'অসম গ্ৰন্থমেলা, যোৰহাট' আৰম্ভ...

'অসম গ্ৰন্থমেলা, যোৰহাট' আৰম্ভ...
'অসম গ্ৰন্থমেলা, যোৰহাট' আৰম্ভ...

ডিজিটেল সংবাদ যোৰহাটঃ বিপুল উৎসাহ-উদ্দীপনাৰ মাজেৰে যোৰহাটৰ কাছাৰী ময়দানত 'অসম গ্ৰন্থমেলা, যোৰহাট' আৰম্ভ হৈছে ৷ আজিৰে পৰা দহ দিনীয়া কাৰ্যসূচীৰে অসম প্ৰকাশন পৰিষদ, সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থা , অসম শৈক্ষিক কেন্দ্ৰ, যোৰহাটৰ উদ্যোগত আয়োজন কৰা এই গ্ৰন্থমেলা উদ্বোধন কৰে হিমাচল প্ৰদেশ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য, বিশিষ্ট লেখক ড° কুলদ্বীপ চান্দ অগ্নিহোত্ৰীয়ে ৷

উদ্বোধনী ভাষণ প্ৰসংগত তেওঁ কয়- “গ্ৰন্থ শব্দটো অতি গভীৰ ৷ এই শব্দটোৱে প্ৰজ্ঞাৰ গভীৰতাক প্ৰতিনিধিত্ব কৰে ৷ গতিকে গ্ৰন্থমেলা মানেই জ্ঞান-প্ৰজ্ঞা সাধনাৰ এক গুৰু-গম্ভীৰ উৎসৱ ৷ অসম প্ৰকাশন পৰিষদে গ্ৰন্থমেলাৰ জৰিয়তে ৰাজ্যখনত কাৰ্যতঃ প্ৰজ্ঞাৰ উৎসৱ উদ্‌যাপন কৰিছে ৷”

ড° অগ্নিহোত্ৰীয়ে লগতে আজি অসম দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰি অসম বুৰঞ্জীৰ বিভিন্ন দিশ বিশ্লেষণ কৰে ৷ বিশেষকৈ মোগল সম্ৰাট ঔৰংগজেৱক প্ৰতিহত কৰিবলৈ স্বৰ্গদেউ চক্ৰধ্বজ সিংহ আৰু বৰ সেনাপতি লাচিত বৰফুকনৰ সাহস আৰু ৰণ কৌশলৰ বিষয়ে গৱেষণা কৰিবলৈ লেখক-গৱেষকসকলক আহ্বান জনায় ৷

এই বিষয়ে গৱেষণাৰ জৰিয়তে গ্ৰন্থ প্ৰকাশ কৰি তৰুণ প্ৰজন্মক ঐতিহাসিক জ্ঞান অৰ্জনৰ বাট মুকলি কৰাৰ আহ্বান জনাই তেওঁ কয়, “ভাৰতবৰ্ষত তত্ত্বৰ বুৰঞ্জী লিখা হৈছে ৷ ইয়াৰ তাৎপৰ্য হৈছে লেখকৰ দেহাৱসান ঘটিলেও তত্ত্ব অমৰ হৈ ৰয় ৷ ইয়াৰ সমান্তৰালভাৱে মানুহৰ বুৰঞ্জী লিখাৰো প্ৰয়োজন আছে ৷ মানুহৰ বুৰঞ্জীৰ ক্ষেত্ৰত কাশ্মীৰ আৰু অসমৰ পটভূমিৰ সামঞ্জস্য আছে ৷ লাচিত বৰফুকন আৰু মহাৰাজা পৃথুৰ দৰে বীৰে সৃষ্টি কৰি যোৱা জীয়া বুৰঞ্জীক লিখিত ৰূপ দিয়াৰ প্ৰয়োজন আছে ৷”

তেওঁ গ্ৰন্থোৎসৱৰ পৰম্পৰাই অসমক বৌদ্ধিক দিশত মৰ্যাদা প্ৰদান কৰা বুলি উল্লেখ কৰি অসম প্ৰকাশন পৰিষদৰ এই পৰম্পৰাক অক্ষুণ্ণ ৰাখিবলৈ আহ্বান জনায় ৷ সভাখনত বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰে বিশিষ্ট লেখক, ভাষাতত্ত্ববিদ নাহেন্দ্ৰ পাদুনে ৷

তেওঁ কয় যে, গ্ৰন্থ হৈছে জ্ঞানৰ পুৰাতত্ত্ব ৷ একোখন গ্ৰন্থই সময় আৰু সভ্যতা-সমাজ-সংস্কৃতিৰ জ্ঞান প্ৰদান কৰে ৷ গতিকে গ্ৰন্থমেলা অনুষ্ঠিত কৰা মানে জ্ঞানৰ এখন বিশাল জগত উন্মোচন কৰা ৷ অসম প্ৰকাশন পৰিষদে গ্ৰন্থমেলাক বিভিন্ন স্থানলৈ সম্প্ৰসাৰিত কৰি জ্ঞান চৰ্চাৰ পৰিৱেশ সম্প্ৰসাৰিত কৰিছে ৷ এয়া আশাৰ বাতৰি ৷

