Advertisment

টেলিকম আৰু নেটৱৰ্কিং পণ্যৰ পি এল আই আঁচনিত ৩,৯৯৮ কোটি টকা বিনিয়োগ

যোগাযোগ আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ড০ চন্দ্ৰ শেখৰ পেম্মাছানীয়ে কয় যে, টেলিকম আৰু নেটৱৰ্কিং সামগ্ৰীৰ বাবে উৎপাদন-সংযোজিত ইনচেণ্টিভ (পি এল আই) আঁচনিত প্ৰকৃত বিনিয়োগ হৈছে ৩,৯৯৮ কোটি টক। যি পূৰ্বে দিয়া ৪,০১৪ কোটি টকাৰ প্ৰতিশ্ৰুতিৰ ওচৰত।

author-image
Tushar Pratim
New Update
টেলিকম আৰু নেটৱৰ্কিং পণ্যৰ পি এল আই আঁচনিত ৩,৯৯৮ কোটি টকা বিনিয়োগ

ডিজিটেল ডেস্কঃ বুধবাৰে লোকসভাত এক প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ যোগাযোগ আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ড০ চন্দ্ৰ শেখৰ পেম্মাছানীয়ে কয় যে, টেলিকম আৰু নেটৱৰ্কিং সামগ্ৰীৰ বাবে উৎপাদন-সংযোজিত ইনচেণ্টিভ (পি এল আই) আঁচনিত প্ৰকৃত বিনিয়োগ হৈছে ৩,৯৯৮ কোটি টক। যি পূৰ্বে দিয়া ৪,০১৪ কোটি টকাৰ প্ৰতিশ্ৰুতিৰ ওচৰত।

Advertisment

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে, ৩১ অক্টোবৰলৈকে এই আঁচনিৰ অধীনত ৪২ টা সংগঠন উপকৃত হৈছে। উল্লেখ্য যে, ২০২১ চনত, টেলিকম বিভাগে টেলিকম সামগ্ৰীৰ উৎপাদন বৃদ্ধি আৰু আমদানি নিৰ্ভৰশীলতা হ্ৰাস কৰাৰ বাবে পিএলআই আঁচনি ঘোষণা কৰিছিল।

যাৰ বাবে ১২,১৯৫ কোটি টকাৰ বিত্তীয় আৱণ্টন কৰা হৈছিল। ২০২২ ৰ জুনত আঁচনিখনৰ নিৰ্দেশনা সলনি কৰা হয়। যাৰ ফলত দেশৰ ভিতৰত ডিজাইন, উন্নয়ন আৰু নিৰ্মাণ কৰা সামগ্ৰীৰ বাবে অতিৰিক্ত ১ শতাংশ ইনচেণ্টিভ প্ৰদান কৰা হৈছিল।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ মতে, ৩০ ছেপ্টেম্বৰলৈকে আঁচনিখনৰ অধীনত ৰপ্তানি ১২,৩৮৪ কোটি টকাত উপনীত হৈছে। আবেদনকাৰী কোম্পানীসমূহৰ মুঠ বিক্ৰীয়ে ৬৫,৩২০ কোটি টকা অতিক্ৰম কৰিছে।

এই আঁচনিৰ অধীনত, ৩৩ টা টেলিকম আৰু নেটৱৰ্কিং সামগ্ৰী আছে। যাৰ বাবে ৪ শতাংশৰ পৰা ৭ শতাংশ ইনচেণ্টিভ প্ৰদান কৰা হয়। ইয়াৰ উপৰিও, এম.এছ.এম.ই.-ৰ বাবে প্ৰথম ৩ বছৰৰ বাবে ১ শতাংশ আৰু ভাৰতত ডিজাইন কৰা সামগ্ৰীৰ বাবে আন ১ শতাংশ অতিৰিক্ত ইনচেণ্টিভ আছে।

ইফালে, ২০২০ চনত, বৃহৎ পৰিমাণৰ ইলেক্ট্ৰনিক্স উৎপাদনৰ বাবে এক পিএলআই আঁচনিও আৰম্ভ কৰা হৈছিল। যিয়ে মোবাইল ফোন আৰু কিছু ইলেক্ট্ৰনিক উপাদান নিৰ্মাণ কৰা কোম্পানীবোৰক উদগনি প্ৰদান কৰিছে।

 

টেলিকম সংসদৰ অধিৱেশন