম স্থানলৈ আহিছো।

জম্মু-কাশ্মীৰত পূৰ্বৰ তুলনাত সন্ত্ৰাসবাদী কাৰ্যকালপ হ্ৰাস পোৱা বুলি মন্তব্য কৰি তেওঁ কয় যে জম্মু কাশ্মীৰলৈ লাহে লাহে শান্তি ঘূৰি আহিছে। পূৰ্বতে সেই ঠাইৰ যুৱক-যুৱতী অধ্যয়নৰ বাবে অন্যৰাজ্যলৈ গৈছিল। কিন্তু এতিয়া বিভিন্ন ৰাজ্যৰ প্ৰায় ৩২০০০ যুৱক যুৱতী তাত অধ্যয়ন কৰি আছে।

২০২২ বৰ্ষত জম্মু-কাশ্মীৰত পৰ্যটক ফুটবলৰ সকলো অভিলেখ ভংগ কৰে। এই বৰ্ষত মুঠ পৰ্যটকৰ সংখ্যা আছিল ১.৮০ কোটি। যিয়ে দেখুৱায় যে সমগ্ৰ ৰাষ্ট্ৰ নিশ্চিত যে অঞ্চলটোলৈ শান্তি ঘূৰি আহিছে।

উত্তৰ-পূবত লাভ কৰা সফলতাৰ বিৱৰণ দি তেওঁ কয়, "উত্তৰ-পূব ভাৰতত ৯ টা বিভিন্ন ধৰণৰ বিদ্ৰোহী গোটে আত্মসমৰ্পণ কৰি শান্তি চুক্তি স্বাক্ষৰ কৰিছে আৰু মূলসুঁতিলৈ উভতি আহিছে।বন্দুক হাতত তুলি লোৱা ৯,০০০ তকৈও অধিক বিদ্ৰোহীয়ে এতিয়া আত্মসমৰ্পণ কৰিছে । উত্তৰ পূৱৰ সীমা বিবাদো শীঘ্ৰেই মীমাংশা কৰিব বুলি কয় শ্বাহে।

সন্ত্ৰাসবাদী কাৰ্যকালাপ হ্ৰাস পোৱা বুলি মন্তব্য কৰি তেওঁ কয় যে , ২০১০ চনত ৯৬ খন সন্ত্ৰাসবাদী প্ৰভাৱিত জিলা আছিল ।এতিয়া মাত্ৰ ৪৬ খন জিলাহে আছে। এনে অঞ্চলসমূহত সকলোধৰণৰ হিংসা ৪০ ৰ পৰা ৬০ শতাংশ হ্ৰাস হোৱা বুলি কয় শ্বাহে।

উল্লেখ্য যে, ৩ দিনীয়া এই সন্মিলনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও অংশ গ্ৰহণ কৰিব।সন্মিলনত চাইবাৰ অপৰাধ, ড্ৰাগছৰ বিৰুদ্ধে যুঁজ, সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দিয়াৰ প্ৰত্যাহ্বান আৰু বাওঁপন্থী উগ্ৰবাদৰ বিষয়ে আলোচনা কৰা হ'ব।

এই সন্মিলনখন ডিজিটেল মাধ্যমৰ জৰিয়তে আয়োজন কৰা হৈছে। ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ডিজিপি, কেন্দ্ৰীয় সশস্ত্ৰ বাহিনী আৰু কেন্দ্ৰীয় আৰক্ষী সংগঠনৰ মুৰব্বীকে ধৰি প্ৰায় ১০০ জন প্ৰতিনিধিয়ে পোনপটীয়াকৈ সন্মিলনত অংশগ্ৰহণ কৰিব। আনহাতে আনসকলে ডিজিটেল মাধ্যমৰ জৰিয়তে সংযোগ স্থাপন কৰিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in