/asomiyapratidin/media/media_files/2024/12/23/2sxAZcfSBJTRgFNCzGZB.jpg)
ডিজিটেল ডেস্কঃ অভিনেতা আল্লু অৰ্জুনৰ বাসগৃহলৈ লক্ষ্য কৰি ধাৰাসাৰ শিল, বিলাহী নিক্ষেপ কৰাৰ ঘটনাক নিন্দা কৰিলে তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডীয়ে। দেওবাৰে এদল প্ৰতিবাদকাৰীয়ে হায়দৰাবাদৰ জুবিলি হিলছত থকা অভিনেতাগৰাকীৰ ঘৰৰ সন্মুখত বিক্ষোভ প্ৰদৰ্শন কৰিছিল।
এই বিক্ষোভৰ মাজতে হঠাৎ বিক্ষোভকাৰীসকলৰ মাজৰ পৰা এচামে পথৰ শিল আৰু বিলাহী নিক্ষেপ কৰিবলৈ আৰম্ভ কৰে। তাৰোপৰি এই বিক্ষোভকাৰীসকলে আল্লু অৰ্জুনৰ বাসগৃহতো অনাধিকাৰ প্ৰৱেশৰ চেষ্টা কৰে।
বাসগৃহৰ সন্মুখত থকা ফুলৰ টাবো ভাঙি ধ্বংস কৰে এই বিক্ষোভকাৰীসকলে। দেওবাৰৰ এই ঘটনাৰ পাছতে তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডীয়ে সমগ্ৰ ঘটনাক নিন্দা কৰি তদন্তৰ নিৰ্দেশ প্ৰদান কৰিছে।
উল্লেখ্য যে, হায়দৰাবাদৰ সন্ধ্যা থিয়েটাৰত যোৱা ৪ ডিচেম্বৰত 'পুষ্পা-২' চিনেমাৰ প্ৰীমিয়াৰ শ্ব’ত সংঘটিত হৈছিল এক দুৰ্ঘটনা। ভিৰৰ মাজত পদপিষ্ট হৈ মৃত্যু হৈছিল এগৰাকী মহিলাৰ। আঘাতপ্ৰাপ্ত হৈছিল তেওঁৰ চাৰি বছৰীয়া সন্তান।
এই ঘটনাৰ প্ৰতিবাদতেই দেওবাৰে অভিনেতা আল্লুৰ বাসগৃহত প্ৰতিবাদ কৰিছিল একাংশ লোকে। তেওঁলোকে নিজকে ওছমানিয়া বিশ্ববিদ্যালয়ৰ ছাত্ৰ হিপাচে নিজৰ পৰিচয় দিছে। তেওঁলোকে দাবী কৰিছে মৃত মহিলাগৰাকীৰ পৰিয়ালক এক কোটি টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰিব লাগে আল্লু অৰ্জুনে। অৱশ্যে এই প্ৰতিবাদৰ সময়ত আল্লু অৰ্জুন বাসগৃহত নাছিল।
এই ঘটনাৰ পাছতেই ৰেৱন্ত ৰেড্ডীয়ে সামাজিক মাধ্যমৰ জৰিয়তে কয়, ''মই অভিনেতাগৰাকীৰ বাসগৃহ আক্ৰমণৰ বিৰোধিতা কৰিছো। আইন শৃংখলা পৰিস্থিতি নিয়ন্ত্ৰিত ৰাখিবলৈ ৰাজ্যৰ আৰক্ষী প্ৰধান আৰু চহৰৰ আৰক্ষীক কঠোৰ পদক্ষেপ গ্ৰহণৰ নিৰ্দেশ দিয়া হৈছে। এই ঘটনাক কোনো কাৰণতে সহ্য কৰা নহ’ব।''
জানিব পৰা মতে দেওবাৰৰ এই ঘটনাৰ পাছতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হয় আৰু ওছমানিয়া বিশ্ববিদ্যালয়ৰ জইণ্ট এক্সন কমিটীৰ ৮ জন সদস্যক আটক কৰি আৰক্ষী থানালৈ লৈ যোৱা হৈছে। ইতিমধ্যে সামাজিক মাধ্যমত আল্লু অৰ্জুনৰ বাসগৃহ আক্ৰমণ কৰাৰ এক ভিডিঅ’ও ভাইৰেল হৈ পৰিছে।
ইফালে ৰেৱন্ত ৰেড্ডীয়ে আল্লু অৰ্জুনৰ বাসগৃহ আক্ৰমণ কৰা ঘটনাৰ তাৎক্ষণিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে কঠোৰ ব্যৱস্থাৰ নিৰ্দেশ দিয়া ঘটনাও বিশেষ তাৎপৰ্যপূৰ্ণ হিচাপে বিবেচিত হৈছে। কিয়নো ৰেৱন্ত ৰেড্ডীয়ে আল্লু অৰ্জুনক যোৱা সময়ছোৱাত পদপিষ্টৰ এই ঘটনাক লৈ সমালোচনা কৰি আহিছিল।
তেলেংগানা আৰক্ষীৰ সঞ্চালক প্ৰধানগৰাকীয়েও আল্লু অৰ্জুনক সমালোচনা কৰিছিল। তেওঁ কৈছিল আল্লু অৰ্জুনৰ বিৰুদ্ধে কোনো ব্যক্তিগত আক্ষেপ নাই। কিন্তু চিনেমাৰ প্ৰমোচনতকৈ সাধাৰণ মানুহৰ নিৰাপত্তা বহু বেছি জৰুৰী। তেওঁ চিনেমাৰ নায়ক হ’ব পাৰে। কিন্তু সমাজৰ সমস্যাৰ বিষয়েও তেওঁলোকে বুজিব পাৰিব লাগিব।
এই প্ৰসংগত শনিবাৰে মুখ খুলিছে আল্লু অৰ্জুনে। তেওঁ কয়, ''বহু ভুল খবৰ চাৰিওফালে বিয়পি আছে। কোনো বিভাগ, ৰাজনৈতিক নেতা বা কোনো ব্যক্তিকে মই দোষ দিব নিবিচাৰো। কিন্তু এয়া অপমানজনক। এনেকুৱা লাগিছে যেন মোৰ চৰিত্ৰ হনন কৰা হৈছে।''