/asomiyapratidin/media/media_files/2025/02/26/eHW1etyxOYkktqQHGQ5h.jpg)
ডিজিটেল ডেস্কঃ তেলেংগানাৰ নগৰকুৰনুল জিলাৰ শ্ৰীশৈলাম বাঁও পাৰৰ খাল সুৰংগত বিগত পাঁচ দিন ধৰি আবদ্ধ হৈ থকা শ্ৰমিকসকলক উদ্ধাৰৰ প্ৰচেষ্টা অব্যাহত আছে। ইয়াৰ বাবে কেমেৰা, ছ’নাৰ আৰু পৰ্টেবল কেমেৰা ৰবট লগোৱা ড্ৰ’ন ব্যৱহাৰ কৰা হৈছে।
উল্লেখ্য যে, শনিবাৰে পুৱা সুৰংগটোৰ এটা অংশ ভাঙি যায়, যাৰ বাবে ভিতৰত আবদ্ধ হৈ পৰে ৮ জনকৈ লোক। উদ্ধাৰকাৰী দলে সুৰংগটোৰ এটা বৃহৎ অংশ ১৩.৮৫ কিলোমিটাৰৰ ভিতৰত ১৩.৭৯ কিলোমিটাৰ অতিক্ৰম কৰিবলৈ সক্ষম হৈছে।
শেষৰ অংশটো ভাঙি পৰা স্থানত পানী আৰু বোকা জমা হোৱা বাবে প্ৰত্যাহ্বানমূলক হৈ পৰিছে। মঙলবাৰে সন্ধিয়া মন্ত্ৰী এন উত্তম কুমাৰ ৰেড্ডীয়ে কয় যে, এই অভিযানত ১১টা ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক সংস্থা জড়িত হৈ আছে।
মঙলবাৰে উক্ত স্থান পৰিদৰ্শন কৰি উপ-মুখ্যমন্ত্ৰী ভট্টি বিক্ৰমাৰ্কাই কয় যে, "আমি আঠজন লোকক বিচাৰি নোপোৱালৈকে জিৰণি নলও। আমি যি কৰিব লাগে তাকেই কৰিম। এই স্থানত উপস্থিত থকা দেশৰ বিভিন্ন প্ৰান্তৰ বহু বিশেষজ্ঞৰ উপৰিও চৰকাৰে এনে পৰিস্থিতিৰ অভিজ্ঞতা থকা আন্তঃৰাষ্ট্ৰীয় বিশেষজ্ঞৰ সৈতে যোগাযোগত আছে। ভিতৰত আবদ্ধ হৈ থকা আঠজন লোকক বিচাৰি নোপোৱালৈকে ৰাজ্য চৰকাৰে হাৰ নামানে।