/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/aaf4be9f-c9c9-4e11-b172-2a389a9f12af/supreme_court.jpg)
ডিজিটেল ডেস্ক : সোমবাৰে উচ্চতম ন্যায়ালয়ত হ'ল এক আকৰ্ষণীয় শুনানি । গোবংশ সেৱা সদন নামৰ এক বেচৰকাৰী সংস্থাৰ আবেদনৰ ভিত্তিত গোধনক ৰাষ্ট্ৰীয় পশুৰূপে স্বীকৃতি দিয়াৰ শুনানি আছিল উচ্চতম ন্যায়ালয়ত ।
ন্যায়াধীশ এছ কে পল আৰু অভয় এছ অকাৰ দুজনীয়া বিচাৰপীঠ এখনে এই সন্দৰ্ভত আবেদনকাৰীসকলক কৰিছিল প্ৰশ্ন ।
গোধনক ৰাষ্ট্ৰীয় পশুৰূপে ঘোষণা কৰাৰ পূৰ্বে কি মৌলিক অধিকাৰ খৰ্ব হৈছিল তথা এনে আবেদনৰ ফলত দেশে যে এক বৃহৎ অংকৰ ধনৰাশি ব্যয় কৰিব লাগিব বুলি জ্ঞাত হয় নে নহয় প্ৰশ্ন কৰে বিচাৰপীঠ খনে ।
উল্লেখ্য যে, এই আবেদন খনৰ জৰিয়তে গোধনক ৰাষ্ট্ৰীয় পশুৰূপে ঘোষণা কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ চেষ্টা কৰিছিল বেচৰকাৰী সংস্থাটোৱে ।