পতঞ্জলিৰ বিভ্ৰান্তিকৰ বিজ্ঞাপনঃ ক্ষমা পৰ্যাপ্ত নহয়, তদন্তৰ বাবে সাজু থাকক ৰামদেৱ

পতঞ্জলিৰ বিভ্ৰান্তিকৰ বিজ্ঞাপনঃ ক্ষমা পৰ্যাপ্ত নহয়, তদন্তৰ বাবে সাজু থাকক ৰামদেৱ

ডিজিটেল ডেস্কঃ পতঞ্জলিৰ বিজ্ঞাপনৰ গোচৰত মঙলবাৰে উচ্চতম ন্যায়ালয়ত হাজিৰ হয় যোগ গুৰু বাবা ৰামদেৱ আৰু পতঞ্জলি আযুৰ্বেদৰ এমডি আচাৰ্য বালকৃষ্ণ। গোচৰটোৰ শুনানিৰ সময়ত ন্যায়ালয়ে দুয়োৰে ওপৰত অসন্তুষ্টি প্ৰকাশ কৰে। ন্যায়ালয়ে কয় যে, ন্যায়ালয়ৰ ৰায়ক সহজভাৱে নল'ব। ইয়াৰ পাছতে ক্ষমা খোজে ৰামদেৱে।

উচ্চতম ন্যায়ালয়ে কয়, ২১ নৱেম্বৰত ন্যায়ালয়ৰ নিৰ্দেশৰ পিছদিনাই আপোনালোকে সংবাদমেল অনুষ্ঠিত কৰিছে। তাত ৰামদেৱ আৰু বালকৃষ্ণও উপস্থিত আছিল। আপোনাৰ ক্ষমাই পৰ্যাপ্ত নহয়। কিয়নো উচ্চতম ন্যায়ালয়ত শুনানি চলি আছে আৰু আপোনালোকে পতঞ্জলিৰ বিজ্ঞাপন চপা কৰি আছে। আপোনালোকৰ মিডিয়া বিভাগটো আপোনাৰ পৰা পৃথক নহয়। কিয় এনে কাম কৰিছে আপুনি? আপোনাৰ নৱেম্বৰ মাহতেই সতৰ্ক কৰি দিয়া হৈছিল। তাৰপাছতো এনে কাম কৰিছে? সেইবাবে তদন্তৰ বাবে সাজু থাকক। এইখন দেশৰ সৰ্বোচ্চ আদালত। আপুনি আইন উলংঘা কিয় কৰিছে? গতিকে ইয়াৰ পৰিণামৰ বাবে সাজু থাকক।

ইয়াৰ ওপৰত বাবা ৰামদেৱৰ অধিবক্তাই কয় যে, " আমি ভাবো যে এটা ত্ৰুটি হৈছে। উদাহৰণ স্বৰূপে, অধিনিয়মত যক্ষ্মা ৰোগৰ কথা আছে। কিন্তু আমি জানো যে এয়া নিৰাময়যোগ্য। উত্তৰদাতাই ইয়াৰ স্ব-পৰীক্ষা কৰিছে।"

তেতিয়া উচ্চতম ন্যায়ালয়ে কয়, "আপুনি ক্ষমা বিচাৰে আৰু আপোনাৰ কামটো ন্যায়সঙ্গত বুলি যুক্তিও দিয়ে। আপুনি ১৯৫৪ চনৰ আইনখনক "পুৰণি" বুলি কয়। আপুনি আইনখনত সংশোধন কৰিবলৈ কৈছে নেকি? আপুনি চৰকাৰৰ কাষ চাপিছে নেকি?"

উল্লেখ্য যে, পতঞ্জলি আয়ুৰ্বেদ সামগ্ৰীৰ বিজ্ঞাপন আৰু সেইবোৰৰ চিকিৎসীয় প্ৰভাৱৰ সৈতে সম্পৰ্কিত বিজ্ঞাপন সন্দৰ্ভত আদালতত শুনানি হৈ আছে। ন্যায়াধীশ হিমা কোহলী আৰু আহছানুদ্দিন আমানুল্লাহৰ বিচাৰপীঠে কোম্পানীটোৰ ওপৰত আপত্তি দৰ্শায়।

সৰ্বোচ্চ ন্যায়ালয়ত ইণ্ডিয়ান মেডিকেল এছোচিয়েশ্যনে এক আবেদন দাখিল কৰিছিল। যতি ৰামদেৱৰ ওপৰত কোভিড টিকাকৰণ বিৰোধী অভিযান আৰু আধুনিক ঔষধৰ বিৰুদ্ধে প্ৰচাৰ চলোৱাৰ অভিযুক্ত কৰিছিল।

পতঞ্জলিৰ বিভ্ৰান্তিকৰ বিজ্ঞাপনঃ ক্ষমা পৰ্যাপ্ত নহয়, তদন্তৰ বাবে সাজু থাকক ৰামদেৱ
আতিশীলৈ অফাৰ! ''বিজেপিত যোগদান কৰক, নহ'লে আপোনাৰ ঘৰত ইডিয়ে অভিযান চলাব''

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in