/asomiyapratidin/media/media_files/2025/05/09/Hq6q1uWMqlzxDPIUg20d.jpg)
ডিজিটেল ডেস্কঃ নতুন শিক্ষা নীতি কোনো ৰাজ্যৰ ওপৰত জোৰ কৰি জাপি দিব নোৱাৰিব। শুকুৰবাৰে এটা গোচৰত উচ্চতম ন্যায়ালয়ে এই মন্তব্য কৰিছে। ন্যায়াধীশ জে বি পাৰ্ডিৱাল আৰু আৰ মহাদেৱানৰ বিচাৰপীঠে কয় যে, কোনো ৰাজ্যকে কেন্দ্ৰৰ নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি ৰূপায়ণ কৰিবলৈ বাধ্য কৰিব নোৱাৰে। কেন্দ্ৰৰ নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিক লৈ ভাৰতৰ কেইবাখনো ৰাজ্যই আপত্তি প্ৰকাশ কৰিছে।
সেই তালিকাত পশ্চিম বংগ, তামিলনাডু, কেৰালাৰ দৰে বিজেপিৰ শাসিত ৰাজ্যসমূহ আছে। যদিও দেশৰ বহু ৰাজ্যই কেন্দ্ৰৰ নিৰ্দেশনাত নতুন শিক্ষা নীতি ৰূপায়ণ কৰিছে, তথাপিও বংগ আৰু তামিলনাডুৱে এই শিক্ষা নীতি গ্ৰহণ কৰিবলৈ আগ্ৰহী নহয়।
তেওঁলোকৰ অভিযোগ সংবিধানৰ বিৰোধী নতুন শিক্ষা নীতিৰ সন্দৰ্ভত কেন্দ্ৰই একপক্ষীয় সিদ্ধান্ত গ্ৰহণ কৰিছে। সেয়েহে এই ৰাজ্যসমূহে এতিয়াও নতুন শিক্ষা নীতি আৰম্ভ কৰা নাই। উল্লেখ্য যে, জি এছ মণি নামৰ এজন অধিবক্তাই উচ্চতম ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত এক গোচৰ ৰুজু কৰি এই ৰাজ্যসমূহে কিয় কেন্দ্ৰৰ নিৰ্দেশনা পালন কৰা নাই বুলি প্ৰশ্ন উত্থাপন কৰিছিল।
তেওঁ ন্যায়ালয়ক অনুৰোধ জনাইছিল কেন্দ্ৰৰ এই নতুন শিক্ষা নীতি কাৰ্যকৰী কৰিবলৈ সকলো ৰাজ্যকে সাংবিধানিকভাৱে বাধ্যতামূলক কৰিব লাগে। তেওঁ অভিযোগ কৰি কয়, "তিনিটা ভাষাৰ ওপৰত ভিত্তি কৰি এই নীতিৰ বিৰোধিতা কৰা হৈছে।"
তেওঁ দাবী কৰে যে সংশ্লিষ্ট একাংশ ৰাজ্যৰ শাসকীয় দলসমূহে অপ্ৰয়োজনীয়ভাৱে নতুন শিক্ষা নীতিত ৰাজনৈতিক ৰহন লগাইছে। তেওঁৰ মতে সকলো স্তৰৰ স্কুলীয়া ছাত্ৰ-ছাত্ৰীক সকলো ভাৰতীয় ভাষা বিনামূলীয়াকৈ শিকোৱা উচিত।
অৱশ্যে উচ্চতম ন্যায়ালয়ে অধিবক্তাগৰাকীৰ আবেদন নাকচ কৰে। উচ্চতম ন্যায়ালয়ে কয় যে, কোনো ৰাজ্যকে ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণ কৰিবলৈ বাধ্য কৰিব নোৱাৰে। নাগৰিকৰ মৌলিক অধিকাৰ খৰ্ব কৰিলেহে আদালতে হস্তক্ষেপ কৰিব পাৰিব।
স্মৰ্তব্য, শেহতীয়াকৈ কেন্দ্ৰ আৰু তামিলনাডু চৰকাৰৰ মাজত ৰাষ্ট্ৰীয় শিক্ষা নীতিক লৈ সংঘাতে চূড়ান্ত ৰূপ ধাৰণ কৰিছে। তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে বলপূৰ্বকভাৱে হিন্দী জাপি দিয়াৰ অভিযোগ উত্থাপন কৰিছে।
আনহাতে কেন্দ্ৰৰ নৰেন্দ্ৰ মোডী প্ৰশাসনে নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি কাৰ্যকৰী নকৰাৰ বাবে শিক্ষাৰ বাবে দিয়া আৰ্থিক সাহায্য বন্ধ কৰি দিছে। কেন্দ্ৰ আৰু একাংশ ৰাজ্যৰ মাজত নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিক লৈ এই বিতৰ্ক ২০২০ চনৰ পৰাই আৰম্ভ হৈছিল।