ইলেক্ট্ৰৰেল বণ্ড : এছ বি আইক আকৌ জবাবদিহি উচ্চতম ন্যায়ালয়ৰ

ইলেক্ট্ৰৰেল বণ্ড : এছ বি আইক আকৌ জবাবদিহি উচ্চতম ন্যায়ালয়ৰ

ডিজিটেল ডেস্ক : ইলেক্ট্ৰৰেল বণ্ড সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে ভাৰতীয় ষ্টেট বেংকক আকৌ জবাবদিহি কৰিছে। সোমবাৰে মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত ৫জনীয়া বিচাৰপীঠত লোৱা সিদ্ধান্ত মৰ্মে এছ বি আয়ে ৰাজহুৱা কৰিব লাগিব সকলো তথ্য তথা বিৱৰণ।

বণ্ডত থকা ক্ৰমিক নম্বৰৰ পৰা আৰম্ভ কৰি যি প্ৰতিষ্ঠানে বণ্ড ক্ৰয় কৰিছে, কাৰ পৰা ক্ৰয় কৰিছে আৰু কোন ৰাজনৈতিক দলৰ মাজত কিদৰে ৰক্ষা কৰা হৈছিল সম্পৰ্ক সকলো তথ্য ৰাজহুৱা কৰিব লাগিব বুলি উচ্চতম ন্যালয়য়ৰ বিচাৰপীঠে স্পষ্ট কৰি দিয়ে। লগতে মুখ্য ন্যায়াধীশক প্ৰমুখ্য কৰি ৫জনীয়া বিচাৰপীঠে উল্লেখ কৰে যে, এই সন্দৰ্ভত দুনাই কোনো নিৰ্দেশনা জাৰি কৰা নহয়; যাৰ বাবে এছ বি আয়ে দ্বিতীয়বাৰৰ বাবে নিৰ্দেশনা প্ৰকাশকলৈ অপেক্ষা কৰা অনুচিত।

উল্লেখ্য যে ইয়াৰ পূৰ্বে এছ বি আয়ে উচ্চতম ন্যায়ালয়ৰ কাঢ়া নিৰ্দেশত ১২ মাৰ্চ, মঙ্গলবাৰে সন্ধিয়া নিৰ্বাচন আয়োগক এইসমূহ তথ্য দাখিল কৰিছিল। উচ্চতম ন্যায়ালয়ত এছ বি আইয়ে দাখিল কৰা এক আবেদনৰ ওপৰত শুনানি হৈছিল।

এছ বি আইয়ে উচ্চতম ন্যায়ালয়ত আবেদন কৰিছিল ইলেক্ট্ৰৰেল বণ্ডৰ সকলো তথ্য দাখিল কৰিবলৈ তেওঁলোকক ৩০ জুনলৈ সময় দিব লাগে। কিন্তু আদালতে এছ বি আইৰ আবেদন নাকচ কৰি ২৪ ঘণ্টাৰ ভিতৰত সবিশেষ তথ্য দাখিল নকৰিলে এছ বি আইৰ সংশ্লিষ্ট বিষয়াৰ বিৰুদ্ধে আদালত অৱমাননাৰ গোচৰ তৰাৰ কঠোৰ স্থিতি গ্ৰহণ কৰিছিল।

ইলেক্ট্ৰৰেল বণ্ড : এছ বি আইক আকৌ জবাবদিহি উচ্চতম ন্যায়ালয়ৰ
অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি হিতেশ ডেকাৰ জন্ম শতবৰ্ষ উদ্‌যাপনৰ সামৰণি অনুষ্ঠান

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in