তেওঁ বিষয় প্ৰসংগৰে পুনৰ কয়, “গ্ৰন্থৰ প্ৰচলন কেতিয়াও ৰুদ্ধ নহয় ৷ ডিজিটেল যুগে কিতাপলৈ ভাবুকি কঢ়িয়াই অনা বুলি কোৱা হৈছে যদিও মানুহৰ সমাজ থকালৈকে গ্ৰন্থও থাকিব ৷ গ্ৰন্থই সমাজক বাট দেখুৱাব, সভ্যতাৰ পুনৰ নিৰ্মাণ কৰিব ৷”

ভাষাতত্ত্ববিদ পাদুনে ড° মালিনীয়ে সম্পাদনা কৰা অসম গ্ৰন্থমেলা, যোৰহাটৰ স্মৃতিগ্ৰন্থ “প্ৰজ্ঞা”খনো এই সভাতে উন্মোচন কৰে ৷ আন এগৰাকী বিশিষ্ট অতিথি নতুন দিল্লীৰ বিশিষ্ট লেখক-গৱেষক আৰ্শিয়া শেঠীয়ে কয় “অসমৰ ভাষা-সাহিত্য অতি শক্তিশালী আৰু বিচিত্ৰ ৷ জনগোষ্ঠীয় ভাষা-সাহিত্যই অসমক জিলিকাই ৰাখিছে ৷ বাৰেৰহনীয়া সংস্কৃতি আৰু জনগোষ্ঠীয় ভাষিক বৈচিত্ৰ্যই অসমক এক সুকীয়া আৰু শক্তিশালী মৰ্যাদা প্ৰদান কৰিছে ৷ অসম গ্ৰন্থমেলা উপলক্ষে ইয়াত সমবেত হোৱা লোকসকলে মূলতঃ ইয়াকে প্ৰমান কৰিছে যে, ইয়াৰ মানুহ ভাষা-সাহিত্যৰ প্ৰতি দায়ৱদ্ধ ৷ এই দায়ৱদ্ধতাই অসমৰ মানুহক অন্যতকৈ পৃথক কৰিছে ৷ এয়া বৰ ভাল লগা কথা ৷”

তেওঁ প্ৰসংগক্ৰমে কৰোণা কালৰ ভয়াৱহ অভিজ্ঞতাৰ বিষয়ে সুৱৰি কয় যে, বিপৰ্যয় আহিব পাৰে কিন্তু মানৱ সভ্যতা থমকি নৰয় ৷ বৰঞ্চ ইয়াৰ পৰা মানুহে শিকে আৰু নতুন সূৰ্যোদয়ক সাহসেৰে আদৰিবলৈ সাজু হয় ৷

উল্লেখ্য যে বৰগীতত জীৱন আৰু পৃথিৱী প্ৰতিফলিত হয় বুলি গুৰুজনা শ্ৰীমন্ত শংকৰদেৱৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰে ড° শেঠীয়ে৷ সভাখনত বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰে অসম প্ৰকাশন পৰিষদৰ উপাধ্যক্ষ সুমন্ত চলিহা, অসম শৈক্ষিক কেন্দ্ৰৰ সভাপতি ড° বিচিত্ৰ কুমাৰ বৰঠাকুৰ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ প্ৰাক্তন সভাপতি অজিত বৰ্মনেও ৷

শিল্পী দৃষ্টি পাপৰি কলিতা, নিকি বৰ্মন, নিলম হাজৰিকা, প্ৰাবৃষা তামুলীৰ কণ্ঠত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত আসোৱাৰী ৰাগ আৰু ৰক্ত তালৰ এটি বৰগীত পৰিৱেশনেৰে শুভাৰম্ভ কৰা উদ্বোধনী সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই ৷ অনুষ্ঠানটিৰ আঁত ধৰে প্ৰবোধ দাসে ৷

শলাগৰ শৰাই আগবঢ়ায় অজিত বৰ্মনে ৷ উদ্বোধক,বিশিষ্ট অতিথি বৰ্গ আৰু স্মৃতিগ্ৰন্থ “প্ৰজ্ঞা”ৰ সম্পাদকক ফুলাম গামোছা আৰু কিতাপৰ টোপোলাৰে আদৰণি জনোৱা হয়৷ উদ্বোধনী অনুষ্ঠানৰ পাছতে পুলক গগৈ সোঁৱৰণী প্ৰেক্ষাগৃহত সাংস্কৃতিক সন্ধিয়াৰ মনপৰশা কাৰ্যসূচীয়ে মুখৰিত কৰি তোলে গ্ৰন্থমেলা প্ৰাংগণ।

ক্লিক কৰি পঢ়কঃ বৰপেটাত সৰ্বাধিক সত্ৰৰ মাটি বেদখল ! নগাওঁ আৰু লখিমপুৰো আছে তালিকাৰ শীৰ্ষত...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in