Advertisment

অহা ৫ বছৰত ৫ লাখ চাকৰি সৃষ্টি কৰিব টাটা গ্ৰুপে...

টাটা গ্ৰুপে অহা পাঁচ বছৰত বেটাৰী, অৰ্ধপৰিবাহী, বৈদ্যুতিক বাহন আৰু সৌৰ উদ্যোগত পাঁচ লাখ সংস্থাপনৰ বাট মুকলি কৰাৰ পৰিকল্পনা হাতত লৈছে বুলি জনাইছে টাটা ছনছৰ অধ্যক্ষ এন চন্দ্ৰশেখৰণে।

author-image
Asomiya Pratidin
New Update
অহা ৫ বছৰত ৫ লাখ চাকৰি সৃষ্টি কৰিব টাটা গ্ৰুপে...

ডিজিটেল ডেস্কঃ টাটা গ্ৰুপে অহা পাঁচ বছৰত বেটাৰী, অৰ্ধপৰিবাহী, বৈদ্যুতিক বাহন আৰু সৌৰ উদ্যোগত পাঁচ লাখ সংস্থাপনৰ বাট মুকলি কৰাৰ পৰিকল্পনা হাতত লৈছে বুলি জনাইছে টাটা ছনছৰ অধ্যক্ষ এন চন্দ্ৰশেখৰণে।

Advertisment

তেওঁ জনাইছে এই চাকৰিসমূহ প্ৰধানতঃ ভাৰতৰ বিভিন্ন স্থানত নতুন কাৰখানা আৰু প্ৰকল্প স্থাপনৰ মাধ্যমত সৃষ্টি হ’ব। য’ত বেটাৰী, ছেমি কণ্ডাক্টৰ, বৈদ্যুতিক যানবাহন, সৌৰ যন্ত্ৰপাতি আৰু অন্যান্য গুৰুত্বপূৰ্ণ হাৰ্ডৱেৰ তৈয়াৰ হ’ব। আগন্তুক দিনৰ অৰ্থনীতিত ই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলিও আশা প্ৰকাশ কৰা হৈছে।

চন্দ্ৰশেখৰণে আৰু কয়, এই প্ৰকল্প ভাৰতৰ বাবে আৰু টাটা গ্ৰুপৰ বাবে এক উল্লেখনীয় উদ্যোগ হ’ব। আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হ’ল, ই প্ৰতিমাহে এক মিলিয়ন যুৱকৰ বাবে আশাৰ সঞ্চাৰ কৰিছে। তেওঁলোক আমাৰ শ্ৰম বজাৰত প্ৰবেশ কৰিছে। উৎপাদন উদ্যোগৰ এক শক্তিশালী মাল্টিপ্লেয়াৰ প্ৰভাৱ আছে। ছেমি কণ্ডাক্টৰৰ দৰে খণ্ডৰ পৰা প্ৰত্যক্ষ চাকৰিৰ উপৰিও পৰোক্ষ বহু চাকৰিৰ সুযোগ সৃষ্টি কৰিব।

টাটা গ্ৰুপে ২০২৪ চনত অৰ্জন কৰা কিছু সফলতাৰ দিশো চন্দ্ৰশেখৰণে উল্লেখ কৰিছে। তেওঁ কয়, টাটা গ্ৰুপে সমগ্ৰ দেশত সাতটা নতুন উৎপাদন কেন্দ্ৰ উদ্বোধন কৰিছে। ইয়াৰ ভিতৰত গুজৰাটৰ ধোলেৰাত প্ৰথম ছেমি কণ্ডাক্টৰ ফেব আৰু অসমৰ জাগীৰোডত নিৰ্মাণ কৰা আউটছ’ৰ্চ ছেমিকণ্ডাক্টৰ।

তাৰোপৰি টাটা গ্ৰুপে উদ্বোধন কৰিছে কৰ্ণাটকৰ নৰসুপুৰত ইলেক্ট্ৰনিক এচেম্বলী প্ৰকল্প, তামিলনাডুৰ পানাক্কামত অট’ম’টিভ প্ৰকল্প, বেংগালুৰুত এম আৰ অ’ সুবিধা, গুজৰাটত সানন্দত বেটাৰী কোষ নিৰ্মাণৰ বাবে নতুন কাৰখানা আৰু ইউকেৰ ছাবাথেটত এটা বেটাৰী চেল প্ৰকল্প। এইসমূহ প্ৰকল্পৰ উপৰিও তামিলনাডুৰ তিৰুনেলভেলীতো সৌৰ মডিউলৰ উৎপাদন উদ্বোধন কৰা হৈছে।

তেওঁ আৰু জনাইছে যে, টাটা কনছালটেঞ্চি ছাৰ্ভিচেছ আৰু টেজাছ নেটৱৰ্কে বিএছএনএলৰ বাবে ভাৰতৰ প্ৰথম দেশীয় ৪জি মোবাইল টেলিকম ষ্টেক উন্নয়ন কৰিছে আৰু এতিয়া ৫-জি সাজু হৈ উঠিছে।

ৰতন টাটাক স্মৰণ

২০২৪ চনৰ ৯ অক্টোবৰ, বুধবাৰে মৃত্যু হৈছিল ৰতন টাটাৰ। চন্দ্ৰশেখৰণে পুনৰ এবাৰ ৰতন টাটাৰ মৃত্যুত শোক প্ৰকাশ কৰে। তেওঁ কয়, "ৰতন টাটা এজন অমূল্য আদৰ্শৰ এগৰাকী নেতৃত্ব আছিল। যদিও তেওঁৰ অনুপস্থিতি সকলোৱে অনুভৱ কৰিব তথাপিও তেওঁ নিজৰ জীৱন উৎসৰ্গা কৰা কোম্পানীটো আগবাঢ়ি যাব। তেওঁ গ্ৰহণ কৰা গুৰুত্বপূৰ্ণ কৌশলগত পদক্ষেপসমূহে বিশেষকৈ উচ্চ-প্ৰযুক্তি উদ্যোগ আৰু উৎপাদন খণ্ডত আজি ফল প্ৰদান কৰিছে।”

এ আই প্ৰযুক্তি আৰু ভাৰতৰ অৰ্থনীতি

চন্দ্ৰশেখৰণে লগতে কয়, "স্বাস্থ্যসেৱা আৰু পৰিবহণ ব্যৱস্থাত কৃত্ৰিম বুদ্ধিমত্তাৰ (এ আই) ব্যৱহাৰ দ্ৰুত গতিত বৃদ্ধি পাইছে। স্বাস্থ্যসেৱাত এ আইয়ে ৰোগ চিনাক্তকৰণ আৰু চিকিৎসা কৰাৰ পদ্ধতিত বৈপ্লৱিক পৰিৱৰ্তন আনিব পাৰে। লগতে তেওঁ কয়,  উৎপাদন উদ্যোগে ভাৰতৰ অৰ্থনীতিৰ পৰিৱৰ্তনত আটাইতকৈ ডাঙৰ ভূমিকা পালন কৰিব পাৰে।”

চাকৰি টাটা গ্ৰুপ টাটাৰ ছেমি কণ্ডাক্টৰ প্ৰকল্প