উচ্চতম ন্যায়ালয়ত পুনৰ শুনানি হ'ব সংবিধানৰ ৩৭০ নং দফাৰ

দুৰ্গা পূজাৰ দশমীৰ পাছত হ'ব শুনানি

author-image
Asomiya Pratidin
New Update
শিক্ষানুষ্ঠানত হিজাব পৰিধান কৰা অধিকাৰ গোচৰৰ ৰায় সংৰক্ষিত ৰাখিলে উচ্চতম ন্যায়ালয়ে...

ডিজিটেল ডেস্ক : চলিত বৰ্ষৰ ২৫ এপ্ৰিলত প্ৰাক্তন মুখ্য ন্যায়াধীশ এন ভি ৰমনে কেন্দ্ৰীয় চৰকাৰে সংবিধানৰ ৩৭০ নং দফা আতৰোৱাৰ বিৰুদ্ধে দিয়া আবেদনৰ শুনানিৰ বাবে মান্তি হৈছিল । তাৰ পাছতেই ন্যায়ালয়ৰ গ্ৰীষ্মকালীন বন্ধৰ পাছত এই শুনানিৰ সিদ্ধান্ত লোৱা হৈছিল । আজি এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে লোৱা সিদ্ধান্ত অনুসৰি, দশমীৰ পাছতেই শুনানিৰ আয়োজন কৰিছে ন্যায়ালয়ে ।

Advertisment

এই আবেদন কৰিছিল ৰাধা কুমাৰ নামৰ শিক্ষাবিদ আৰু লিখক তথা কপিল কাক নামৰভাৰতীয় বায়ু সেনাৰ প্ৰাক্তন বিষয়া এগৰাকীয়ে । 

মুখ্য ন্যায়াধীশ উদয় উমেশ ললিত, ন্যায়াধীশ ইন্দিৰা বেনাৰ্জী আৰু এছ ৰবিন্দ্ৰ ভাটৰ তিনি জনীয়া এক বিচাৰপীঠে এই শুনানিৰ আবেদন গ্ৰহণ কৰি পৰৱৰ্তী সময়ত ধাৰ্য্য কৰে শুনানিৰ সময় । 

উল্লেখ্য যে, পূৰ্বতে এই শুনানিৰ বাবে গঠন কৰা ৫ জনীয়া বিচাৰপীঠত আছিল বৰ্তমান অৱসৰ গ্ৰহণ কৰা প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰমন আৰু ন্যায়াধীশ আৰ সুভাষ ৰেড্ডী ।  যাৰ বাবে পুনৰ গঠন কৰা হ'ব আন এখন বিচাৰপীঠ ।

SUPREME COURT OF INDIA