গুজৰাটত ১৩ হেজাৰ কোটি টকীয়া বৈদ্যুতিক বেটাৰী প্লান্ট নিৰ্মাণ কৰিব টাটাই

গুজৰাটত ১৩ হেজাৰ কোটি টকীয়া বৈদ্যুতিক বেটাৰী প্লান্ট নিৰ্মাণ কৰিব টাটাই

ডিজিটেল ডেস্ক : সমগ্ৰ বিশ্বত ক্ৰমে দেখা দি অহা খাৰুৱা তেলৰ সংকট তথা বিদ্যুৎ চালিত বাহনৰ প্ৰসাৰৰ প্ৰতি লক্ষ্য ৰাখি ভাৰততো বিভিন্ন গাড়ী নিৰ্মাণকাৰী প্ৰতিষ্ঠানে মুকলি কৰিছিল কেইবাখনো বৈদ্যুতিক বাহন । কিন্তু তাৰ সৈতেই দেখা দিছিল আন এক সমস্যাই । বৈদ্যুতিক বাহনৰ প্ৰসাৰৰ সৈতেই সমান্তৰালভাৱে কিন্তু আৰম্ভ হোৱা নাছিল বাহন সমূহৰ চাৰ্জিং পইন্ট । যিদৰে দেশৰ যিকোনো অঞ্চলতেই অন্তত : এটাকৈ পেট্ৰ'ল পাম্প পৰিলক্ষিত হয় ঠিক সেইদৰে কিন্তু নাই চাৰ্জিং পইন্ট । যাৰ বাবে দেশত বৈদ্যুতিক বাহনৰ ব্যৱহাৰ সীমিত হৈ ৰৈছিল । কিয়নো দীঘলীয়া যাত্ৰাত লৈ যোৱা বৈদ্যুতিক বাহন এখনে যদি চাৰ্জিং পইন্ট বিচাৰি নাপায় তেন্তে অক্ষম হৈ ৰ'ব বাহনখন ।

তেনে এক পৰিস্থিতিলৈ লক্ষ্য ৰাখিয়েই টাটাই গুজৰাটত ১৩ হেজাৰ কোটি টকীয়া বৈদ্যুতিক বেটাৰী প্লান্ট আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে । এই সন্দৰ্ভত ইতিমধ্যে ৰাজ্য চৰকাৰৰ সৈতে স্মাৰকপত্ৰত সাক্ষৰ কৰে টাটা গ্ৰুপে ।

প্ৰতি ঘন্টাত ২০ গিগাৱাট বিদ্যুৎ উৎপাদন কৰিবলগীয়া এই প্লান্টটোৰ জৰিয়তে সংস্থাপন লাভ কৰিব প্ৰায় ১৩ হেজাৰ লোকে ।

উল্লেখ্য যে, দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ২০৭০লৈ ভাৰতক 'কাৰ্বন ফ্ৰী' দেশৰূপে প্ৰতিষ্ঠা কৰাৰ সংকল্প গ্ৰহণ কৰাৰ পিছতেই দেশত বৈদ্যুতিক বাহনৰ প্ৰসাৰ বৃদ্ধি কৰিছিল গাড়ী নিৰ্মাণকাৰী প্ৰতিষ্ঠানসমূহে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in