গৰুক ৰাষ্ট্ৰীয় জন্তু ঘোষণা কৰাৰ আবেদন অগ্ৰাহ্য উচ্চতম ন্যায়ালয়ৰ...

গৰু ভাৰতৰ ৰাষ্ট্ৰীয় জন্তু হ'ব নোৱাৰে

author-image
Asomiya Pratidin
New Update
ইডিৰ ক্ষমতাত লেকাম নলগালে এই দেশত কোনো সুৰক্ষিত নহয়ঃ উচ্চতম ন্যায়ালয়ত এই দাবী...

Supreme Court refuses plea

ডিজিটেল ডেস্ক : গৰু ভাৰতৰ ৰাষ্ট্ৰীয় জন্তু হ'ব নোৱাৰে। উচ্চতম ন্যায়ালয়ে নাকচ কৰিলে বিশেষ আৱেদন। চৰকাৰক নিৰ্দেশ দিয়াৰ পৰা বিৰত থাকিল উচ্চতম ন্যায়ালয়। গৰুক ৰাষ্ট্ৰীয় জন্তু হিচাপা ঘোষণা কৰিবলৈ চৰকাৰক নিৰ্দেশ দিবলৈ বিশেষ আবেদন দাখিল কৰিছিল একাংশই।

Advertisment

আৰু সেই আবেদন অগ্ৰাহ্য কৰে ন্যায়াধীশ এছ কে কৌলৰ নেতৃত্বৰ বিচাৰপীঠে। ৰাষ্ট্ৰীয় পশু ঘোষণা কৰাটো আদালতৰ কাম নহয় বুলি মন্তব্য কৰে বিচাৰপীঠে। গৰুক ভাৰতত সুৰক্ষিত কৰিবলৈ ৰাষ্ট্ৰীয় জন্তুৰ স্বীকৃতিৰ বাবে আবেদন কৰিছিল একাংশ সংগঠনে।

কিন্তু "ভাৰতৰ বাবে গৰু সুৰক্ষা অতি গুৰুত্বপূৰ্ণ। ইয়াৰ প্ৰস্ৰাৱ ব্যৱহাৰ কৰা হয়, গোবৰ কৃষিৰ বাবে ব্যৱহাৰ কৰা হয়। গৰুবোৰ সুৰক্ষিত কৰিব লাগিব," কিন্তু ৰাষ্ট্ৰীয় জন্তু ঘোষণা কৰা আৰু গৰুক ৰাষ্ট্ৰীয় স্বীকৃতি দিয়াটো আদালতৰ কাম নহয় বুলি মন্তব্য কৰে এছ কে কৌলে।

national animal national SUPREME COURT OF INDIA cow