/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/57911c12-18da-4929-befd-2ea261af6db1/cheetha.jpg)
Stage set for return of cheetahs to India,
ডিজিটেল ডেস্ক: ভাৰতলৈ ৭০ বছৰ পাছত অনা হ'ব চিতা বাঘ। ১৭ ছেপ্টেম্বৰৰ দিনা নামিবিয়া পৰা ভাৰতলৈ অনা হ'ব ৮ টা চিতা বাঘ। নামিবিয়াৰ পৰা স্পেচিয়েল চাটাৰ ফ্লাইটৰ জৰিয়তে এই বাঘ কেইটা গোৱালিয়াৰলৈ অনা হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিন উপলক্ষে ৰাষ্ট্ৰীয় উদ্যানত এৰি দিয়া হ'ব এই বাঘ কেইটা।
তাৰ পাছতেই এই চিতা বাঘ কেইটা গোৱালিয়াৰৰ পৰা হেলিকপ্টাৰৰ দ্বাৰা মধ্য প্ৰদেশৰ কুনো-পালপুৰ ৰাষ্ট্ৰীয় উদ্যানলৈ অনা হ'ব। নামিবিয়াৰ পৰা বাঘ কেইটা লৈ অনা কাৰ্গো উৰাজাহাজ খন শুকুৰবাৰে নিশা ভাৰতলৈ ৰাওনা হোৱাৰ সম্ভাৱণা আছে আৰু ১৭ ছেপ্টেম্বৰ পুৱা ৮ বজাত গোৱালিয়াৰত উপস্থিত হোৱাৰ কথা।
নামিবিয়াৰ পৰা ভাৰতলৈ অনাৰ সময়ত এই চিতা বাঘ কেইটাক কোনো ধৰণৰ খাদ্য দিয়া নহ'ব। বন বিভাগৰ ভাষ্য অনুসৰি ৰাষ্ট্ৰীয় উদ্যানত বাঘ কেইটাক খাদ্য দিয়া হ'ব।জানিব পৰা মতে জীৱ জন্তুৰ যাত্ৰাৰ সময়ত খালী পেটে ৰাখিব লাগে।
উল্লেখ্য যে, ৩০ দিনলৈ এই চিতা বাঘ কেইটাক কোৱাৰাইন্টাইনত ৰখা হ'ব।এই সময় চোৱাত তেওঁলোকৰ স্বাস্থ্যৰ ওপৰত লক্ষ্য ৰাখিব বিশেষজ্ঞই। আগন্তুক ৫ বছৰত নামিবিয়া আৰু দক্ষিণ আফ্ৰিকাৰ পৰা পুনৰ চিতা বাঘ ভাৰতলৈ অনাৰ পৰিকল্পনা কৰিছে ভাৰত চৰকাৰে।
উল্লেখ্য যে, ১৯৪৭ চনত মধ্যপ্ৰদেশত কোৰিয়াৰ মহাৰাজা ৰামানুজ প্ৰতাপ সিঙে দেশৰ অন্তিম চিতা বাঘটোক হত্যা কৰিছিল। তাৰ পাছতেই ১৯৫২ চনত ভাৰত চৰকাৰে বিলুপ্ত ঘোষণা কৰিছিল।