নৃশংস! মাত্ৰ ৯০০ টকাৰ বাবে মৰিয়াই মৰিয়াই হত্যা পিতৃক

নৃশংস! মাত্ৰ ৯০০ টকাৰ বাবে মৰিয়াই মৰিয়াই হত্যা পিতৃক

author-image
asomiyapratidin
New Update
ধিঙত বেছামাৰীত ডেগাৰেৰে হানিখুচি হত্যা কৰিলে নিজ ভাতৃক…

প্ৰতীকি ফটো

পিতৃক হত্যা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ এগৰাকী ৩৫ বছৰীয়া ব্যক্তি। এই জঘন্য ঘটনা সংঘটিত হয় মহাৰাষ্ট্ৰৰ পালঘৰ জিলাত। অভিযোগ অনুসৰি ১ ফেব্ৰুৱাৰীত সংঘটিত হয় এই ঘটনা। টকাৰ বাবেই নিজ পিতৃক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে কুলংগাৰ পুত্ৰৰ বিৰুদ্ধে।

Advertisment

উল্লেখ্য যে, জনু মালী(৭০) নামৰ ব্যক্তি গৰাকীয়ে চৰকাৰী আঁচনিৰ অধীনত মাহিলী ৯০০ টকাকৈ লাভ  কৰিছিল। সেই ধন জনু মালীয়ে নিজৰ বেংক একাউন্টৰ পৰা উলিয়াই আনিছিল।

পিতৃয়ে টকা উলিওৱা গ'ম পোৱাৰ পিছত অভিযুক্ত ৰবীন্দ্ৰ মালীয়ে টকাৰ দাবী কৰিছিল কিন্তু টকা দিয়াত অমান্তি হোৱাৰ পিছতেই পুত্ৰই মৰিয়াই মৰিয়াই গুৰুতৰভাৱে আহত কৰে পিতৃক।

আহত পিতৃক হস্পাতাললৈ প্ৰেৰণ কৰা হয় যদিও তেওঁৰ অৱস্থা অতি সংকটজনক আছিল। অৱশেষত এদিন পিছতেই মৃত্যু হয় ব্যক্তি গৰাকীৰ। এই ঘটনাৰ পিছতেই পৰিয়ালবৰ্গই আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰে আৰু তাৰ আধাৰতে আৰক্ষীয়ে অভিযুক্ত পুত্ৰক গ্ৰেপ্তাৰ কৰে।

son murder maharashtra crime father