ঘৰ ভাঙি পুনৰ বিপদত উত্তৰ প্ৰদেশ চৰকাৰঃ উচ্চতম ন্যায়ালয়ে দিলে ক্ষতিপূৰণৰ নিৰ্দেশ

আইনৰ যথাযথ প্ৰক্ৰিয়া অনুসৰণ কৰাৰ বিপৰীতে আইনৰ উৰ্ধত গৈ অভিযুক্তৰ বাসগৃহ ভাঙি পেলোৱাৰ উত্তৰ প্ৰদেশৰ চৰকাৰৰ যি ব্যৱস্থা সেই ব্যৱস্থাক চোকা সমালোচনা কৰিছে উচ্চতম ন্যায়ালয়ে।

author-image
Tushar Pratim
New Update
ঘৰ ভাঙি পুনৰ বিপদত উত্তৰ প্ৰদেশ চৰকাৰঃ উচ্চতম ন্যায়ালয়ে দিলে ক্ষতিপূৰণৰ নিৰ্দেশ

ডিজিটেল ডেস্কঃ আইনৰ যথাযথ প্ৰক্ৰিয়া অনুসৰণ কৰাৰ বিপৰীতে আইনৰ উৰ্ধত গৈ অভিযুক্তৰ বাসগৃহ ভাঙি পেলোৱাৰ উত্তৰ প্ৰদেশৰ চৰকাৰৰ যি ব্যৱস্থা সেই ব্যৱস্থাক চোকা সমালোচনা কৰিছে উচ্চতম ন্যায়ালয়ে। বেআইনী ভাৱে অভিযুক্তৰ ঘৰ ভাঙি পুনৰ বিপদত পৰিছে আদিত্য নাথৰ চৰকাৰ। 

Advertisment

শেহতীয়াকৈ এগৰাকী গেংষ্টাৰৰ মৃত্যুৰ পাছতে প্ৰয়াগৰাজত ঘৰ ভঙাৰ এক গোচৰত উচ্চতম ন্যায়ালয়ৰ প্ৰশ্নৰ সন্মুখীন আদিত্য নাথৰ চৰকাৰ। প্ৰয়াগৰাজৰ প্ৰশাসন তথা আদিত্য নাথৰ চৰকাৰক সমালোচনা কৰি মঙলবাৰে দেশৰ উচ্চতম ন্যায়ালয়ে ক্ষতিগ্ৰস্তক আৰ্থিক ক্ষতিপূৰণ দিয়াৰ নিৰ্দেশ প্ৰদান কৰিছে।

চৰকাৰৰ ঘৰ ভঙাৰ এই অভিযানক উচ্চতম ন্যায়ালয়ে অসাংবিধানিক আৰু অমানৱীয় আখ্যা দিছে। উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ এ এছ ওকা আৰু উজ্জ্বল ভূঞাৰ যুটীয়া বেঞ্চে এই সন্দৰ্ভত মন্তব্য কৰি কয়, এইদৰে কাৰোবাৰ ঘৰ ভাঙি দিলে আমাৰ বিবেকক জোকাৰি যায়। বাসস্থানৰ অধিকাৰ বা এনে ব্যৱস্থাৰ আইনৰ যথাযত প্ৰক্ৰিয়া আছে। এই ক্ষেত্ৰত সেই প্ৰক্ৰিয়াসমূহ অনুসৰণ কৰা হোৱা নাই। যি সংবেদনশীলতাৰ সম্পূৰ্ণ অভাৱ।

উল্লেখ্য যে, উত্তৰ প্ৰদেশৰ আদিত্য নাথৰ নেতৃত্বাধীন বিজেপি চৰকাৰে বুলডোজাৰেৰে অভিযুক্তৰ ঘৰ ভাঙি পেলোৱাৰ এক ট্ৰেণ্ড সৃষ্টি কৰিছিল। এই ট্ৰেণ্ড বিজেপি শাসিত অসমকে ধৰি আন আন ৰাজ্যলৈয়ো সম্প্ৰসাৰিত  হৈছে।

শেহতীয়াকৈ প্ৰয়াগৰাজ প্ৰশাসনে এটা প্লটত থকা চাৰি, পাঁচজন ব্যক্তিৰ ঘৰ ভাঙি পেলাইছিল। এই ক্ষতিগ্ৰস্তসকলৰ মাজত আছিল এগৰাকী আইনজীৱী আৰু এগৰাকী অধ্যাপকো। তেওঁলোকে অভিযোগ কৰে যে আইনৰ যথাযথ প্ৰক্ৰিয়া অনুসৰণ নকৰাকৈ চৰকাৰে তেওঁলোকৰ ঘৰ ভাঙি পেলাইছে।

গোচৰীয়া পক্ষৰ অভিযোগ অনুসৰি ক্ষতিগ্ৰস্তসকলৰ ঘৰ যিখিনি ভূমিত আছিল সেই ভূমি প্ৰশাসনে গেংষ্টাৰ আতিক আহমেদৰ বুলি সন্দেহ কৰিছিল। যি প্ৰশাসনৰ ভুল আছিল। প্ৰশাসনে সন্দেহ কৰিয়েই সেই ভূমিত থকা ঘৰসমূহ বুলডোজাৰেৰে ভাঙি পেলোৱাৰ মাত্ৰ এদিন পূৰ্বে এই বিষয়ে প্ৰশাসনে তেওঁলোকক ঘৰ ভাঙিব বুলি জনাইছিল।

ভুক্তভোগীয়ে প্ৰথমে তেওঁলোকৰ ঘৰ ভঙাৰ এই গোটেই প্ৰক্ৰিয়া অবৈধ বুলি আখ্যা দি এলাহবাদ উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিছিল যদিও তাত তেওঁলোকৰ আবেদন খাৰিজ কৰা হয়। তাৰ পাছতেই তেওঁলোক উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হয়।

উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞাৰ যুটীয়া বেঞ্চে আদিত্য নাথৰ চৰকাৰৰ এই ধৰণৰ পদক্ষেপক সমালোচনা কৰে। প্ৰশ্ন কৰে, প্ৰশাসনৰ জাননী পঠিওৱা প্ৰক্ৰিয়াক লৈয়ো।

য়াধীশ এ এছ ওকাই গোচৰটোৰ ৰায় প্ৰদান কৰি কয়, ঘৰ ভঙাৰ ফলত গোচৰীয়া পক্ষই তেওঁলোকৰ মূৰৰ ওপৰৰ ছাদ হেৰুৱালে। তেওঁলোকৰ যি ক্ষতি হৈছে সেয়া পূৰণ কৰিবলৈ প্ৰত্যককে ১০ লাখ টকাকৈ দিব লাগিব। কেৱল সেয়াই নহয়, ন্যায়ালয়ে আগলৈ এইদৰে ঘৰ ভঙাৰ ক্ষেত্ৰত যথাযথ আইনী প্ৰক্ৰিয়া অনুসৰণ কৰিবলৈয়ো সকিয়াই দিয়ে।

 

যোগী আদিত্যনাথ উচ্চতম ন্যায়ালয় উত্তৰ প্ৰদেশ