মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

ডিজিটেল ডেস্ক : লাডাখৰ সমাজ সংস্কাৰক সোণম ৱাংচুকে অহা ২৬ জানুৱাৰীৰ গণৰাজ্য দিৱসৰ দিনাৰ পৰা পাঁচ দিনলৈ অনশন ধৰ্মঘট কৰিব । মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছ তাপমানৰ পৰিৱেশত খাৰ্ডুংলা অঞ্চলত তেওঁ এই অনশনত বহিব । উল্লেখ্য যে, বলিউদৰ হিট ছবি 'থ্ৰী ইডিয়টছ'ৰ প্ৰধান চৰিত্ৰৰ অনুপ্ৰেৰণা আছিল সোণম ৱাংচুক ।

প্ৰধানমন্ত্ৰীলৈ আহ্বান জনাই ৱাংচুকে কয় যে লাডাখত হিমবাহৰ বিলুপ্তি অৱধাৰিত হৈ পৰিছে । গতিকে লাডাখক ৰক্ষা নকৰিলে জলবায়ু পৰিৱৰ্তনে ভাৰতৰ লগতে পৃথিৱীৰ বিভিন্ন প্ৰান্তক অস্থিৰ কৰি তুলিব । হিমালয় অঞ্চলক ঔদ্যোগিক ক্ষেত্ৰৰ প্ৰদূষণৰ পৰা ৰক্ষা কৰিবলৈও তেওঁ প্ৰধানমন্ত্ৰীৰ প্ৰতি আহ্বান জনায় ।

লাডাখত এজন ব্যক্তিৰ বাবে দৈনিক প্ৰয়োজন ৫ লিটাৰ পানীৰ । যদি এনেদৰে অঞ্চলটোত উদ্যোগসমূহেও পানীৰ অপচয় কৰে তেন্তে সকলো হিমবাহ নোহোৱা হৈ যাব । যোৱা দেওবাৰে নিশা তিব্বতৰ ১১,৫০০ ফুট উচ্চতাৰ ফায়াং অঞ্চলত তেওঁ অঞ্চলটোৰ হিমবাহ কিদৰে গলি যাবলৈ ধৰিছে তাৰেই প্ৰমাণ দি এটি ভিডিঅ' বাৰ্তাও প্ৰচাৰ কৰিছিল ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in