/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/ba4bb466-f46c-401f-90aa-2205e3d09a11/AP_FOR_WEB_WFI.jpg)
ডিজিটেল ডেস্কঃ ভাৰতীয় ৰেষ্টলিং ফেডাৰেশ্যনক লৈ কেন্দ্রৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত।ভাৰতীয় ৰেষ্টলিং ফেডাৰেশ্যন ভংগ কেন্দ্রীয় চৰকাৰৰ । অধ্যক্ষ সঞ্জয় সিং সন্থাৰ সকলো বিষয়ববীয়াক নিলম্বন।
ফেডাৰেশ্যনৰ নতুন অধ্যক্ষ নিযুক্তি পোৱাৰ পাছতে মল্লযোদ্ধা সাক্ষী মালিকে অৱসৰ গ্ৰহণ কৰি নতুন খেলুৱৈসকলৰ বাবে চিন্তা ব্যক্ত কৰিছিল। তাৰ পাছতে কেন্দ্ৰীয় চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰে।
সংবাদ বিবৃতিযোগে নিৰ্দেশ জাৰি কৰি ক্ৰীড়া মন্ত্ৰালয়ে কয় যে নৱ নিৰ্বাচিত গোটটো "ক্ৰীড়া সংহিতাক সম্পূৰ্ণৰূপে অৱজ্ঞা কৰি প্ৰাক্তন কাৰ্য্যালয়ৰ নিয়ন্ত্ৰণত থকা দেখা গৈছে"।লগতে কয় যে, ডব্লিউএফআইৰ কাম-কাজ প্ৰাক্তন অধিকাৰীৰ দ্বাৰা এক নিয়ন্ত্ৰিত পৰিসৰত চলাই থকা হৈছে য'ত খেলুৱৈসকলৰ যৌন উৎপীড়নৰ অভিযোগ উত্থাপন হৈছিল। এই গোচৰৰ এতিয়াও শুনানি হৈ আছে।
উল্লেখ্য যে, ফেডাৰেশ্যনৰ প্ৰাক্তন অধ্যক্ষ ব্ৰীজভূষণ চৰন সিঙৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰি একাংশ খেলুৱৈয়ে প্ৰায় ১১ মাহ ধৰি প্ৰতিবাদ সাব্যস্ত কৰি আছিল। তাৰ পাছতে কিছুদিন পূৰ্বে নতুন অধ্যক্ষ হিচাপে সঞ্জয় সিঙক নিযুক্তি দিছিল।
সঞ্জয় সিং, ব্ৰীজভূষণৰ ঘনিষ্ঠ। যাৰ বাবে খেলুৱৈসকলে আপত্তি দৰ্শাইছিল আৰু মল্লযোদ্ধা সাক্ষী মালিকে অৱসৰ ঘোষণা কৰিছিল। লগতে তেওঁ আহিবলগীয়া খেলুৱৈসকলক সাৱধান কৰি দি কৈছিল যে ব্ৰীজভূষণৰ ঘনিষ্ঠ নতুন অধ্যক্ষ হিচাপে নিযুক্তি লাভ কৰিছে। এয়া প্ৰতিবাদকাৰী খেলুৱৈসকলৰ এক বিফলতা। গতিকে যৌন নিৰ্যাতনৰ বাবে খেলুৱৈসকল সাজু হওক। তাৰপাছতে আজি ক্ৰীড়া মন্ত্ৰালয়ে এই নিৰ্দেশ জাৰি কৰিছে।
Also Read: জাগীৰোড বিকাশৰ এটা দিন কাৰ্যসূচীঃ মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰিব কেইবাটাও আঁচনি
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us