আজি ৫ জনীয়া সাংবিধানিক বিচাৰপীঠত শুনানি আৰম্ভ...

বুধবাৰে দেশৰ উচ্চতম ন্যায়ালয়ৰ ৫ জনীয়া সাংবিধানিক বিচাৰপীঠত এক বিশেষ শুনানি হয়।

author-image
Asomiya Pratidin
New Update
আজি ৫ জনীয়া সাংবিধানিক বিচাৰপীঠত শুনানি আৰম্ভ...

ফাইল ফটো

ডিজিটেল ডেস্ক: বুধবাৰে দেশৰ উচ্চতম ন্যায়ালয়ৰ ৫ জনীয়া সাংবিধানিক বিচাৰপীঠত এক বিশেষ শুনানি হয়। ন্যায়াধীশ বি ৱাই চন্দ্ৰচূড়, ন্যায়াধীশ এম আৰ শ্বাহ, ন্যায়াধীশ কৃষ্ণ মূৰাৰী, ন্যায়াধীশ হিমা কোহলী আৰু ন্যায়াধীশ টি শ্ৰী নৰসিমহাৰ আদালতে ৫৬২/২০১২ নং অসম সন্মিলিত মহাসংঘ বনাম ভাৰত চৰকাৰ, ৮৭৬/২০১৪ নং সদৌ অসম আহোম সভা বনাম ভাৰত চৰকাৰ, ৩১১/২০১৫ নং দীপক কুমাৰ নাথ বনাম ভাৰত চৰকাৰ আৰু ৬৮/২০১৬ নং প্ৰনৱ কুমাৰ মজুমদাৰ বনাম ভাৰত চৰকাৰ -- এই গোচৰ কেইটাৰ প্ৰাথমিক শুনানি অনুষ্ঠিত হৈ যায় ।

মহাসংঘৰ গোচৰীয়া মতিউৰ ৰহমান আৰু গোবিন্দ বসুমতাৰীৰ হৈ অধিবক্তা মনীষ গোস্বামীয়ে আৰু সদৌ অসম আহোম সভা, দীপক নাথ আৰু প্ৰনৱ মজুমদাৰৰ হৈ অধিবক্তা সমীৰণ শৰ্মাই আজি বিচাৰপীঠত গোচৰ কেইটাৰ বিষয়ে বক্তব্য দাঙি ধৰে । ইয়াৰ পিছতেই বিচাৰপীঠে অহা ২৬ ছেপ্তেম্বৰত বিস্তৃত শুনানীৰ দিন ধাৰ্য কৰে ।

মহাসংঘৰ প্ৰধান গোচৰীয়া তথা মহাসংঘৰ কাৰ্যকৰী সভাপতি মতিউৰ ৰহমানে সংবাদ প্ৰতিষ্ঠানক কয় যে ২৬ ছেপ্তেম্বৰতেই বিৰতিবিহীন সাংবিধানিক বিচাৰপীঠৰ তাৰিখ চূড়ান্ত হ'ব । অসমৰ খিলঞ্জীয়াৰ সুৰক্ষাৰ ক্ষেত্ৰত সাংবিধানিক বিচাৰপীঠে এটা ন্যায়সঙ্গত ৰায় দিব বুলিয়েই ৰহমানে আশা প্ৰকাশ কৰে ।

supreme court