শপত গ্ৰহণৰ দিনাই মুখ্যমন্ত্ৰীৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ সন্মুখত চলিল বুলড'জাৰ

বৃহস্পতিবাৰে তেলেংগানাৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে কংগ্ৰেছ নেতা ৰাৱন্থ ৰেড্ডীয়ে।

author-image
Asomiya Pratidin
New Update
শপত গ্ৰহণৰ দিনাই মুখ্যমন্ত্ৰীৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ সন্মুখত চলিল বুলড'জাৰ

ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে তেলেংগানাৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে কংগ্ৰেছ নেতা ৰাৱন্থ ৰেড্ডীয়ে। শপত গ্ৰহণ কৰাৰ লগে লগে তেওঁ নিৰ্বাচনী প্ৰচাৰৰ সময়ত কৰা প্ৰতিশ্ৰুতি পূৰণ কৰে।

Advertisment

ৰেড্ডীয়ে নিৰ্বাচনী প্ৰচাৰৰ সময়ত প্ৰতিশ্ৰুতি দিছিল যে জনতাৰ বাবে মুখ্যমন্ত্ৰীৰ বাসগৃহৰ সকলো দুৱাৰ খোলা থাকিব। এই প্ৰতিশ্ৰুতি ৰক্ষা কৰিবলৈ আজি তেওঁ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ (প্ৰগতি ভৱন) সন্মুখত থকা লোহাৰ বেৰিকেডবোৰ আঁতৰ কৰাৰ কাম আৰম্ভ কৰে।  বেৰিকেডবোৰ আঁতৰাবলৈ কেইবাখনো বুলডোজাৰ, ট্ৰেক্টৰ ব্যৱহাৰ কৰে।

উল্লেখ্য যে, ৰাৱন্থ ৰেড্ডীৰ উপৰিও আজি মল্লু বি.বিক্ৰমাৰ্কে উপমুখ্যমন্ত্ৰী হিচাপে আৰু কেইবাগৰাকী নেতাই মন্ত্ৰী হিচাপে উপস্থিত থাকে। আজিৰ এই শপত গ্ৰহণ কাৰ্যসূচীত কংগ্ৰেছ অধ্যক্ষ মালিকাৰ্জুন খাৰ্গেৰ লগতে কেইবাগৰাকী জ্যেষ্ঠ নেতা উপস্থিত থাকে।

Also Read: ভয়ংকৰ! কি কাৰণে এটা পৰিয়ালৰ ৪জনে বাছি ল'লে চৰম পন্থা?

telengana revanth reddy