পিতৃৰ সমাধি বিচাৰি পালেগৈ মালেইছিয়া...

পিতৃৰ সমাধি বিচাৰি পালেগৈ মালেইছিয়া...

ডিজিটেল ডেস্ক : তামিলনাডুৰ ভিতৰুৱা গাওঁ এখনৰ শিক্ষক থিৰুমাৰান । ছাত্ৰ-ছাত্ৰী সকলক ইংৰাজীৰ পাঠদান কৰে । বয়স প্ৰায় ৫৫ বছৰ । এই শিক্ষক গৰাকী চলিত বৰ্ষৰ ডিছেম্বৰ মাহত উপস্থিত হ'ল মালেইছিয়াত পিতৃৰ সমাধি বিচাৰি । কিন্তু তামিলনাডুৰ এগৰাকী পঞ্চাশোৰ্ধৰ ব্যক্তিৰ পিতৃৰ সমাধি কিদৰে পালেগৈ মালেইছিয়া !

দৰাচলতে, থিৰুমানৰ বয়স প্ৰায় ৬ মাহ থাকোতেই মৃত্যু বৰণ কৰিছিল পিতৃয়ে । পিতৃ ৰামাসুন্দৰমো আছিল এগৰাকী শিক্ষক । মালেইছিয়াত শিক্ষকতা কৰি পেট প্ৰৱৰ্তোৱা ৰামাসুন্দৰমে লগত লৈ গৈছিল নৱ বিবাহিত পত্নী আৰু সন্তানক । কিন্তু ৰামাসুন্দৰমৰ মৃত্যৰ পাছতেই অৰ্থৰ অভাৱত উভতি আহিবলৈ বাধ্য হ'ল পৰিয়ালটি । ৬ মহীয়া থিৰুমানে বয়সৰ সৈতেই পাহৰি পেলালে পিতৃৰ স্মৃতি । হাতত সমল বুলিবলৈ মাত্ৰ কেইখন মান চিঠি যি পিতৃ ৰামাসুন্দৰমে লিখিছিল মাতৃলৈ । এইয়া ১৯৬৭ চনৰ কথা ।

ক্ৰমে থিৰুমান ২২ বছৰীয়া হ'ল । ১৯৮৭ চনত মৃত্যু বৰণ কৰিলে মাতৃয়েও । তেতিয়ালৈ পিতৃৰ কথা কেৱল মাতৃৰ মুখতেই শুনিছে থিৰুমানে ।

চলিত বৰ্ষৰ নৱেম্বৰ মাহত থিৰুমানে পিতৃয়ে পাঠদান কৰা বিদ্যালয় খনৰ সৈতে সংযোগ স্থাপন কৰাৰ কথা ভাবিলে । সহায় কৰিলে গুগলে । নিজৰ শিক্ষাৰ্থীয়ে গুগলত উলিয়াই দিলে মালেইছিয়াৰ বিদ্যালয়খনৰ তথ্য । তাৰ পাছতেই বিদ্যালয় খনৰ প্ৰধান শিক্ষকে পঠিওৱা বাৰ্তা অনুসৰি বিদ্যালয় খনৰ পুৰণি ঠিকনা বিচাৰি উলিয়ালে থিৰুমানে । পিতৃৰ সেই সময়ৰ শিক্ষাৰ্থী সকলৰ সহযোগত এক অৰণ্যৰ মাজত বিচাৰি পালে থিৰুমানে ৰামাসুন্দৰমৰ ঠিকনা । এটি সমাধিস্থলত নিৰৱে যেন শুই আছে পিতৃ ।

এই সন্দৰ্ভত পৰৱৰ্তী সময়ত তামিলনাডুৰ মুখ্যমন্ত্ৰীয়েও সামাজিক মাধ্যমত প্ৰকাশ কৰে ঘটনাটি ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in