খাৰ্গেৰ নেতৃত্বই ভাৰতীয় জাতীয় কংগ্ৰেছক আৰু অধিক শক্তিশালী কৰি তুলিব : ছোনীয়া গান্ধী

খাৰ্গেৰ নেতৃত্বই ভাৰতীয় জাতীয় কংগ্ৰেছক আৰু অধিক শক্তিশালী কৰি তুলিব : ছোনীয়া গান্ধী

ডিজিটেল ডেস্ক : কংগ্ৰেছী জ্যেষ্ঠ নেতা মল্লিকাৰ্জুন খাৰ্গেই বুধবাৰে পুৱা গ্ৰহণ কৰে ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি পদৰ দ্বায়িত্বভাৰ । সভাপতিৰ দৌৰত আন এগৰাকী জ্যেষ্ঠ কংগ্ৰেছী নেতা শশী থাৰুৰক সৰ্বমুঠ ৬,৫২৮ টা ভোটত পৰাস্ত কৰি বিজয় লাভ কৰিছিল মল্লিকাৰ্জুন খাৰ্গেই । বুধবাৰে ভাৰতীয় জাতীয় কংগ্ৰেছৰ দিল্লীস্থিত মুখ্য কাৰ্যালয়ত নৱ নিৰ্বাচিত সভাপতি গৰাকীৰ ৰাজ অভিষেকত উপস্থিত থাকি খাৰ্গেৰ ওপৰত আস্থা প্ৰদৰ্শন কৰে প্ৰাক্তন সভানেত্ৰী ছোনিয়া গান্ধীয়ে ।

ছোনীয়া গান্ধীৰ ভাষ্য অনুসৰি, খাৰ্গেৰ নেতৃত্বত পূৰ্বতকৈ অধিক শক্তিশালী হ'ব কংগ্ৰেছ দলটি । ইয়াৰ ওপৰিও বৰ্ষীয়ান নেতা গৰাকীৰ সুদীৰ্ঘ কালৰ অভিজ্ঞতাই পৰৱৰ্তী সময়ত দলটি য়ে সন্মুখীন হ'ব লগীয়া প্ৰত্যাহ্বান সমূহত সহায় কৰিব বুলিও জনাই ছোনিয়া গান্ধীয়ে ।

আনহাতে এই পদবীটোৰ মাহাত্ম্য বুজাবলৈ নেত্ৰী গৰাকীয়ে মন্তব্য কৰে যে, তেখেতে খাৰ্গেক দ্বায়িত্বভাৰ গতাই যথেষ্ট সকাহ অনুভৱ কৰিছে । নিজা সামৰ্থ্য অনুযায়ী নেত্ৰী গৰাকীয়ে দললৈ আগবঢ়ালে অৱদান, এতিয়া এই দ্বায়িত্ব মল্লিকাৰ্জুন খাৰ্গেৰ ।

উল্লেখ্য যে, নৱ নিৰ্বাচিত খাৰ্গেৰ সন্মুখত আছে তিনিটাকৈ বৃহৎ প্ৰত্যাহ্বান । ইয়াৰে প্ৰথমটো হৈছে ৰাজস্থানত শাসনাধিষ্ঠ চৰকাৰ ভংগৰ আশংকা । আৰু আন দুটা হৈছে হিমাচল প্ৰদেশ আৰু গুজৰাটৰ আগন্তুক বৰ্ষত বিধানসভা নিৰ্বাচন ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in