/asomiyapratidin/media/media_files/2025/03/18/TTIrfHQUQgym7R11nZyu.jpg)
ডিজিটেল ডেস্কঃ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য হিচাপে ভাৰতক স্বীকৃতি দিয়াৰ পক্ষত অৱস্থান গ্ৰহণ কৰিছে শ্লোভেনিয়াই।দেশখনৰ উপ-প্ৰধানমন্ত্ৰী টাঞ্জা ফাজোনে সোমবাৰে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সংস্কাৰ আৰু স্থায়ী সদস্যৰ বাবে ভাৰতৰ প্ৰাৰ্থিত্বৰ প্ৰতি পূৰ্ণ সমৰ্থন প্ৰকাশ কৰিছে।
ভাৰতৰ বৈদেশিক মন্ত্ৰী ড০ এছ জয়শংকৰৰ সৈতে হোৱা বৈঠকৰ পিছত শ্লোভেনিয়াৰ বৈদেশিক মন্ত্ৰীৰো দায়িত্বত থকা ফাজোনে ভূ-ৰাজনৈতিক বাস্তৱতাক প্ৰতিফলিত কৰা নিৰাপত্তা পৰিষদৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰু্ত্ব আৰোপ কৰে। এই সন্দৰ্ভত ফাজোনে কয়, আমি নিশ্চিতভাৱে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সংস্কাৰ সমৰ্থন কৰোঁ।
তেওঁ কয়, আমি বৰ্তমানৰ ভূ-ৰাজনৈতিক স্থিতিৰ উন্নত প্ৰতিফলন থকাটো বিচাৰো। সেয়া নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্যৰ মাজতে হওঁক বা নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যসকলৰ মাজতে হওঁক।
তেওঁ কয় যদিহে নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যৰ সংখ্যা বৃদ্ধিৰ আৱশ্যকতা থাকিব তেন্তে ভাৰত কিয় তাত নাথাকিব তাৰ কাৰণ মই দেখা নাই। উল্লেখ্য যে, ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত স্থায়ী সদস্য হিচাপে আছে আমেৰিকা, চীন, ৰাছিয়া, ব্ৰিটেইন আৰু ফ্ৰান্স। ভাৰতে যোৱা সময়ছোৱাত বহু কেইবাৰ অস্থায়ী সদস্যৰ পদ লাভ কৰিছে যদিও স্থায়ী সদস্য হোৱাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। এই ক্ষেত্ৰত ভাৰতলৈ বহু কেইখন ৰাষ্ট্ৰই সমৰ্থনো আগবঢ়াই আহিছে।
উল্লেখ্য যে, নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্য হোৱাৰ বাবে শ্লোভেনিয়াই প্ৰস্তুতি চলাই আছে। তাৰ মাজতে দেশখনৰ উপ-প্ৰধানমন্ত্ৰী তথা বৈদেশিক মন্ত্ৰীৰো দায়িত্বত থকা ফাজোনে ভাৰত ভ্ৰমণ কৰিছে। এই ভ্ৰমণৰ সময়তে ড০ এছ জয়শংকৰৰ সৈতে হোৱা আলোচনাৰ সময়ত দুয়োগৰাকী নেতাই ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ, মধ্যপ্ৰাচ্যৰ অস্থিৰতাৰ বিষয়েও আলোচনা কৰে। যুদ্ধৰ প্ৰসংগত ফাজোনে কয়, বিশ্বজুৰি শান্তি আৰু স্থিতিশীলতা ৰক্ষাৰ বাবে আমাক শক্তিশালী মিত্ৰৰ প্ৰয়োজন।
ইফালে ভাৰতীয় প্ৰতিষ্ঠানসমূহে শ্লোভেনিয়াত প্ৰতিৰক্ষা উৎপাদনৰ ইংগিত দিছে। তেওঁ কয় আমি মে’ মাহত দিল্লীত ৰাজনৈতিক আলোচনাত বহিম। তাৰোপৰি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ শুল্ক নীতিক লৈয়ো উদ্বেগ প্ৰকাশ কৰি তেওঁ কয়, বাণিজ্য যুদ্ধ কোনো সমাজৰ বাবে উপকাৰী নহয়।