বস্তি অঞ্চলত জুইৰ সংহাৰী ৰূপ! জাহ গ’ল ১০০০ৰো অধিক বাসগৃহ, মৃত্যু...

এক ভয়ংকৰ অগ্নিকাণ্ডই জোকাৰি গ'ল বৃহত্তৰ এলেকা। জুইত জাহ গ'ল শ শ বাসগৃহ।
বস্তি অঞ্চলত জুইৰ সংহাৰী ৰূপ! জাহ গ’ল ১০০০ৰো অধিক বাসগৃহ, মৃত্যু...

ডিজিটেল ডেস্কঃ এক ভয়ংকৰ অগ্নিকাণ্ডই জোকাৰি গ'ল বৃহত্তৰ এলেকা। জুইত জাহ গ'ল শ শ বাসগৃহ। ধ্বংসস্তূপত পৰিণত হ'ল সকলো। এই ঘটনা সংঘটিত হৈছে মুম্বাইত।

মুম্বাইৰ আনন্দ নগৰত সংঘটিত হোৱা এই অগ্নিকাণ্ডৰ ফলত ১০০০ৰো অধিক বাসগৃহ জুইত জাহ যায়। তদুপৰি এই ভয়ানক অগ্নিকাণ্ডত প্ৰাণ হেৰুৱাইছে এজন লোকে। নিমিষতে ভস্মীভূত হৈ পৰা এই অগ্নিকাণ্ড কি দৰে সূত্ৰপাত হয় সেই সন্দৰ্ভত বৰ্তমান সময়লৈকে জানিব পৰা হোৱা নাই । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যেই তদন্ত আৰম্ভ কৰিছে।

উল্লখ্য যে, অগ্নিকাণ্ডত প্ৰায় ১৫ৰ পৰা ২০টা ৰন্ধন গেছ বিস্ফোৰণ হয়। ইপিনে এক বস্তি অঞ্চলত এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ ফলত অগ্নি নিৰ্বাপক বাহিনী উক্ত স্থানত উপস্থিত হোৱাত অসুবিধাৰ সন্মুখীন হয়।

বস্তি অঞ্চলত জুইৰ সংহাৰী ৰূপ! জাহ গ’ল ১০০০ৰো অধিক বাসগৃহ, মৃত্যু...
ভাৰতৰ পাঠ্য়ক্ৰমত অংশগ্ৰহণ তালিবান শাসনৰ অধীনত থকা একাংশৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in